Asia Cup 2025 India won: এছিয়া কাপ ২০২৫ ৰ খিতাপ দখল ভাৰতৰ, পৰাস্ত পাকিস্তান…

Asia Cup 2025 India won: এছিয়া কাপ ২০২৫ ৰ খিতাপ দখল কৰিলে ভাৰতে। এছিয়া কাপৰ ৪১ বছৰৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত ফাইনেল অনুষ্ঠিত হৈছিল। য'ত ভাৰতে জয় লাভ কৰে।

Asia Cup 2025 India won: এছিয়া কাপ ২০২৫ ৰ খিতাপ দখল ভাৰতৰ, পৰাস্ত পাকিস্তান...

ভাৰত

Published: 

29 Sep 2025 00:05 AM

এছিয়া কাপ ২০২৫ ৰ খিতাপ দখল ভাৰতৰ। নৱমবাৰৰ বাবে ভাৰতে এছিয়া কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়। আজিৰ খেলত ভাৰতে পাকিস্তানক হৰুৱায়। ৫ উইকেটত জয়লাভ ভাৰতৰ। পাকিস্তানে প্ৰথমে বেটিং কৰি ভাৰতক বান্ধি দিছিল ১৪৭ ৰানৰ লক্ষ্য। ২ টা বল বাকী থকা অৱস্থাত ভাৰতে ৫ টা উইকেটৰ বিনিময়ত ১৫০ ৰান কৰিবলৈ সক্ষম হয়।

ভাৰতৰ খেল

ভাৰতৰ অভিশেষ শৰ্মাই প্ৰথমে বেটিং কৰিবলৈ আহি ৬ টা বলত ৫ ৰান কৰে। লগতে শুভমন গিলে ১০ টা বলত ১২ ৰান, সূৰ্য কুমাৰ যাদৱে ৫ টা বলত ১ ৰান, সঞ্জু চেমছনে ২১ টা বলত ২৪ ৰান, তিলক বৰ্মাই ৫৩ টা বলত ৬৯ ৰান, শিৱম ডুবে ২২ টা বলত ৩৩ ৰান, ৰিংকু সিঙে ১টা বলত ৪ ৰান কৰে।

ভাৰতৰ বলাৰসকলৰ প্ৰদৰ্শন আছিল আকৰ্ষণীয়। কুলদ্বীপ যাদৱে এটা অভাৰতে ৩ টাকৈ উইকেট লয়। কুলদ্বীপে ৪ অভাৰত ৩০ ৰান দি ৪ উইকেট লয়। বৰুণ চক্ৰৱৰ্তী আৰু অক্ষৰ পেটেলেও নিজৰ নামত ২ টা উইকেট কৰে। ইফালে বুমৰাহে ৩.১ অভাৰ বলিং কৰি ২৫ ৰান দিয়ে আৰু ২ টা উইকেট লয়। প্ৰথম অৱস্থাত পাকিস্তানৰ ১১৩ ৰানত মাত্ৰ ১টা উইকেট যায়। কিন্তু তাৰ পাছত খেল সলনি হয়। পাছৰ মাত্ৰ ৩৩ ৰানত পাকিস্তানে ৯টা উইকেট হেৰুৱায়।

পাকিস্তানৰ ১৪৬ ৰান

পাকিস্তান ক্ৰিকেট দলৰ শ্বাহিবজাদা ফৰহানে ৩৮ টা বলত ৫৭ ৰান কৰে। ইয়াৰ লগতে ফখৰ জামানে ৩৫ টা বলত ৪৬ ৰান, ছৈম আয়ুবে ১১ টা বলত ১৪ ৰান, মহম্মদ হাৰিছে ২ টা বলত ০ ৰান, ছলমান আলি আগহাই ৭টা বলত ৮ ৰান, হুচেইন টালাটে ২ টা বলত ১ ৰান, মহম্মদ নাৱাজে ৯ টা বলত ৬ ৰান, শ্বাহিন আফ্ৰিদিয়ে ২ টা বলত ০ ৰান, হাৰিশ ৰাউফে ৪ টা বলত ৬ ৰান আৰু আবৰাৰ আহমেদ (নট আউট) য়ে ২ টা বলত ১ ৰান কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, এছিয়া কাপৰ ৪১ বছৰৰ ইতিহাসত আজি প্ৰথমবাৰৰ বাবে ভাৰত আৰু পাকিস্তান ফাইনেলত মুখামুখি হৈছিল। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই খেলত চকু আছিল সমগ্ৰ ক্ৰিকেটপ্ৰেমীৰ। য’ত ভাৰতে খিতাপ দখল কৰিবলৈ সক্ষম হয়।

 

অন্য খবৰ পঢ়ক- এছিয়া কাপৰ ফাইনেলৰ মাজতে ডাঙৰ খবৰ! দলৰ পৰা বাহিৰ হাৰ্দিক পাণ্ডিয়া…

কেতিয়াও আনৰ পৰা বিনামূলীয়াকৈ নল'ব এই ৫ বিধ বস্তু! বাস্তু শাস্ত্ৰৰ পৰা জানক...
খাদ্য খোৱাৰ পিছত এই ৫টা কাম কৰা মানেই বিপদ মতা! জানি লওক এতিয়াই
দিনটোৰ কোনখিনি সময় মগু খোৱাৰ বাবে আটাইতকৈ উপযুক্ত! জানেনে এই বিষয়ে?
ধনবান হোৱাৰ সহজ উপায়! চাণক্যৰ নীতিৰ পৰা জানক...