বক্সিং ডে’ টেষ্টৰ পূৰ্বে ভাৰতীয় শিবিৰত সংকট! দেখা নাযাব নেকি ৰাহুলক?

অহা ২৬ জানুৱাৰীৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলিত টেষ্ট শৃংখলাৰ চতুৰ্থখন মেচ। এই মেচখনৰ বাবে ভাৰতীয় দলে তীব্ৰ প্ৰস্তুতি চলাইছে। পিছে অনুশীলনৰ সময়তে ভাৰতীয় অনুৰাগীৰ বাবে এক চিন্তনীয় দৃশ্য দেখিবলৈ পোৱা গৈছে। আঘাত লাভ কৰিছে শৃংখলাত ভাৰতীয় দলৰ আটাইতকৈ সফল বেটাৰ কে এল ৰাহুলে।

বক্সিং ডে’ টেষ্টৰ পূৰ্বে ভাৰতীয় শিবিৰত সংকট! দেখা নাযাব নেকি ৰাহুলক?

বক্সিং ডে’ টেষ্টত দেখা নাযাব নেকি ৰাহুলক!

Published: 

21 Dec 2024 | 05:47 PM

সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ আটাইতকৈ প্ৰতিদ্বন্দিতাপূৰ্ণ দ্বিপাক্ষিক টেষ্ট হিচাপে চৰ্চিত হয় ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা এই টেষ্ট শৃংখলাৰ চলিত সংস্কৰণত ইতিমধ্যে তিনিখন মেচ সম্পন্ন হৈছে। দুয়োটা দলেই এখনকৈ মেচত জয়লাভ কৰাৰ বিপৰীতে এখন টেষ্ট ড্ৰ’ হৈছে। অহা ২৬ জানুৱাৰীৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হ’ব চতুৰ্থখন মেচ। এই বক্সিং ডে‘ টেষ্টৰ লগতে অন্তিমখন টেষ্টৰ বাবে ইতিমধ্যে ঘৰুৱা দল অষ্ট্ৰেলিয়াই দল ঘোষণা কৰিছে।

ইফালে প্ৰথমখন টেষ্টত জয়ী হ’লেও শেহতীয়া দুখন টেষ্টত ভাৰতীয় দলে আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈছে। বিশেষকৈ ভাৰতীয় দলৰ বেটিং বিভাগ এই দুখন মেচত প্ৰায় ব্যৰ্থ হৈছে। এনে পৰিস্থিতিত চতুৰ্থখন মেচৰ বাবে ভাৰতীয় দলে তীব্ৰ প্ৰস্তুতি চলাইছে। আজি নেট অনুশীলনত ভাৰতীয় খেলুৱৈসকলক অত্যন্ত ব্যস্ত থকা দেখিবলৈ পোৱা গৈছে। পিছে অনুশীলনৰ সময়তে ভাৰতীয় অনুৰাগীৰ বাবে এক চিন্তনীয় দৃশ্য দেখিবলৈ পোৱা গৈছে।

নেট অনুশীলনৰ সময়তে ভাৰতীয় শিবিৰত দেখা দিছে আঘাতৰ সমস্যাই। চলিত এই শৃংখলাটোত ভাৰতীয় দলৰ অপেনিং বেটাৰ হিচাপে ভূমিকা পালন কৰাৰ লগতে দলৰ আটাইতকৈ সফল বেটাৰ হিচাপে পৰিগণিত হোৱা কে এল ৰাহুল আজি অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হৈ্ছে। নেটত বেটিং কৰি থকাৰ সময়ত সোঁহাতত আঘাত পাইছে ৰাহুলে। ৰাহুলৰ নেট অনুশীলনৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত।

এই ভিডিঅ’টোত ৰাহুলক ফিজিঅ’ৰ পৰা চিকিৎসা গ্ৰহণ কৰি থকা দেখিবলৈ পোৱা গৈছে। অৱশ্যে তেওঁৰ আঘাত কিমান গুৰুতৰ সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। গতিকে বক্সিং ডে’ টেষ্টত ৰাহুল ভাৰতীয় দলৰ অংশ হ’ব নে নহয়, সেই বিষয়ে নিশ্চিত তথ্য পোহৰলৈ অহা নাই। অৱশ্যে এই আঘাতৰ পৰা আৰোগ্য হোৱাৰ বাবে বক্সিং ডে’ টেষ্টলৈ এতিয়াও মাজত পাঁচটা দিন আছে। এই সময়ছোৱাৰ ভিতৰত ৰাহুল সুস্থ হোৱাৰ আশা কৰিছে সকলোৱে।

উল্লেখ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা এই শৃংখলাত ট্ৰেভিছ হেডে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে। হেডে ৮১.৮০ গড়ে ৪০৯ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ৪৭ গড়ে ২৩৫ ৰান সংগ্ৰহ কৰি ৰাহুল এই ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। হেড আৰু ৰাহুলৰ বাদে এতিয়ালৈকে শৃংখলাত আন কোনো ভাৰতীয় বা অষ্ট্ৰেলিয়ান বেটাৰে ২০০ ৰানৰ সীমা অতিক্ৰম কৰিব পৰা নাই। গতিকে ৰাহুলৰ আঘাত যদি গুৰুতৰ হয়, সেয়া ভাৰতৰ বাবে নিশ্চিতভাৱে শংকাৰ খবৰ হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...