তাৰকাৰ ব্যৰ্থতাৰ মাজতে ৰঞ্জীত চৰ্চাত এজন কিশোৰঃ গাংগুলীৰ অভিলেখ ভংগ দশম শ্ৰেণীৰ অংকিতৰ

ভাৰতীয় ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীৰ চলিত ছিজনৰ দ্বিতীয়াৰ্ধ আজিৰ পৰা আৰম্ভ হৈছে। প্ৰতিযোগিতাখনত আজি হাৰিয়ানাৰ বিৰুদ্ধে মেচত এগৰাকী কিশোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। দশম শ্ৰেণইিত অধ্যয়নৰত এই কিশোৰগৰাকীয়ে আজি ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি তাৰকা সৌৰভ গাংগুলীৰ নামত থকা এক অভিলেখ ভংগ কৰিছে।

তাৰকাৰ ব্যৰ্থতাৰ মাজতে ৰঞ্জীত চৰ্চাত এজন কিশোৰঃ গাংগুলীৰ অভিলেখ ভংগ দশম শ্ৰেণীৰ অংকিতৰ

অংকিত চেটাৰ্জী

Published: 

23 Jan 2025 | 08:31 PM

ভাৰতীয় ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীৰ চলিত ছিজনৰ দ্বিতীয়াৰ্ধ আজিৰ পৰা আৰম্ভ হৈছে। এইবাৰ ৰঞ্জীত দেখা গৈছে ভাৰতীয় ক্ৰিকেটৰ ৰথী-মহাৰথীসকলকো। বিচিচিআইয়ে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বাবেই ঘৰুৱা ক্ৰিকেটত অংশ ল’বলৈ বাধ্য হৈছে তাৰকা ক্ৰিকেটাৰসকলো। তেনে পৰিস্থিতিত স্বাভাৱিকতেই ভাৰতীয় ক্ৰিকেটৰ প্ৰতিগৰাকী অনুৰাগীয়েই আজি এই তাৰকাসকলৰ ওপৰতে চকু ৰাখিছিল। কিন্তু আজি প্ৰথম দিনাই ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাকে ধৰি ভাৰতীয় দলৰ অধিকাংশ তাৰকা খেলুৱৈয়েই ব্যৰ্থ হয়।

জাতীয় দলৰ তাৰকাসকলৰ ব্যৰ্থতাৰ বিপৰীতে ৰঞ্জীত আজি এগৰাকী কিশোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। এই কিশোৰগৰাকীয়ে আজি ৰঞ্জী ট্ৰফীত অনন্য অভিলেখ নিজৰ নামত সংযোজন কৰিছে। চৰ্চালৈ অহা এই কিশোৰগৰাকীৰ নাম অংকিত চেটাৰ্জী। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তি তাৰকা সৌৰভ গাংগুলীৰ নামত থকা অভিলেখ ভংগ কৰিছে অংকিতে। ৰঞ্জী ট্ৰফীৰ গ্ৰুপ পৰ্যায়ৰ মেচত হাৰিয়ানাৰ সন্মুখীন হৈছে পশ্চিম বংগ।

এই মেচখনত বংগৰ বলিং আক্ৰমণত দিশহাৰা হৈ হাৰিয়ানাই মাত্ৰ ১৫৭ ৰানতে প্ৰথম ইনিংছ সামৰিবলৈ বাধ্য হয়। বংগৰ বলাৰৰ এই চমকৰ পূৰ্বেই অংকিত চেটাৰ্জীয়ে গঢ়ি তোলে এক বিশেষ অভিলেখ গঢ়িছিল। মেচখনৰ বাবে বংগৰ মূল একাদশত স্থান পোৱাৰ লগে লগে অংকিত বংগৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয়। অপেনিং বেটাৰ অংকিতৰ এই সময়লৈ বয়স মাত্ৰ ১৫ বছৰ আৰু ৩৬১ দিন।

অংকিতে এইদৰে বংগৰ সৰ্বশ্ৰেষ্ঠ তাৰকা তথা প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলীৰ অভিলেখ ভংগ কৰে। ৩৫ বছৰ পূৰ্বে ১৭ বছৰ বয়সত ১৯৯০ চনৰ ৰঞ্জী ট্ৰফীত অভিষেক ঘটাইছিল গাংগুলীয়ে। লক্ষণীয়ভাৱে গাংগুলীৰ অভিষেক মেচখন আছিল ছিজনটোৰ ফাইনেল আৰু এইদৰে তেওঁ বংগৰ খিতাপ জয়ৰ অংশও হৈ পৰিছিল। ইফালে আজি গ্ৰুপ মেচত অভিষেক ঘটোৱা অংকিতে দিনটোৰ খেল সামৰণিৰ পৰলৈ ৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।

উল্লেখ্য যে বৰ্তমান অংকিত বংগৰ এখন বিদ্যালয়ত দশম শ্ৰেণীত অধ্যয়ন কৰি আছে। শেহতীয়াকৈ তেওঁ ভিনু মানকাদ ট্ৰফীত নিজৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰিছিল। এই প্ৰতিযোগিতাত তেওঁ ৪২ গড়ে ৩৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ উপৰিও বিগত বৰ্ষৰ কোচ বেহাৰ ট্ৰফীত তেওঁ ৪১ গড়ে ৩২৫ ৰান সংগ্ৰহ কৰি ক্ৰিকেট বিশেষজ্ঞৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

শনিদেৱৰ পূজাত এইবোৰ অন্তৰ্ভুক্ত নকৰিব এইবোৰ বস্তু, অভাৱে দেখা দিব আপোনাক!
সৰস্বতী পূজা কেতিয়া? জানক শুভ সময়ৰ বিষয়ে...
পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে