ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীয়েই হ’ব অন্তিম শৃংখলা! গম্ভীৰ প্ৰসঙ্গত কঠোৰ হ’ব পাৰে বিচিচিআই

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত লজ্জাজনক পৰাজয়ৰ ব্যথা সামৰি ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। এই টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় দল সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। এক প্ৰতিবেদন অনুসৰি অষ্ট্ৰেলিয়া ভ্ৰমণেই ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ অন্তিম শৃংখলা হ’ব পাৰে।

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীয়েই হ’ব অন্তিম শৃংখলা! গম্ভীৰ প্ৰসঙ্গত কঠোৰ হ’ব পাৰে বিচিচিআই

অপসাৰিত হ’ব পাৰে গম্ভীৰ

Published: 

09 Nov 2024 13:25 PM

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত লজ্জাজনকভাৱে হোৱাইট ৱাছ হোৱাৰ পিছতে ভাৰতীয় ক্ৰিকেট দলত আভ্যন্তৰীণ জোকাৰণিৰ সৃষ্টি হৈছে। এই শোচনীয় পৰাজয়ৰ পাছত ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈৰ লগতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক কেন্দ্ৰ কৰি যথেষ্ট আলোচনা-সমালোচনাৰ সৃষ্টি হৈছে। গম্ভীৰৰ দক্ষতাক লৈয়ো ব্যাপক প্ৰশ্ন উত্থাপন হৈছে। এনে আলোচনা-সমালোচনাৰ মাজতে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণলৈ সাজু হৈছে ভাৰতীয় ক্ৰিকেট দল। অহা ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই টেষ্ট শৃংখলাৰ পূৰ্বে ভাৰতীয় দল সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ খবৰ ওলাইছে।

এক প্ৰতিবেদন অনুসৰি অষ্ট্ৰেলিয়া ভ্ৰমণেই ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰৰ অন্তিম শৃংখলা হ’ব পাৰে। এই শৃংখলাতে গম্ভীৰে নিজকে প্ৰমাণ কৰাৰ বাবে অন্তিম সুযোগ পাব আৰু যদি অষ্ট্ৰেলিয়াতো ভাৰতীয় দলৰ প্ৰদৰ্শন উন্নত নহয় তেন্তে বিচিচিআইয়ে গম্ভীৰসহ তেওঁৰ সহযোগী প্ৰশিক্ষক-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব পাৰে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

টি-২০ বিশ্বকাপ জয়েৰে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে নিজ কাৰ্যকালৰ সামৰণি মাৰিছিল ৰাহুল দ্ৰাবিড়ে আৰু ইয়াৰ পিছত তেওঁৰ স্থানত গৌতম গম্ভীৰক দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে বিচিচিআইয়ে। গম্ভীৰৰ আমোলত ভাৰতীয় দলৰ সাফল্য লাভৰ আশা কৰা হৈছিল যদিও তেওঁৰ নিযুক্তিৰ পিছৰে পৰা ভাৰতীয় দল শোচনীয় ফলৰ সন্মুখীন হ’বলগীয়া হৈছে। প্ৰথমে শ্ৰীলংকাৰ বিপক্ষে এদিনীয়া শৃংখলা আৰু এতিয়া নিজ দেশতে নিউজিলেণ্ডৰ বিপক্ষে টেষ্টত পৰাস্ত ভাৰত।

এনে পৰিস্থিতিত বিচিচিআইয়ে এতিয়া দুয়োটা ফৰ্মেটতে পৃথক পৃথক প্ৰশিক্ষক নিযুক্তিৰ কথা চিন্তা কৰিছে বুলি প্ৰকাশ পাইছে। বিচিচিআইৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি ব’ৰ্ডে নিজৰ সিদ্ধান্ত সলনি কৰি গম্ভীৰক অপসাৰণ কৰিব নোৱাৰে। কিন্তু টেষ্ট আৰু সীমিত অভাৰৰ ফৰ্মেটত পৃথক পৃথক প্ৰশিক্ষক নিযুক্তি দিব পাৰি। অৱশ্যে এই সিদ্ধান্ত অষ্ট্ৰেলিয়া ভ্ৰমণত ভাৰতৰ দলৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰশীল হ’ব।

যদি অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতীয় দল পৰাজয়ৰ সন্মুখীন হয়, গম্ভীৰক টেষ্ট দলৰ প্ৰশিক্ষক পদৰ পৰা অপসাৰণ কৰি ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ মুৰব্বী ভিভিএছ লক্ষ্মণক নিযুক্তি দিয়া হ’ব পাৰে বুলি চৰ্চা চলিছে। আনহাতে এদিনীয়া আৰু টি-২০ দলৰ দায়িত্ব গম্ভীৰেই বহন কৰিব। উল্লেখ্য যে নিউজিলেণ্ডৰ বিপক্ষে লজ্জাজনক পৰাজৰ পিছতে তৎপৰ হৈ পৰিছে বিচিচআই।

এই সন্দৰ্ভত বিচিচিআইয়ে অধিনায়ক ৰোহিত শৰ্মা, মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ সৈতে বৈঠকত মিলিত হৈছে। এই বৈঠকৰ পিছতে দল বাছনি সন্দৰ্ভত দল পৰিচালনাৰ একাংশ সদস্য আৰু মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ মাজত মতানৈক্য আছে বুলি তথ্য পোহৰলৈ আহিছে। এতিয়া ব’ৰ্ডে আগন্তুক সময়ত এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension