বিশ্বকাপ জয়ৰ পুৰস্কাৰ পালে ভাৰতীয় মহিলা ক্ৰিকেটে, বিচিচিআইয়ে ল’লে এনে পদক্ষেপ

ভাৰতীয় মহিলা ক্ৰিকেট দলে শেহতীয়াকৈ ইতিহাস সৃষ্টি কৰি প্ৰথমটো আইচিচি খিতাপৰ ৰূপত দখল কৰে এদিনীয়া বিশ্বকাপ ২০২৫। ভাৰতীয় দলৰ এই অনন্য সাফল্য উদযাপন কৰে দেশৰ প্ৰতিজন ক্ৰিকেটপ্ৰেমীয়ে। মহিলা ক্ৰিকেট দলৰ এই সাফল্যৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এতিয়া মহিলা খেলুৱৈসকলক এক উল্লেখযোগ্য উপহাৰ প্ৰদান কৰিছে।

বিশ্বকাপ জয়ৰ পুৰস্কাৰ পালে ভাৰতীয় মহিলা ক্ৰিকেটে, বিচিচিআইয়ে ল’লে এনে পদক্ষেপ

বিশ্বকাপজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দল

Updated On: 

23 Dec 2025 09:43 AM

চলিত বৰ্ষটো উত্থান-পতনৰ মাজৰে আগবাঢ়িছে ভাৰতীয় ক্ৰিকেট। বিশেষকৈ ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে এই বছৰটো হৈ পৰে অনন্য সফল। হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় মহিলা ক্ৰিকেট দলে শেহতীয়াকৈ ইতিহাস সৃষ্টি কৰি প্ৰথমটো আইচিচি খিতাপৰ ৰূপত দখল কৰে এদিনীয়া বিশ্বকাপ ২০২৫। ভাৰতীয় দলৰ এই অনন্য সাফল্য উদযাপন কৰে দেশৰ প্ৰতিজন ক্ৰিকেটপ্ৰেমীয়ে। মহিলা ক্ৰিকেট দলৰ এই সাফল্যৰ পিছত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এতিয়া মহিলা খেলুৱৈসকলক এক উল্লেখযোগ্য উপহাৰ প্ৰদান কৰিছে।

বিচিচিআইয়ে মহিলা ঘৰুৱা ক্ৰিকেটাৰৰ মেচ মাচুলৰ ক্ষেত্ৰত এক ঐতিহাসিক পৰিৱৰ্তন সাধন কৰিছে। ঘৰুৱা ক্ৰিকেটত সম মেচ মাচুলৰ সিদ্ধান্ত লৈ বিচিচিআইয়ে এতিয়া মহিলা ক্ৰিকেটাৰ আৰু মেচ অফিচিয়েলৰ মেচ মাচুল দুগুণতকৈও অধিক বৃদ্ধি কৰিছে। এতিয়া ঘৰুৱা ক্ৰিকেটত মহিলা ক্ৰিকেটাৰসকলৰ মেচ মাচুলো পুৰুষ খেলুৱৈৰ সমান হ’ব।

মহিলা খেলুৱৈয়ে লাভ কৰিব ইমান ধন

নতুন সিদ্ধান্ত অনুসৰি এতিয়া ঘৰুৱা এদিনীয়া আৰু ৰেড বল মেচত মূল একাদশত থকা মহিলা খেলুৱৈয়ে প্ৰতিদিনে ৫০ হাজাৰ টকা লাভ কৰিব। আনহাতে ৰিজাৰ্ভ খেলুৱৈয়ে প্ৰতিখন মেচতে ২৫ হাজাৰ টকাকৈ লাভ কৰিব। ইফালে টি-২০ মেচৰ বাবে মূল একাদশৰ খেলুৱৈয়ে ২৫,০০০ টকা আৰু ৰিজাৰ্ভ খেলুৱৈয়ে প্ৰতিখন মেচত ১২,৫০০ টকা লাভ কৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে মূল একাদশত থকা জ্যেষ্ঠ মহিলা খেলুৱৈয়ে প্ৰতিদিনে ২০ হাজাৰ টকা আৰু ৰিজাৰ্ভ খেলুৱৈয়ে ১০ হাজাৰ টকা লাভ কৰিছিল। এইদৰে ভাৰতীয় মহিলা ক্ৰিকেটাৰসকলে এতিয়া পূৰ্বৰ তুলনাত অধিক পাৰিশ্ৰমিক লাভ কৰিব। নিশ্চিতভাৱে এয়া মহিলা ক্ৰিকেটৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ বিবেচিত হ’ব।

জুনিয়ৰ স্তৰৰ মেচৰ মাচুলতো পৰিৱৰ্তন

জুনিয়ৰ পৰ্যায়ৰ প্ৰতিযোগিতাতো এতিয়া সম পাৰিশ্ৰমিকৰ নীতি কাৰ্যকৰী কৰা হৈছে। ৰেড বল বা এদিনীয়া মেচত মূল একাদশত থকা খেলুৱৈসকলে প্ৰতিদিনে ২৫,০০০ টকা আৰু ৰিজাৰ্ভ খেলুৱৈয়ে ১২,৫০০ টকা লাভ কৰিব। টি-২০ মেচৰ মূল একাদশৰ খেলুৱৈয়ে ১২,৫০০ টকা আৰু ৰিজাৰ্ভ খেলুৱৈয়ে ৬,২৫০ টকা লাভ কৰিব।

আনহাতে, এই নতুন সিদ্ধান্তৰ ফলত আম্পায়াৰ, মেচ ৰেফাৰীকে ধৰি মেচৰ বিষয়াসকলো লাভৱান হ’ব। ঘৰুৱা প্ৰতিযোগিতাত লীগ মেচৰ বাবে আম্পায়াৰ আৰু মেচ ৰেফাৰীক প্ৰতিদিনে ৪০,০০০ টকা দিয়া হ’ব। নকআউট মেচৰ বাবে দৈনিক দৰমহা ৫০ হাজাৰৰ পৰা ৬০ হাজাৰ টকাৰ ভিতৰত হ’ব।

আপোনাৰ কলেষ্টেৰলৰ সমস্যা হ্ৰাস কৰিব পাৰে তুলসীয়ে! জানি লওক ব্যৱহাৰৰ সঠিক উপায়
প্ৰতিদিনে পুৱা তুলসী পানী খালে শৰীৰৰ কি কি লাভ হয়? জানক...
এই ৫ বিধ খাদ্যই দুৰ্বল কৰে মগজু! জানক সকলো...
ব্লাড চুগাৰৰ মাত্ৰা হঠাতে হ্ৰাস পালে কি কৰিব! এতিয়াই জানি লওক এইবিষয়ে
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...