IPL 2026: আই পি এলৰ উন্মাদনা উপভোগৰ পৰা বঞ্চিত হ’ব বাংলাদেশী ক্ৰিকেটপ্ৰেমী, চৰকাৰে আৰোপ কৰিলে নিষেধাজ্ঞা

IPLৰ ৰোমাঞ্চে স্পৰ্শ কৰে সমগ্ৰ ক্ৰিকেট বিশ্বক। পিছে এই ৰোমাঞ্চ তথা উন্মাদনাৰ পৰা এইবাৰ বঞ্চিত হ’ব বাংলাদেশী ক্ৰিকেটপ্ৰেমী। কিয়নো চৰকাৰে দেশখনত IPLৰ সম্প্ৰচাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে।

IPL 2026: আই পি এলৰ উন্মাদনা উপভোগৰ পৰা বঞ্চিত হ’ব বাংলাদেশী ক্ৰিকেটপ্ৰেমী, চৰকাৰে আৰোপ কৰিলে নিষেধাজ্ঞা

বাংলাদেশত নহ’ব IPLৰ সম্প্ৰচাৰ

Updated On: 

05 Jan 2026 | 03:13 PM

ক্ৰিকেট বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, চমুকৈ IPL। এই প্ৰতিযোগিতাৰ ৰোমাঞ্চে স্পৰ্শ কৰে সমগ্ৰ ক্ৰিকেট বিশ্বক। পিছে এই ৰোমাঞ্চ তথা উন্মাদনাৰ পৰা এইবাৰ বঞ্চিত হ’ব বাংলাদেশী ক্ৰিকেটপ্ৰেমী। কিয়নো বাংলাদেশ চৰকাৰে দেশখনত IPLৰ সম্প্ৰচাৰৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে। বাংলাদেশ চৰকাৰে জাৰী কৰা এক বিবৃতিত কোৱা হৈছে যে এতিয়াৰে পৰা দেশখনৰ কোনো টিভি চেনেল বা ডিজিটেল প্লেটফৰ্মত IPLৰ খেলসমূহ প্ৰদৰ্শিত কৰিব নোৱাৰিব।

নিষেধাজ্ঞাৰ মুখ্য কাৰণ

শেহতীয়াকৈ বাংলাদেশৰ তাৰকা বলাৰ মুস্তাফিজুৰ ৰহমানক IPLৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লৈছিল বিচিচিআইয়ে। মুস্তাফিজুৰক ক্ৰয় কৰা ফ্ৰেন্সাইজি কলকাতা নাইট ৰাইডাৰ্ছক খেলুৱৈগৰাকীক মুকলি কৰিবলৈ বিচিচিআইয়ে নিৰ্দেশনা দিছিল। IPLৰ পৰা মুস্তাফিজুৰক বাদ দিয়াৰ পিছতে বাংলাদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

ইয়াৰ পৰিপ্ৰেক্ষিততে দেশখনৰ ক্ৰীড়া মন্ত্ৰালয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক IPLৰ সম্প্ৰচাৰ বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল। ক্ৰীড়া মন্ত্ৰালয়ৰ সৈতে জড়িত ড° আছিফ নজৰুলে এক ছ’চিয়েল মিডিয়া পষ্টৰ জৰিয়তে মুস্তাফিজুৰৰ সৈতে হোৱা ব্যৱহাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বাংলাদেশী ক্ৰিকেটাৰৰ অপমান কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্তব্য কৰিছে।

গ্ৰহণ কৰিছে এনে পদক্ষেপ

কেৱল IPLৰ সম্প্ৰচাৰ নিষিদ্ধ কৰাই নহয়, বাংলাদেশে ভাৰতৰ বিৰুদ্ধে আন কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মুস্তাফিজুৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পিছতে বাংলাদেশে টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতলৈ আহিবলৈ অস্বীকাৰ কৰিছে। এই সন্দৰ্ভত বাংলাদেশে আইচিচিৰ ওচৰত আনুষ্ঠানিক আবেদন কৰিছে।

আগন্তুক টি-২০ বিশ্বকাপত বাংলাদেশৰ মেচসমূহ ভাৰতৰ পৰা আঁতৰাই শ্ৰীলংকাত অনুষ্ঠিত কৰাবলৈ আইচিচিক অনুৰোধ জনাইছে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে। নিৰাপত্তাৰ দোহাই দি বাংলাদেশে এই আবেদন কৰিছে। লগতে মুস্তাফিজুৰ ৰহমানক কিয় বাদ দিয়া হ’ল, তাৰ স্পষ্টীকৰণ বিচাৰি বাংলাদেশ ক্ৰিকেট বৰ্ডে বিচিচিআইলৈ ইমেইল প্ৰেৰণ কৰিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...