সূৰ্যৰ মহানুভৱতা! এছিয়া কাপৰ মেচ মাচুল সেনা, পহলগামৰ ভুক্তভোগীৰ নামত উৎসৰ্গা
তেওঁ টুইট কৰি কয় যে, "মই এই প্ৰতিযোগিতাখনৰ পৰা মোৰ মেচ মাচুল দান কৰাৰ সিদ্ধান্ত লৈছো যাতে আমাৰ সশস্ত্ৰ বাহিনী আৰু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়ালক সহায় কৰিব পাৰো।"

সূৰ্যকুমাৰ যাদৱ
এছিয়া কাপৰ মেচ ফী ভাৰতীয় সেনা আৰু পহলগাম কাণ্ডৰ ভুক্তভোগীক দান কৰিব ভাৰতীয় টি-২০ৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে । দেওবাৰে নিশা ডুবাইত পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপত জয়লাভ কৰাৰ পিছত যাদৱে এই কথা ঘোষণা কৰে। ভাৰতীয় অধিনায়কগৰাকীয়ে ইয়াৰ পূৰ্বে এছিয়া কাপৰ প্ৰথমখন মেচত জয়লাভ কৰি পহলগাম আক্ৰমণত শ্বহীদ হোৱা লোকসকলৰ পৰিয়ালৰ বাবে নিজৰ মেচ মাচুল উৎসৰ্গা কৰিছিল।
তেওঁ টুইট কৰি কয় যে, “মই এই প্ৰতিযোগিতাখনৰ পৰা মোৰ মেচ মাচুল দান কৰাৰ সিদ্ধান্ত লৈছো যাতে আমাৰ সশস্ত্ৰ বাহিনী আৰু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়ালক সহায় কৰিব পাৰো।”
I have decided to donate my match fees from this tournament to support our Armed Forces and the families of the victims who suffered from the Pahalgam terror attack. You always remain in my thoughts 🙏🏽
Jai Hind 🇮🇳
— Surya Kumar Yadav (@surya_14kumar) September 28, 2025
দেওবাৰে নিশা ডুবাইত পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপৰ ফাইনেলত তিলক বাৰ্মাই উজ্জ্বল অৰ্ধশতক অৰ্জন কৰি সঞ্জু চেমছন আৰু শিৱম ডুবেৰ সৈতে উপযোগী অংশীদাৰিত্ব গঢ়ি তুলিছিল। এই তিনিটা অমূল্য ইনিংছে পাকিস্তানক পৰাস্ত কৰাত সহায় কৰিছিল। এই জয়েৰে ভাৰতে টি-২০ আই এছিয়া কাপৰ দ্বিতীয়টো খিতাপ আৰু এদিনীয়া সংস্কৰণকে ধৰি সামগ্ৰিকভাৱে নৱমটো খিতাপ দখল কৰে।
পাকিস্তানক পৰাস্ত কৰাৰ পিছত অধিনায়ক সূৰ্যকুমাৰ যাদৱে কয় যে, “মই এই প্ৰতিযোগিতাত খেলা সকলো মেচৰ মাচুল ভাৰতীয় সেনাক দান কৰিব বিচাৰো।” কিন্তু খেলৰ পাছৰ বঁটা প্ৰদান অনুষ্ঠানত ভাৰতে তেওঁলোকৰ পদক আৰু ট্ৰফী গ্ৰহণ নকৰি দৰ্শক আৰু খেলুৱৈ উভয়কে হতাশ কৰি তুলিলে। পাকিস্তানৰ এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি মহছিন নাকভিয়ে ভাৰতীয় দলটোক এই ট্ৰফী প্ৰদান কৰাৰ কথা আছিল যদিও ভাৰতীয় খেলুৱৈসকলে সেই ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ট্ৰফী অবিহনে খেলপথাৰত উদযাপন কৰিলে সমগ্ৰ ভাৰতীয় দলটোৱে।
ভাৰতীয় দলটোৱে এছিয়া কাপ ২০২৫ৰ প্ৰথমখন মেচ ১৪ ছেপ্টেম্বৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে খেলিছিল। ভাৰতীয় দলটোৱেও উজ্জ্বল প্ৰদৰ্শন কৰি মেচখনত জয়লাভ কৰে। খেলৰ পিছৰ উপস্থাপনৰ অংশ হিচাপে থকা সূৰ্যকুমাৰ যাদৱে ভাৰতীয় সেনা আৰু পহলগাম আক্ৰমণৰ বলি হোৱা লোকসকলৰ বাবে এই বিজয় উৎসৰ্গা কৰে। এতিয়া ফাইনেলৰ পাছত সূৰ্যই ভাৰতীয় সেনা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।