শোকাহত ক্ৰিকেট বিশ্ব: অনুশীলনৰ সময়তে ভয়ংকৰ ঘটনা, ক্ৰিকেটাৰৰ অকাল মৃত্যু
Cricketer Death: ক্ৰিকেটাৰগৰাকীয়ে নেটত অনুশীলন কৰি থকা অৱস্থাত গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও ৰক্ষা কৰিব পৰা নগ’ল তেওঁৰ প্ৰাণ । ২৮ অক্টোবৰ মঙলবাৰে আহত হোৱা অষ্টিনৰ ৩০ অক্টোবৰ বৃহস্পতিবাৰে চিকিৎসালয়ত মৃত্যু হয়।

অষ্ট্ৰেলিয়াত যুৱ ক্ৰিকেটাৰৰ মৃত্যু
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন টি-২০ খেল মেলবৰ্ণত অনুষ্ঠিত হোৱাৰ কথা যদিও তাৰ আগতেই এজন ক্ৰিকেটাৰৰ মৃত্যুৰ কৰুণ খবৰ প্ৰকাশ পাইছে। মেলবৰ্ণৰ পূব উপকণ্ঠ অঞ্চলত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। য’ত ক্ৰিকেটাৰ বেন অষ্টিনে নেটত অনুশীলন কৰি থকা অৱস্থাত গুৰুতৰভাৱে আহত হয়। সংকটজনক অৱস্থাত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও ৰক্ষা কৰিব পৰা নগ’ল তেওঁৰ প্ৰাণ । ২৮ অক্টোবৰ মঙলবাৰে আহত হোৱা অষ্টিনৰ ৩০ অক্টোবৰ বৃহস্পতিবাৰে চিকিৎসালয়ত মৃত্যু হয়।
ক্লাবত ক্ৰিকেটাৰৰ মৃত্যুৰ খবৰ
১৭ বছৰীয়া বেন অষ্টিনে মেলবৰ্ণ ইষ্টৰ ফাৰ্ণট্ৰি গলি ক্ৰিকেট ক্লাবৰ হৈ খেলিছিল। ৩০ অক্টোবৰৰ পুৱা ক্লাবটোৱে এক বিবৃতি প্ৰকাশ কৰি যুৱ ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ কথা ঘোষণা কৰে। বেন অষ্টিনৰ মৃত্যুত ক্লাবটোৱে শোকস্তব্ধ হৈ পৰা বুলি উল্লেখ কৰে। সমগ্ৰ ক্ৰিকেট জগত এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ছ’চিয়েল মিডিয়াৰ জৰিয়তে ক্লাবটোৱে ক্ৰিকেটাৰগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
এইদৰেই মেলবৰ্ণত ক্ৰিকেটাৰগৰাকীৰ মৃত্যু হয়
খবৰ অনুসৰি ১৭ বছৰীয়া বেন অষ্টিনে নেটত বলিং মেচিনৰ সন্মুখত বেটিং অনুশীলন কৰি আছিল। যুৱ ক্ৰিকেটাৰগৰাকীয়ে হেলমেট পিন্ধিছিল। কিন্তু বলটোৱে তেওঁৰ ডিঙিত খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এম্বুলেন্স ভিক্টোৰিয়াই জনোৱা মতে, ২৮ অক্টোবৰত আবেলি ৫ বজাৰ পূৰ্বেই এই গঠনা সংঘটিত হৈছিল। সেই সময়তে ফাৰ্ণট্ৰি গলি গালি ক্ৰিকেট ক্লাবৰ তেওঁলোকলৈ পৰা ফোন আহিল। ক্ৰিকেটাৰজনক সংকটজনক অৱস্থাত এম্বুলেন্সেৰে ওচৰৰ মনাছ মেডিকেল চেণ্টাৰলৈ লৈ যোৱা হয়, য’ত আঘাতপ্ৰাপ্ত ক্ৰিকেটাৰগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
অষ্ট্ৰেলিয়াৰ যুৱ ক্ৰিকেটাৰ বেন অষ্টিনৰ মৃত্যু হৈছে ফিল হিউজৰ কাণ্ডৰ ঠিক ১০ পিছত। ২০১৪ চনত শ্বেফিল্ড শ্বিল্ডত বেটিং কৰি থকা অৱস্থাত বলৰ ডিঙিত আঘাত পোৱাৰ ফলত ফিল হিউজেও মৃত্যুবৰণ কৰিছিল। তেওঁকো আহত হোৱাৰ পিছত চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁৰ মৃত্যু হয়। ফিল হিউজৰ মৃত্যুৰ ফলত ক্ৰিকেটত সুৰক্ষা সঁজুলিৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়।