Asia Cup 2025: জয়েৰে অভিযান আৰম্ভ ভাৰতৰ, হেট্ৰিকেৰে উজলিল অধিনায়ক হৰমনপ্ৰীত

বিহাৰৰ ৰাজগীৰত আজিৰ পৰা আৰম্ভ হৈছে এছিয়া কাপ ২০২৫। ঘৰুৱা দৰ্শকৰ সমুখত চীনৰ কঠিন প্ৰত্যাহ্বান নেওচি অলিম্পিক ব্ৰঞ্জ জয়ী ভাৰতীয় দলে নিজৰ প্ৰথমখন মেচত আকাংক্ষিত বিজয় সাব্যস্ত কৰে।

Asia Cup 2025: জয়েৰে অভিযান আৰম্ভ ভাৰতৰ, হেট্ৰিকেৰে উজলিল অধিনায়ক হৰমনপ্ৰীত

চীনক পৰাস্ত কৰে ভাৰতে

Updated On: 

29 Aug 2025 | 09:00 PM

দেশত আজি উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। ‘হকীৰ যাদুকৰ’ খ্যাত দেশৰ কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ জন্মদিন উপলক্ষে ২৯ আগষ্ট দিনটোত এই দিৱস পালন কৰি অহা হৈছে। এই বিশেষ দিনটো আজি অধিক বিশেষ কৰি তুলিলে ভাৰতীয় হকী দলে। এছিয়া কাপ ২০২৫ত জয়েৰে অভিযান আৰম্ভ কৰি আজি ভাৰতীয় হকী দলে হকীৰ যাদুকৰগৰাকীলৈ আগবঢ়াইছে অনন্য সন্মান। আজি প্ৰতিযোগিতাত নিজৰ প্ৰথমখন মেচতে ভাৰতে চীনক ৪-৩ ব্যৱধানত পৰাস্ত কৰে।

ভাৰতৰ এই জয়ত প্ৰধান ভূমিকা লয় অধিনায়ক হৰমনপ্ৰীত সিঙে। দলক সমুখৰ পৰা নেতৃত্ব দি হৰমনপ্ৰীতে অৰ্জন কৰে দৰ্শনীয় হেট্ৰিক। বিহাৰৰ ৰাজগীৰত আজিৰ পৰা আৰম্ভ হৈছে এছিয়া কাপ ২০২৫। ঘৰুৱা দৰ্শকৰ সমুখত চীনৰ কঠিন প্ৰত্যাহ্বান নেওচি অলিম্পিক ব্ৰঞ্জ জয়ী ভাৰতীয় দলে নিজৰ প্ৰথমখন মেচত আকাংক্ষিত বিজয় সাব্যস্ত কৰে।

অৱশ্যে মেচখনত প্ৰথমে চীনেই অগ্ৰগতি লাভ কৰিছিল। মেচৰ ১২ মিনিটত পেনাল্টি কৰ্ণাৰত ডু শ্বিহাওৱে চীনৰ হৈ গ’লৰ পাতনি মেলে। অৱশ্যে চীনৰ এই অগ্ৰগতি বেছি সময়লৈ নাথাকিল আৰু ১৮ মিনিটত যুগৰাজ সিঙে ভাৰতৰ হৈ সমতা স্থাপন কৰে। তাৰ পিছতে ভাৰতীয় দলৰ ত্ৰাণকৰ্তাৰ ৰূপ লয় অধিনায়ক হৰমনপ্ৰীত সিঙে।

পৰিচিত ড্ৰেগ ফ্লিক চমকেৰে হৰমনে ২০ আৰু ৩৩ মিনিটত পেনাল্টি কৰ্ণাৰ কাৰ্যকৰী কৰি ভাৰতৰ অগ্ৰগতি ৩-১ ব্যৱধানলৈ বৃদ্ধি কৰে। পিছে তাৰ পিছতে দৰ্শনীয় প্ৰত্যাৱৰ্তন ঘটায় চীনে আৰু দুটা গ’ল স্ক’ৰ কৰি মেচৰ তৃতীয় কোৱাৰ্টাৰলৈ ৩-৩ ব্যৱধানত ড্ৰ’ কৰি ৰাখে মেচ। অৱশ্যে চতুৰ্থ কোৱাৰ্টাৰত  আন এটা পেনাল্টি কৰ্ণাৰ কাৰ্যকৰী কৰি অধিনায়ক হৰমনপ্ৰীতে ভাৰতৰ বিজয় নিশ্চিত কৰি তোলে।

পুল এৰ আন এখন মেচত জাপানেও দৰ্শনীয় আৰম্ভণি ঘটাই সম্পূৰ্ণ একপক্ষীয়ভাৱে কাজাখাস্তানক ৭-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। আনহাতে, পুল বিত দক্ষিণ কোৰিয়াই চাইনিজ টাইপেইক ৭-০ ব্যৱধানত পৰাস্ত কৰে। ইফালে পাকিস্তানৰ স্থানত এই প্ৰতিযোগিতাত অংশ লোৱা বাংলাদেশ পৰাজয়ৰ সন্মুখীন হয়। মালয়েছিয়াৰ বিপক্ষে ৪-১ গ’লত পৰাস্ত হয় বাংলাদেশ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব