BWF World Championships 2025: পদক নিশ্চিত কৰি ছেমিত প্ৰৱেশ সাত্বিক-চিৰাগ যুটিৰঃ বিদায় ল’লে সিন্ধুৱে

পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত সাত্বিক-চিৰাগে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই মালয়েছিয়াৰ যুটি এৰন চিয়া আৰু ছ’হ ৱুই য়িকক ২১-১২, ২১-১৯ ব্যৱধানত পৰাস্ত কৰি ছেমিৰ পথ প্ৰশস্ত কৰে। ইয়াৰ লগে লগে সাত্বিক-চিৰাগ যুটিৰ কমেও ব্ৰঞ্জৰ পদক নিশ্চিত হৈ পৰে।

BWF World Championships 2025: পদক নিশ্চিত কৰি ছেমিত প্ৰৱেশ সাত্বিক-চিৰাগ যুটিৰঃ বিদায় ল’লে সিন্ধুৱে

সাত্বিক-চিৰাগৰ চমক

Updated On: 

30 Aug 2025 | 08:56 AM

ভাৰতীয় ক্ৰীড়ানুগাৰীক পুনৰ এবাৰ আনন্দৰ সুযোগ দি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে তাৰকা শ্বাটলাৰদ্বয় সাত্ৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে। বেডমিণ্টন বিশ্বৰ অন্যতম চৰ্চিত এই ভাৰতীয় যুটিয়ে পেৰিছত চলি থকা বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৫ত পদক নিশ্চিত কৰিছে। পুৰুষৰ ডাবলছ শাখাত দৰ্শনীয় প্ৰদৰ্শনেৰে ভাৰতীয় যুটিটোৱে প্ৰৱেশ কৰিছে ছেমি ফাইনেলত। ইয়াৰ লগে লগে সাত্বিক-চিৰাগ যুটিৰ কমেও ব্ৰঞ্জৰ পদক নিশ্চিত হৈ পৰে।

পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত সাত্বিক-চিৰাগে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই মালয়েছিয়াৰ যুটি এৰন চিয়া আৰু ছ’হ ৱুই য়িকক ২১-১২, ২১-১৯ ব্যৱধানত পৰাস্ত কৰি ছেমিৰ পথ প্ৰশস্ত কৰে। ইয়াৰ লগে লগে সাত্বিক-চিৰাগ যুটিয়ে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেল আৰু ২০২২ চনত বিশ্ব চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত মালয়েছিয়ান যুটিটোৰ বিৰুদ্ধে সন্মুখীন হোৱা পৰাজয়ৰো প্ৰতিশোধ পূৰ কৰে।

লক্ষণীয়ভাৱে ইতিপূৰ্বে ২০২২ চনতো বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল সাত্ৱিক আৰু চিৰাগে। কিন্তু এৰন চিয়া আৰু ছ’হ ৱুই য়িকৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ভাৰতীয় যুটিটো। এই পৰাজয়ৰ বাবে উক্তবাৰ সাত্বিক-চিৰাগ ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ’বলগীয়া হৈছিল। এইবাৰ স্বাভাৱিকতেই দুয়ো যিকোনো মূল্যৰ বিনিময়ত পদকৰ ৰং সলনি কৰিব বিচাৰিব।

সাত্বিক-চিৰাগে চেমিত প্ৰৱেশ কৰাৰ লগে লগে ভাৰতে ২০১১ চনৰ পৰা বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত দেখুৱাই অহা পদকৰ ধাৰাবাহিকতাও অক্ষুণ্ণ থাকে। উল্লেখ্য যে মালয়েছিয়ান যুটীটোৰ বিৰুদ্ধে ১৫খন মেচত সাত্বিক-চিৰাগৰ এয়া কেৱল চতুৰ্থ জয়। এতিয়া ছেমিফাইনেলত সাত্ৱিক আৰু চিৰাগ যুটি বিশ্বৰ ১১ নং স্থানৰ লি ইউ আৰু চীনৰ বো ইয়াং চেনৰ বিৰুদ্ধে মুখামুখি হ’ব।

অৱশ্যে এই দুই তাৰকাৰ সফলতাৰ বিপৰীতে প্ৰতিযোগিতাত নিজৰ অভিযানৰ অন্ত পেলাইছে পি ভি সিন্ধুৱে। কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে ইণ্ডোনেছিয়াৰ পুত্ৰী কুছুমা ৱাৰ্ডানীৰ বিৰুদ্ধে ১৪-২১, ২১-১৩, ১৬-২১ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয়। এইদৰে বিশ্ব চেম্পিয়নশ্বিপত এই পৰ্যন্ত ৫টা পদক জয় কৰা সিন্ধুৰ ষষ্ঠটো পদক জয়ৰ আশা নিৰ্বাপিত হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...