হেণ্ডচেক বিতৰ্ক সন্দৰ্ভত আইচিচিৰ শুনানিত হাজিৰ সূৰ্যঃ হ’ব নেকি কঠোৰ শাস্তি!

পাকিস্তান ক্ৰিকেট ব’ৰ্ডে সূৰ্যকুমাৰ যাদৱৰ বিৰুদ্ধে আইচিচিৰ ওচৰত দুটা অভিযোগ দাখিল কৰিছিল। আজি এই গোচৰত আইচিচিৰ সমুখত হাজিৰ হয় সূৰ্যকুমাৰ যাদৱ। পিচিবিৰ অভিযোগৰ পিছতে আজি আইচিচিৰ এলিট পেনেলৰ মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনৰ আগত সূৰ্যকুমাৰ যাদৱৰ শুনানি গ্ৰহণ কৰা হয়।

হেণ্ডচেক বিতৰ্ক সন্দৰ্ভত আইচিচিৰ শুনানিত হাজিৰ সূৰ্যঃ হ’ব নেকি কঠোৰ শাস্তি!

সূৰ্যকুমাৰ যাদৱ

Published: 

25 Sep 2025 23:00 PM

চলিত এছিয়া কাপ ২০২৫ত ইতিমধ্যে ফাইনেলত উপনীত হৈছে ভাৰতীয় ক্ৰিকেট দল সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলে সমগ্ৰ প্ৰতিযোগিতাখনত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰি অপ্ৰতিৰোধ্য গতিৰে ফাইনেলৰ পথ প্ৰশস্ত কৰিছে এই সাফল্যৰ সময়তে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ সন্দৰ্ভত এতিয়া এক গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে চলিত এই প্ৰতিযোগিতাখনত ভাৰত আৰু পাকিস্তান এইপৰ্যন্ত দুবাৰ মুখামুখি হৈছে এই দুয়োখন মেচতে সৃষ্টি হৈছে বিবাদৰ

দুয়ো দলৰ প্ৰথমখন মেচৰ সময়ত ভাৰতীয় খেলুৱৈয়ে পাকিস্তানী দলৰ সৈতে কৰমৰ্দন কৰিবলৈ অস্বীকাৰ কৰিছিল এই বিতৰ্কই ব্যাপক চৰ্চা লাভ কৰিছিল। ইয়াৰ পিছত দ্বিতীয়খন মেচতো এনে দৃশ্যৰ পুনৰাবৃত্তি ঘটে আনহাতে এই মেচখনৰ সময়ত পাকিস্তানী খেলুৱৈয়ে বিতৰ্কিত ইংগিত দিয়াৰ পিছতে বিচিচিআইয়ে আইচিচিৰ ওচৰত অভিযোগ দাখিল কৰে

আনহাতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে সূৰ্যকুমাৰ যাদৱৰ বিৰুদ্ধে আইচিচিৰ ওচৰত দুটা অভিযোগ দাখিল কৰিছিল আজি এই গোচৰত আইচিচিৰ সমুখত হাজিৰ হয় সূৰ্যকুমাৰ যাদৱ পিচিবিৰ অভিযোগৰ পিছতে আজি আইচিচিৰ এলিট পেনেলৰ মেচ ৰেফাৰী ৰিচি ৰিচাৰ্ডছনৰ আগত সূৰ্যকুমাৰ যাদৱৰ শুনানি গ্ৰহণ কৰা হয়।

প্ৰকাশিত খবৰ অনুসৰি ২৬ ছেপ্টেম্বৰত ৰেফাৰীয়ে চূড়ান্ত সিদ্ধান্ত দাখিল কৰিব। যদি এই সিদ্ধান্ত সূৰ্যকুমাৰ যাদৱৰ বিৰুদ্ধে হয়, তেতিয়া ভাৰতীয় দলৰ অধিনায়কগৰাকীয়ে সতৰ্কবাণী লাভ কৰিব পাৰে বা মেচ মাচুলৰ কিছু অংশ জৰিমনা বিহা হ’ব পাৰে। কিন্তু ৰেফাৰীয়ে যদি সূৰ্যই কোনো ধৰণৰ নিয়ম উলংঘা কৰা নাই বুলি সিদ্ধান্ত দিয়ে, তেতিয়া সূৰ্য কোনো ধৰণৰ শাস্তিৰ সন্মুখীন নহ’ব।

পিচিবিৰ অভিযোগ অনুসৰি ১৪ ছেপ্টেম্বৰৰ মেচখনৰ পিছতে সূৰ্যকুমাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোক আৰু অপাৰেচন সেন্দূৰৰ সৈতে জড়িত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে জয় উৎসৰ্গা কৰিছিল। পিচিবিয়ে সূৰ্যৰ এনে বক্তব্যক ৰাজনৈতিক মন্তব্য বুলি অভিহিত কৰি আইচিচিৰ ওচৰত অভিযোগ দাখিল কৰে।

টছৰ সময়ত সূৰ্যকুমাৰে পাকিস্তানী অধিনায়কৰ সৈতে কৰমৰ্দন কৰিবলৈ অস্বীকাৰ কৰে, ইয়াৰ পিছত মেচৰ সমাপ্তিতো এনে দৃশ্য দেখা যায় এনে সিদ্ধান্তক লৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে অসন্তুষ্টি প্ৰকাশ কৰি আইচিচিৰ ওচৰত অভিযোগ দাখিল কৰে আৰু ভাৰতীয় দলৰ অধিনায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

ইফালে দুয়ো দলৰ মাজৰ দ্বিতীয়খন মেচত পাকিস্তানৰ চাহিবজাদা ফাৰহানে অৰ্ধশতকৰ পিছত বন্দুক টোঁৱাই থকাৰ দৰে উদযাপন কৰিছিল আনহাতে দলটোৰ আন এগৰাকী সদস্য হেৰিছ ৰফে বিমান গুলীয়াই পেলোৱাৰ দৰে ইংগিত দিছিল। এই সন্দৰ্ভত বিচিচিআইয়ে খেলুৱৈ দুগৰাকীৰ বিৰূদ্ধে আইচিচিৰ ওচৰত অভিযোগ দাখিল কৰিছে। এই বিষয়ত মেচ ৰেফাৰীৰ শুনানি ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব।

আপোনাৰো আছে নেকি গৰম ভাতৰ লগত ঘিঁউ খোৱাৰ অভ্যাস? দেহৰ ভিতৰত কি হ’ব পাৰে জানেনে?
প্ৰেমৰ উষ্ণতাৰ ‘লাভ বাইট’ প্ৰেয়সীৰ বাবে হ’ব পাৰে বিপদ! জানেনে কি ঘটিব পাৰে দেহত?
ছালখন কেনেকৈ ডিটক্স কৰিব জানেনে? জানক সহজ উপায়
অনলাইন বজাৰ কৰাৰ সময়ত মনত ৰাখিব এনে কথা, অন্যথা হ’ব পাৰে প্ৰৱঞ্চনাৰ চিকাৰ