বিচিচিআইয়ে প্ৰকাশ কৰিলে ঘৰুৱা ক্ৰিকেটৰ সূচীঃ দেখা যাব এনে নতুন পৰিৱৰ্তন…
এইবাৰ দেশৰ ঘৰুৱা ক্ৰিকেটক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। আজি বিচিচিআইয়ে ২০২৫-২৬ বৰ্ষৰ ঘৰুৱা ক্ৰিকেটৰ সূচী ঘোষণা কৰিছে। ঘোষিত এই সূচীত ঘৰুৱা ক্ৰিকেটৰ বহু পৰিৱৰ্তন দেখা গৈছে।

ঘৰুৱা ক্ৰিকেটত বিশেষ পৰিৱৰ্তন
ভাৰতীয় ক্ৰিকেটৰ চমকপ্ৰদ উত্থানৰ আঁৰত আছে ঘৰুৱা ক্ৰিকেটৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ এক সফল ধাৰা প্ৰচলিত হৈ আহিছে। ঘৰুৱা ক্ৰিকেটত দাঙি ধৰা প্ৰদৰ্শনৰ সুবাদতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জাতীয় দলক প্ৰতিনিধিত্ব কৰাৰ পথ মুকলি কৰে ভাৰতীয় ক্ৰিকেটাৰে। এইবাৰ দেশৰ ঘৰুৱা ক্ৰিকেটক অধিক আকৰ্ষণীয় কৰি তোলাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। আজি বিচিচিআইয়ে ২০২৫-২৬ বৰ্ষৰ ঘৰুৱা ক্ৰিকেটৰ সূচী ঘোষণা কৰিছে।
ঘোষিত এই সূচীত ঘৰুৱা ক্ৰিকেটৰ বহু পৰিৱৰ্তন দেখা গৈছে। যোৱা ১৪ জুনত অনুষ্ঠিত হোৱা বৈঠকত ইণ্ডিয়ান ব’ৰ্ডে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত ৰঞ্জি ট্ৰফী ২০২৫-২৬ ছিজনো আছে। ২০২৫-২৬ বৰ্ষৰ ৰঞ্জী ট্ৰফীত বৰ্তমানৰ দুটা দলৰ পৰিৱৰ্তে এলিট গ্ৰুপত মাত্ৰ এটা দলহে ৰেলিগেট হ’ব আৰু একেদৰে প্লেট গ্ৰুপত মাত্ৰ এটা দলকহে প্ৰমোচন দিয়া হ’ব।
এই ছিজনত প্ৰতিযোগিতাখন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায় ১৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায় ২২ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব। দুলীপ ট্ৰফীৰ জৰিয়তে ঘৰুৱা ক্ৰিকেটৰ এই নতুন ছিজন আৰম্ভ হ’ব। অহা ২৮ আগষ্টৰ পৰা আৰম্ভ হ’ব দুলীপ ট্ৰফী। দুলীপ ট্ৰফী আৰু ছিনিয়ৰ মহিলা চেলেঞ্জাৰছ ট্ৰফীৰ দল ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে নিৰ্বাচন কৰিব।
🚨 NEWS 🚨
BCCI convened its 28th Apex Council Meeting on Saturday and made the following key decisions 👇
🔹 A committee to be constituted to formulate comprehensive guidelines aimed at preventing occurrences similar to the victory celebrations in Bengaluru. The committee will… pic.twitter.com/FXEqMO5gU4
— BCCI (@BCCI) June 14, 2025
যোৱা ছিজনলৈকে নকআউট পৰ্যায়ত কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল মেচ খেলিছিল যদিও এই ছিজনত শীৰ্ষ দলসমূহে ছুপাৰ লীগত অতিৰিক্ত তিনিখন মেচ খেলিব লাগিব। ফাইনেলত গ্ৰুপ এ আৰু বিৰ শীৰ্ষ দলৰ মাজত প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও চৈয়দ মুস্তাক আলী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীতো পৰিৱৰ্তন দেখা যাব। চৈয়দ মুস্তাক আলী ট্ৰফী আৰু ছিনিয়ৰ মহিলা টি-২০ ট্ৰফী প্ৰতিযোগিতা চাৰিটা এলিট গ্ৰুপ আৰু এটা প্লেট গ্ৰুপ ফৰ্মেটত অনুষ্ঠিত হ’ব।
২৮ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব দুলীপ ট্ৰফী প্ৰতিযোগিতা। আনহাতে ১ৰ পৰা ৫ অক্টোবৰলৈ নাগপুৰত অনুষ্ঠিত হ’ব ইৰানী কাপ। ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব চৈয়দ মুস্তাক আলী ট্ৰফী আৰু এই প্ৰতিযোগিতাৰ লীগ মেচ ৮ ডিচেম্বৰত সমাপ্ত হ’ব। লক্ষ্ণৌ, হায়দৰাবাদ, আহমেদাবাদ আৰু কলকাতাত অনুষ্ঠিত হ’বলগীয়া লীগ মেচসমূহৰ বিপৰীতে অহা ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ ইন্দোৰত অনুষ্ঠিত হ’ব নকআউট পৰ্যায়।
ইফালে ২৪ ডিচেম্বৰৰ পৰা ৮ জানুৱাৰীলৈ আহমেদাবাদ, ৰাজকোট, জয়পুৰ আৰু বেংগালুৰুত বিজয় হাজাৰে ট্ৰফী লীগ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১২ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীলৈ নকআউট পৰ্যায় অনুষ্ঠিত হ’ব।