Jwala Gutta: জ্বালা গুট্টাই দান কৰিলে ৩০ লিটাৰ মাতৃদুগ্ধ, এই পদক্ষেপৰ আঁৰৰ কাৰণ জানি হ’ব আচৰিত!

বেডমিণ্টনত ভাৰতৰ হৈ বহু পদক লাভ কৰা বিখ্যাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টাই মাতৃ হোৱাৰ পিছত বিশেষ পদক্ষেপ হাতত লৈছে, যিটো অতিশয় প্ৰশংসনীয়। জ্বালা গুট্টাই দৈনিক নিজৰ মাতৃদুগ্ধ দান কৰে, ইয়াৰ আঁৰৰ কাৰণ জানক।

Jwala Gutta: জ্বালা গুট্টাই দান কৰিলে ৩০ লিটাৰ মাতৃদুগ্ধ, এই পদক্ষেপৰ আঁৰৰ কাৰণ জানি হব আচৰিত!

জ্বালা গুট্টাই দান কৰিলে ৩০ লিটাৰ মাতৃদুগ্ধ

Published: 

13 Sep 2025 | 09:04 AM

ভাৰতৰ বিখ্যাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টাই আৰম্ভ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। শেহতীয়াকৈ মাতৃ হোৱা জৱালা জ্বালা গুট্টাই প্ৰতিদিনে ৬০০ মিলিলিটাৰ গাখীৰ চৰকাৰী চিকিৎসালয়ত দি আহিছে। বেডমিণ্টন ক’ৰ্টত দেশৰ হৈ বহু পদক লাভ কৰা জ্বালাই এতিয়া কণ কণ শিশুৰ জীৱন ৰক্ষা কৰিছে। মাতৃ নথকা সেই নৱজাত শিশুক সহায় কৰিবলৈ জ্বালা গুট্টাই আগবাঢ়ি আহিছে। খবৰ অনুসৰি এতিয়ালৈকে ৩০ লিটাৰ মাতৃদুগ্ধ দান কৰিছে। যোৱা চাৰিমাহ ধৰি তেওঁ শিশুৰ বাবে প্ৰতিদিনে এই কাম কৰি আছে।

জ্বালা গুট্টাৰ দান

শেহতীয়াকৈ জ্বালা গুট্টা মাতৃ হৈছে। ২০২১ চনৰ ২২ এপ্ৰিলত অভিনেতা বিষ্ণু বিনোদৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু চাৰি বছৰৰ মূৰত মাতৃ হয়। তেওঁ নিজৰ কেঁচুৱাক খুৱাই আৰু বাকী থকা গাখীৰ দান কৰে। ভাৰতত প্ৰথমবাৰৰ বাবে এজন খেলুৱৈয়ে এনে পদক্ষেপ গ্ৰহণ কৰিছে, যিটো সঁচাকৈয়ে প্ৰেৰণাদায়ক।

মাতৃৰ দুগ্ধ সন্তানৰ বাবে অমৃতৰ দৰে। মাতৃৰ গাখীৰত শিশুৰ বিকাশৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান থাকে। ইয়াৰ ফলত শিশুৰ এলাৰ্জী, হাঁপানী আৰু মেদবহুলতাৰ সম্ভাৱনা হ্ৰাস পায়।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...