ভাৰতীয় দল নিৰ্বাচনৰ দায়িত্বত এই দুগৰাকী প্ৰাক্তন তাৰকা, বাদ পৰিল ৰোহিতৰ ঘনিষ্ঠ বন্ধু

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে আজি কেৱল নতুন অধ্যক্ষই নহয়, লাভ কৰিছে দুগৰাকী নতুন নিৰ্বাচক। নিৰ্বাচক সমিতিৰ পূৰ্বৰ দুই সদস্য এছ শৰথ আৰু সুব্ৰত বেনাৰ্জীৰ স্থান ল’ব এই দুই প্ৰাক্তন খেলুৱৈয়ে।

ভাৰতীয় দল নিৰ্বাচনৰ দায়িত্বত এই দুগৰাকী প্ৰাক্তন তাৰকা, বাদ পৰিল ৰোহিতৰ ঘনিষ্ঠ বন্ধু

ভাৰতীয় দলে লাভ কৰিলে নতুন নিৰ্বাচক

Published: 

28 Sep 2025 16:56 PM

আজি এছিয়া কাপ ২০২৫ৰ ফাইনেলত অৱতীৰ্ণ হ’ব ভাৰতীয় ক্ৰিকেট দল। এই চৰ্চিত মেচখনৰ প্ৰাকক্ষণত ভাৰতীয় ক্ৰিকেটত ঘটিছে কেইটামান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন। আজি বিচিচিআইৰ বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা বিশেষ সিদ্ধান্ত। বৈঠকৰ সিদ্ধান্ত অনুসাৰে আজি বিচিচিআইৰ নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে মিথুন মানহাছ। কেৱল ব’ৰ্ডৰ অধ্যক্ষই নহয়, ভাৰতীয় দলে আজি লাভ কৰিছে দুগৰাকী নতুন নিৰ্বাচক। নিৰ্বাচক সমিতিৰ পূৰ্বৰ দুই সদস্য এছ শৰথ আৰু সুব্ৰত বেনাৰ্জীৰ স্থান ল’ব এই দুই প্ৰাক্তন খেলুৱৈয়ে।

ভাৰতীয় দলৰ নিৰ্বাচক হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা এই দুই সদস্য হৈছে ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰদ্বয় প্ৰজ্ঞান ওঝা আৰু আৰ পি সিং। এতিয়া এই দুই প্ৰাক্তন ক্ৰিকেটাৰে মুখ্য নিৰ্বাচক অজিত আগাৰকাৰৰ সৈতে ভাৰতীয় পুৰুষ ক্ৰিকেট দল নিৰ্বাচনৰ দায়িত্ব পালন কৰিব।

লক্ষণীয়ভাৱে ভাৰতৰ প্ৰাক্তন পেচাৰ প্ৰবীণ কুমাৰৰ নামো এই দায়িত্বৰ বাবে চৰ্চিত হৈছিল। ৰোহিত শৰ্মাৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত প্ৰবীণক অৱশ্যে এই দায়িত্বৰ বাবে নিৰ্বাচিত কৰা নহ’ল। অলৰাউণ্ডাৰ অজিত আগাৰকাৰৰ লগত এতিয়া পেচাৰ আৰ পি সিং আৰু স্পিনাৰ প্ৰজ্ঞান ওঝাৰ কান্ধত থাকিব দল নিৰ্বাচনৰ দায়িত্ব।

উল্লেখ্য যে প্ৰাক্তন পেচাৰ আৰ পি সিঙে ২০০৭ চনত ভাৰতীয় দলক উদ্বোধনী বৰ্ষৰ টি-২০ বিশ্বকাপ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। উত্তৰ মণ্ডলৰ পৰা নিৰ্বাচিত হোৱা আৰ পি সিঙে ভাৰতৰ হৈ ১৪খন টেষ্টত ৪০টা উইকেট, এদিনীয়াত ৫৮খন মেচত ৬৯টা উইকেট আৰু টি-২০ত ১০খন মেচত ১৫টা উইকেট দখল কৰিছিল।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৯৪ খন খেলত ৩০১ টা উইকেট আৰু লিষ্ট এ ক্ৰিকেটত ১৯০টা আৰু টি-২০ ক্ৰিকেটত ১৪৬টা উইকেট লাভ কৰিছিল। ইফালে আনগৰাকী নতুন সদস্য প্ৰজ্ঞান ওঝা ইষ্ট জ’নৰ পৰা নিৰ্বাচক হিচাপে মনোনীত হৈছে। ভাৰতৰ হৈ ওঝাই ২৪খন টেষ্ট, ১৮খন এদিনীয়া, আৰু ৬খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল।

কেৰিয়াৰত মুঠ ১১৩টা টেষ্ট উইকেট, এদিনীয়াত ২১টা উইকেট আৰু টি-২০ত ১০টা উইকেট দখল কৰিছিল ওঝাই। সমান্তৰালকৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ ৪২৪টা উইকেট, লিষ্ট এ ক্ৰিকেটত ১২৩টা উইকেট, টি-২০ ক্ৰিকেটত ১৫৬টা উইকেট দখল কৰিছিল। এক কথাত এই দুয়োগৰাকী খেলুৱৈ নিৰ্বাচকৰ দায়িত্ব পালন কৰিব পৰাকৈ যথেষ্ট অভিজ্ঞতাসম্পন্ন।

কেতিয়াও আনৰ পৰা বিনামূলীয়াকৈ নল'ব এই ৫ বিধ বস্তু! বাস্তু শাস্ত্ৰৰ পৰা জানক...
খাদ্য খোৱাৰ পিছত এই ৫টা কাম কৰা মানেই বিপদ মতা! জানি লওক এতিয়াই
দিনটোৰ কোনখিনি সময় মগু খোৱাৰ বাবে আটাইতকৈ উপযুক্ত! জানেনে এই বিষয়ে?
ধনবান হোৱাৰ সহজ উপায়! চাণক্যৰ নীতিৰ পৰা জানক...