ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হোৱাৰ সুযোগ! বিচিচিআইত ওলাইছে চাকৰি, লাভ কৰিব লাখ টকাৰ দৰমহা

বিচিচিআইয়ে কেইবাটাও খালী পদ পূৰণৰ বাবে মুকলি কৰিছে বিজ্ঞাপন। অৰ্থাৎ যোগ্য কিছু লোকক ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হোৱাৰ সুযোগ মুকলি কৰিছে বিচিচিআইয়ে। এই ক্ষেত্ৰত ব’ৰ্ডে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে।

ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হোৱাৰ সুযোগ! বিচিচিআইত ওলাইছে চাকৰি, লাভ কৰিব লাখ টকাৰ দৰমহা

বিচিচিআইত ওলাইছে চাকৰি

Updated On: 

22 Aug 2025 13:48 PM

যোৱা বুধবাৰে আগন্তুক এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হয় এই দল ঘোষণাৰ বাবে ক্ৰিকেট অনুৰাগীৰ মাজত দেখা গৈছিল যথেষ্ট অপেক্ষা ভাৰতীয় দলৰ মুখ্য নিৰ্বাচক অজিত আগাৰকাৰ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে দল ঘোষণা কৰাৰ লগে লগে এই অপেক্ষাৰ অন্ত পাৰে তাৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআইয়ে ক্ৰিকেটপ্ৰেমীৰ মাজলৈ আনিছে আন এক চৰ্চাৰ বিষয় বিচিচিআইয়ে কেইবাটাও খালী পদ পূৰণৰ বাবে মুকলি কৰিছে বিজ্ঞাপন

অৰ্থাৎ যোগ্য কিছু লোকক ভাৰতীয় ক্ৰিকেট দলৰ সৈতে জড়িত হোৱাৰ সুযোগ মুকলি কৰিছে বিচিচিআইয়ে অৱশ্যে এই সুযোগ গ্ৰহণ কৰিব নোৱাৰে সকলোৱে ইয়াৰ বাবে প্ৰয়োজন বিশেষ যোগ্যতাৰ বিচিচিআইয়ে ৰাষ্ট্ৰীয় পুৰুষ দলৰ নিৰ্বাচক পদ পূৰণৰ বাবে এক বিজ্ঞাপন মুকলি কৰিছে আৰু এই ক্ষেত্ৰত যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে

ইয়াৰ উপৰিও মহিলা দল আৰু কনিষ্ঠ বাছনি সমিতিৰ পদৰ বাবেও আবেদন আহ্বান কৰা হৈছে। ইয়াৰ বাবে বহুকেইটা অৰ্হতা নিৰ্ধাৰণ কৰা হৈছে। উল্লেখ্য যে বিচিচিআইয়ে ইতিমধ্যে মুখ্য নিৰ্বাচক অজিত আগৰকাৰৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰিছে। প্ৰকাশিত খবৰ অনুসৰি তেওঁৰ চুক্তি ২০২৬ চনৰ জুন মাহলৈ বৃদ্ধি কৰা হৈছে

এতিয়া বিচিচিআইয়ে বাছনি সমিতিৰ সদস্য পদৰ বাবে আবেদন আহ্বান কৰিছে। এই পদৰ বাবে নিৰ্বাচিত সদস্যসকলে দৰমহা হিচাপে বিচিচিআইৰ পৰা লক্ষাধিক টকা লাভ কৰিব বিচিচিআইয়ে আজি নিজৰ ৱেবছাইটত কেইবাটাও পদৰ বিজ্ঞাপন প্ৰকাশ কৰে। ইয়াত ছিনিয়ৰ পুৰুষ দলৰ বাবে দুজন ৰাষ্ট্ৰীয় নিৰ্বাচক, মহিলা দলৰ চাৰিজন আৰু জুনিয়ৰ দলৰ এজন নিৰ্বাচকৰ বাবে আবেদন বিচৰা হৈছে।

 

এই পদসমূহৰ বাবে বিশেষ যোগ্যতা নিৰ্ধাৰণ কৰা হৈছে। যিসকলে ভাৰতীয় দলৰ হৈ ৭ খন টেষ্ট মেচ খেলিছে বা ৩০ খন প্ৰথম শ্ৰেণীৰ মেচ বা ১০ খন এদিনীয়া আৰু ২০ খন প্ৰথম শ্ৰেণীৰ মেচত অংশ লৈছে, তেওঁলোকে ছিনিয়ৰ পুৰুষ দলৰ নিৰ্বাচকৰ বাবে যোগ্যতা অৰ্জন কৰিব। নিৰ্ধাৰিত এই অৰ্হতাসমূহৰ যিকোনো এটা পূৰণ কৰা ব্যক্তিয়ে আবেদন কৰিব পাৰিব।

ইয়াৰ উপৰিও মহিলা বাছনি সমিতিৰ ৪ গৰাকী মহিলা সদস্যৰ বাবে আবেদন বিচৰা হৈছে। ইয়াৰ বাবে পাঁচ বছৰ পূৰ্বে ভাৰতীয় দলৰ পৰা অৱসৰ লোৱা মহিলা খেলুৱৈয়েহে আবেদন কৰিব পাৰিব। ইয়াৰ বাহিৰেও তেওঁ বিগত ৫ বছৰ ধৰি কোনো ক্ৰিকেট কমিটীৰ সদস্য হব নালাগিব। জুনিয়ৰ ক্ৰিকেট কমিটীৰ এজন সদস্যৰ বাবেও আবেদন বিচৰা হৈছে।

এই পদৰ বাবে কমেও ২৫ খন প্ৰথম শ্ৰেণীৰ মেচ খেলা খেলুৱৈয়েহে আবেদন কৰিব পাৰিব। ইয়াৰ বাহিৰেও তেওঁ পাঁচ বছৰ পূৰ্বে অৱসৰ লোৱা লাগিব। লগতে যোৱা পাঁচ বছৰ ধৰি কোনো ক্ৰিকেট কমিটীৰ সদস্য হোৱা উচিত নাছিল। এই পদসমূহৰ বাবে আবেদনৰ অন্তিম সময়সীমা ১০ ছেপ্টেম্বৰ সন্ধিয়া ৫ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

HIV সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায়ত কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে ? জানক
দল ঘোষণাৰ পিছতো হ’ব পাৰে পৰিৱৰ্তন, বিচিচিআইৰ সিদ্ধান্তৰ পিছত দলত স্থান পাব ৰাহুল আৰু চিৰাজে!
ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব দৰিদ্ৰতাই!
বৃক্কত সমস্যা হ'লে দেখা দিয়ে এই ৭ টা লক্ষণ! জানক বিশেষজ্ঞৰ পৰা...