অভেদ্য প্ৰাচীৰ গঢ়ি পাৰ্থত চমক জয়ছোৱালৰঃ স্পৰ্শ গাভাস্কাৰৰ কৃতিত্ব

চলিত পাৰ্থ টেষ্টত কেংগাৰু বাহিনীৰ শক্তিশালী বলিং আক্ৰমণৰ সন্মুখত দৃঢ়তাৰে থিয় দি নিজৰ ইনিংছ আগবঢ়াই নিয়া জয়ছোৱাল এতিয়া ঘৰুৱা দলটোৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। কালিৰ অপৰাজিত ৯০ ৰানৰ পৰা আজি পুৱা পুনৰ ইনিংছ আৰম্ভ কৰি সম্পূৰ্ণ কৰে চমকপ্ৰদ শতক। এই শতকৰ লগে লগে যশস্বী জয়ছোৱালে এক অনন্য কৃতিত্ব অৰ্জন কৰে।

অভেদ্য প্ৰাচীৰ গঢ়ি পাৰ্থত চমক জয়ছোৱালৰঃ স্পৰ্শ গাভাস্কাৰৰ কৃতিত্ব

পাৰ্থত জয়ছোৱালৰ চমক

Updated On: 

24 Nov 2024 11:31 AM

ভাৰতৰ নতুন ৰান মেচিন হিচাপে ক্ৰিকেট বিশ্বত পৰিচিত হৈ পৰিছে যশস্বী জয়ছোৱাল। ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি যুৱ তাৰকাগৰাকীয়ে প্ৰতিটো ফৰ্মেটতে ৰান সংগ্ৰহ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। পিছে ‘SENA countries’ত টেষ্টত প্ৰত্যাশিত প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হোৱাৰ বাবে কিছু সমালোচনাৰো সন্মুখীন হৈছিল যশস্বী। এনে সমালোচনাক গত সময়ছোৱাত আওকাণ কৰি আহিছিল যুৱ তাৰকাগৰাকীয়ে। নিৰৱে চলাইছিল প্ৰস্তুতি। আৰু অষ্ট্ৰেলিয়াত নিজৰ বেটেৰে এই সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দি সমালোচকৰ মুখ বন্ধ কৰিলে যশস্বী জয়ছোৱালে।

কেংগাৰু বাহিনীৰ শক্তিশালী বলিং আক্ৰমণৰ সন্মুখত দৃঢ়তাৰে থিয় দি নিজৰ ইনিংছ আগবঢ়াই নিয়া জয়ছোৱাল এতিয়া ঘৰুৱা দলটোৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে। জয়ছোৱালৰ ধৈৰ্য আৰু মাৰাথান বেটিঙত দিশহাৰা হৈ পৰা অষ্ট্ৰেলিয়াই এতিয়া প্ৰায় হেৰুৱাই পেলাইছে জয়ৰ আশা। ক্ৰীজত প্ৰাচীৰ হৈ থিয় দিয়া যুৱ তাৰকাগৰাকীয়ে কালিৰ অপৰাজিত ৯০ ৰানৰ পৰা আজি পুৱা পুনৰ ইনিংছ আৰম্ভ কৰি সম্পূৰ্ণ কৰে চমকপ্ৰদ শতক।

এইপৰ্যন্ত ক্ৰীজত খোপনি পুতি থকা জয়ছোৱালে বাতৰি লিখাৰ পৰলৈ সংগ্ৰহ কৰিছে ১৫৫ ৰান। লক্ষণীয়ভাৱে অষ্ট্ৰেলিয়ান ভূমিত জয়ছোৱালৰ এয়া প্ৰথমখন টেষ্ট মেচ। প্ৰথমটো ইনিংছত কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে পেভিলিয়নলৈ উভতা জয়ছোৱালে প্ৰথম ইনিংছৰ ব্যৰ্থতা পাহৰি দ্বিতীয় ইনিংছত স্বভাৱসিদ্ধ শৈলীৰে উজলি উঠে আৰু এই চমকপ্ৰদ বেটিঙেৰে নিজৰ প্ৰতিভা পুনৰ এবাৰ প্ৰমাণ কৰে।

নিজৰ আক্ৰমণাত্মক মনোভাৱ নিয়ন্ত্ৰণ কৰি ক্ৰীজত দৃঢ়তাৰে খেলাৰ সিদ্ধান্ত লৈ ধৈৰ্যসহকাৰে ইনিংছ আগবঢ়াই নিয়া জয়ছোৱালে আজি ২০৫ বলত শতক সম্পূৰ্ণ কৰে। এই শতকৰ লগে লগে যশস্বী জয়ছোৱালে এক অনন্য কৃতিত্ব অৰ্জন কৰে। এম এল জয়সিংহ আৰু সুনীল গাভাস্কাৰৰ পিছত অষ্ট্ৰেলিয়াৰ মাটিত খেলা কেৰিয়াৰৰ প্ৰথমখন টেষ্টত শতক অৰ্জন কৰা তৃতীয়জন ভাৰতীয় হিচাপে পৰিগণিত হৈছে জয়ছোৱাল।

তদুপৰি তেওঁ অষ্ট্ৰেলিয়াত শতক অৰ্জন কৰা চতুৰ্থতম কনিষ্ঠ ভাৰতীয় হিচাপেও স্বীকৃত হয়। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়ছোৱালৰ সামগ্ৰিকভাৱে এয়া কেৰিয়াৰৰ প্ৰথমটো  শতক আৰু বিদেশৰ মাটিত দ্বিতীয়টো শতক। ইয়াৰ পূৰ্বে যশস্বীয়ে ৱেষ্ট ইণ্ডিজতো শতক অৰ্জনেৰে উজলি উঠিছিল। এই শতক আছিল তেওঁৰ টেষ্ট কেৰিয়াৰৰ প্ৰথমটো শতক। ইফালে আজিৰ ইনিংছটোৰ সময়ত জয়ছোৱালে টেষ্টত ১৫০০ ৰান সম্পূৰ্ণ কৰে।

কেৰিয়াৰৰ ১৫ সংখ্যক টেষ্টত এই মাইলষ্ট’ন স্পৰ্শ কৰিছে জয়ছোৱালে। উল্লেখ্য যে সততে নিজৰ আক্ৰমণাত্মক বেটিং শৈলীৰ বাবে ক্ৰিকেট বিশ্বত নিজৰ এক পৰিচয় দাঙি ধৰিছে জয়ছোৱালে। কিন্তু অষ্ট্ৰেলিয়াৰ বিপক্ষে চলিত পাৰ্থ টেষ্টত যুৱ তাৰকাগৰাকীয়ে প্ৰমাণ কৰি দেখুৱালে যে  বিস্ফোৰক বেটিঙেৰে প্ৰতিপক্ষক শলঠেকত পেলোৱাই নহয়, ক্ৰীজত ধৈৰ্যশীল বেটিঙেৰে বিপক্ষৰ বলাৰক দিশহাৰা কৰি তোলাতো তেওঁ সমানেই সক্ষম।

Related Stories
Morning News: সমাজ-ৰাজনীতিৰ পৰা ক্ৰীড়ালৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…
নিজকে কিয় ইমান শাস্তি দিলে পণ্টে! ইংলেণ্ডৰ বিপক্ষে শৃংখলাৰ মাজতে পোহৰলৈ এনে তথ্য
এয়া অপ্ৰয়োজনীয়! ‘ছমাৰছল্ট চেলিব্ৰেশ্যন’ক লৈ পণ্টৰ প্ৰত্যাৱৰ্তনৰ আঁৰৰ নায়কজনেই দিলে এই পৰামৰ্শ
এটা মাত্ৰ ইনষ্টাগ্ৰাম পোষ্টৰ বাবে কোহলীয়ে কিমান ধন লাভ কৰে জানেনে! শুনিলে আচৰিত হ’ব আপুনি
ভাৰত-ইংলেণ্ডৰ টেষ্ট মেচৰ মাজতে বেয়া খবৰ! কিংবদন্তি খেলুৱৈৰ মৃত্যু, অৰ্জন কৰিছিল ৮৬টা শতক, ৪১,০০০ ৰো অধিক ৰান…
প্ৰৱঞ্চনা, শাৰীৰিক-মানসিক হাৰাশাস্তি…RCBৰ তাৰকা খেলুৱৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল মহিলাৰ
মৃতকৰ ভোজ খোৱা ভাল নে বেয়া? ক'লে প্ৰেমানন্দ মহাৰাজে...
নিমিষতে নাইকীয়া হ'ব শুকান কাহ, গ্ৰহণ কৰক এইসমূহ ঘৰুৱা উপায়...
গ্ৰীষ্মকালত গেছৰ সমস্যাৰ পৰা উপশম পাবলৈ খাওক এইবোৰ ফল
ছালৰ যত্নৰ পৰা বাচনৰ দাগ আঁতৰ কৰালৈ,,, কণীৰ বাকলিৰ উপকাৰিতা...