BCCI ৰ ডাঙৰ ঘোষণাঃ বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে কিমান টকা লাভ কৰিব? জানক…

BCCI Prize Money: অৱশেষত বিশ্বকাপৰ খিতাপ দখল কৰিলে মহিলা ক্ৰিকেট দলটোয়ে। প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলটো চেম্পিয়ন হয়। ইয়াৰ মাজতে দলটোৰ বাবে BCCI য়ে এক ডাঙৰ ঘোষণা কৰিছে।

BCCI ৰ ডাঙৰ ঘোষণাঃ বিশ্ব চেম্পিয়ন ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে কিমান টকা লাভ কৰিব? জানক...

কিমান টকা লাভ কৰিব

Published: 

03 Nov 2025 10:04 AM

মহিলা ক্ৰিকেট জগতৰ নতুন চেম্পিয়ন। ২ নৱেম্বৰত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপ ফাইনেলত ভাৰতীয় ক্ৰিকেট দলটোৱে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰে। ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হয় ভাৰতীয় মহিলা ক্ৰিকেট দলটো। এই জয়ৰ পাছতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড (BCCI) য়ে এক ডাঙৰ ঘোষণা কৰিছে। ভাৰতীয় মহিলা দল আৰু প্ৰশিক্ষক-কৰ্মচাৰীসকলৰ বাবে পুৰস্কাৰৰ ঘোষণা কৰা হৈছে। বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই এই ঘোষণা কৰে।

BCCI ৰ পৰা কিমান লাভ কৰিব?

মহিলা দলটোক জয়ৰ বাবে অভিনন্দন জনাই BCCI য়ে কয় যে, বিচিচিআইয়ে খেলুৱৈ, প্ৰশিক্ষক, সহায়ক-কৰ্মচাৰী তথা সমগ্ৰ দলটোৰ বাবে ৫১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। ইয়াৰোপৰি দলটোৱে আৰু বহু সুবিধা লাভ কৰিব।

 

এই সন্দৰ্ভত এনআইৰ সৈতে হোৱা কথা-বতৰাত বিচিচিআইৰ সম্পাদক দেৱজিৎ শইকীয়াই কয়, জয় শ্বাহে BCCI ৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছৰে পৰা মহিলা ক্ৰিকেটত বহু সাল-সলনি হৈছে। দৰমহাৰ সমানতাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। যোৱা মাহত ICC ৰ অধ্যক্ষ জয় শ্বাহে মহিলাসকলৰ পুৰস্কাৰৰ ধন ৩০০ শতাংশ বৃদ্ধি কৰিছিল। পূৰ্বে পুৰস্কাৰৰ ধন আছিল ২.৮ মিলিয়ন ডলাৰ, আৰু ই এতিয়া ১৪ মিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে। এই পদক্ষেপসমূহৰ পৰা মহিলা ক্ৰিকেট দলটোৱে যথেষ্ঠ প্ৰেৰণা লাভ কৰিছে।

কিমান টকা পাব

এইবাৰ মহিলা বিশ্বকাপ জয় কৰা দলটোৱে ৪৪.৮ মিলিয়ন ডলাৰ (প্ৰায় ৪১.৭৭ কোটি টকা) লাভ কৰে। ৰাণাৰ্ছ আপ দক্ষিণ আফ্ৰিকাই লাভ কৰে ২২.৪ মিলিয়ন ডলাৰ (প্ৰায় ২১.৮৮ কোটি টকা)। ইয়াৰোপৰি দলসমূবে পূৰ্বৰে পৰা ২.৫ লাখ ডলাৰ (প্ৰায় ২ কোটি টকা) লাভ কৰাৰ কথা আছিল। ইয়াৰ লগতে লীগ পৰ্যায়ত জয় কৰা প্ৰতিটো দলে লাভ কৰিব ও ৩৪,৩১৪ ডলাৰ (প্ৰায় ২৮ লাখ টকা)।

কোনটো দলে কিমান টকা লাভ কৰিলে

  • অষ্ট্ৰেলিয়াঃ ১১.৯৫ কোটি টকা।
  • ইংলেণ্ডঃ ১১.৯৫ টকা।
  • শ্ৰীলংকাঃ ৭.৮ কোটি টকা।
  • নিউজিলেণ্ডঃ ৭.৮ কোটি টকা।
  • বাংলাদেশঃ ৪.৫ কোটি টকা।
  • পাকিস্তানঃ ৪.৫ কোটি টকা।

 

অন্য খবৰ পঢ়ক- খেলপথাৰত নমাৰ ৫ মিনিট আগত জেমিমাই পাইছিল বিশেষ খবৰ, কান্দি কান্দি ক’লে, মই…

আপুনি ফেটি লিভাৰত আক্ৰান্ত নেকি? উপশম পাবলৈ দৈনিক এই পানীয় সেৱন কৰক
যুৱৰাজৰ দৰেই বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ, পিছে যুৱৰাজতকৈ আগবাঢ়ি কেইবাটাও অভিলেখ দীপ্তিৰ
পিতৃ-মাতৃয়ে ভুলতো সন্তানৰ আগত কৰিব নালাগে এই ৩টা কাম! জানক...
শৰীৰৰ অতিৰিক্ত ওজন কমাবলৈ গ্ৰীণ টি কেতিয়া খালে দ্ৰুত ফলাফল পাব? জানক