BCCI য়ে আয়োজন কৰিবলগীয়া বিশ্বকাপৰ মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত, আহিবনে পাকিস্তানী ক্ৰিকেট দল? জানক সবিশেষ

ক্ৰিকেট প্ৰেমীৰ বাবে সুখবৰ। কিয়নো গুৱাহাটীত অনুষ্ঠিত হ'ব বিশ্বকাপৰ মেচ। BCCI য়ে আয়োজন কৰিবলগীয়া এই মেচ গুৱাহাটীৰ লগতে আন ৪ টা স্থানত হ'ব।

BCCI য়ে আয়োজন কৰিবলগীয়া বিশ্বকাপৰ মেচ অনুষ্ঠিত হব গুৱাহাটীত, আহিবনে পাকিস্তানী ক্ৰিকেট দল? জানক সবিশেষ

মহিলা বিশ্বকাপ

Published: 

23 Mar 2025 18:26 PM

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)য়ে আয়োজন কৰিব আই চি চি মহিলা বিশ্বকাপ ২০২৫ (ICC Women world cup 2025)। সম্ভৱতঃ ছেপ্টেম্বৰ এই বিশ্বকাপৰ মেচ অনুষ্ঠিত হ’ব। এই মেগা ইভেন্টৰ অপেনিং মেচ ভিজাগত অনুষ্ঠিত হ’ব। অৱশ্যে এই পৰ্যন্ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (ICC)য়ে এই খেলৰ সময়সূচী জাৰি কৰা নাই।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ভাৰতৰ ভিজাগ, পঞ্জাৱ মুল্লনপুৰ, ইন্দোৰ, ত্ৰিবেন্দ্ৰম, আৰু গুৱাহাটীত মহিলা বিশ্বকাপৰ খেল অনুষ্ঠিত হ’ব। শনিবাৰে কলকাতাত বিচিচিআইৰ শীৰ্ষ পৰিষদৰ বৈঠকৰ সময়ত বতৰৰ পৰিস্থিতি আৰু অন্য দিশৰ ওপৰত লক্ষ্য ৰাখি সিদ্ধান্ত গ্ৰহণ কৰে যে,  এই টুৰ্ণামেন্ট প্ৰায় ৩ সপ্তাহ ৫ টা ভিন্ন স্থানত অনুষ্ঠিত হ’ব।

জানিব পৰা মতে, ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব এই মেগা ইভেন্ট। পাকিস্তান দলটোৱে তেওঁলোকৰ আটাইকেইখন খেল শ্ৰীলংকাত খেলিব। উল্লেখ্য যে, ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আইচিচি, বিচিচিআই, আৰু পিচিবিয়ে সহমতত উপনীত হৈছিল আৰু এই খেল হাইব্ৰীড মডেলত অনুষ্ঠিত কৰিছিল। ভাৰতে আটাইকেইখন খেল ডুবাইত খেলিছিল। সেই চুক্তিৰ অংশ হিচাপে ভাৰতে আয়োজন কৰা ভৱিষ্যতৰ আই চি চি ইভেণ্টত পাকিস্তানৰ মেচসমূহো নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব বুলিও বিচিচিআইয়ে সন্মতি প্ৰকাশ কৰিছিল।

উল্লেখ্য যে, ৯-১৯ এপ্ৰিলৰ ভিতৰত পাকিস্তানত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপ কোৱালিফায়াৰ ২০২৫। যদিহে এই কোৱালিফায়াৰ মেচ জয়লাভ কৰিলেহে পাকিস্তানে বিশ্বকাপত অংশ গ্ৰহণ কৰিব পাৰিব। ৬ টা দলৰ টুৰ্ণামেন্টত শীৰ্ষ দুটা দলে এই বছৰৰ শেষত হ’বলগীয়া ৫০ অভাৰৰ বিশ্বকাপত ত্ৰয়োদশ সংস্কৰণত জয়লাভ কৰিবলৈ সক্ষম হব।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানত আন এখন ICC টুৰ্ণামেন্টৰ আয়োজন! এইবাৰ কি হ’ব ভাৰতৰ সিদ্ধান্ত…

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?