ভাৰত-পাক ফাইনেলৰ পূৰ্বে সাৱধানতা! নিষিদ্ধ কৰা হ’ল এইসমূহ সামগ্ৰীক, লগত থাকিলেই পৰিব বিপদত

বহু প্ৰত্যাশিত মেচখনৰ প্ৰতি লক্ষ্য ৰাখি ইফালে আৰক্ষীয়ে এক বিশেষ জাননী জাৰি কৰিছে। এই জাননী যোগে বহু সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেৱল ইমানেই নহয়, নিয়ম উলংঘা কৰাসকলৰ বাবে কঠোৰ ব্যৱস্থা আৰু জৰিমনা বিহা হ’ব বুলিও সকীয়াই দিছে আৰক্ষীয়ে।

ভাৰত-পাক ফাইনেলৰ পূৰ্বে সাৱধানতা! নিষিদ্ধ কৰা হ’ল এইসমূহ সামগ্ৰীক, লগত থাকিলেই পৰিব বিপদত

ভাৰত-পাক ফাইনেলৰ বাবে আৰক্ষীৰ নিৰ্দেশনা

Published: 

28 Sep 2025 | 05:39 PM

ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ হাইপ্ৰফাইল এছিয়া কাপ ২০২৫ৰ ফাইনেল। ভাৰত-পাক মেচৰ পৰিচিত উন্মাদনা এইবাৰ কিছু কম যদিও অনুৰাগীসকলৰ মাজত আজিৰ মেচক লৈ উৎকণ্ঠা নাই বুলিলে ভুল কোৱা হ’ব। ইতিমধ্যেই চূড়ান্ত মেচখনৰ সকলো টিকট বিক্ৰী হোৱাৰ দিশটোৱেই এয়া প্ৰমাণ কৰে। এই বহু প্ৰত্যাশিত মেচখনৰ প্ৰতি লক্ষ্য ৰাখি ইফালে ডুবাই আৰক্ষীয়ে এক বিশেষ জাননী জাৰি কৰিছে। এই জাননী যোগে বহু সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

কেৱল ইমানেই নহয়, নিয়ম উলংঘা কৰাসকলৰ বাবে কঠোৰ ব্যৱস্থা আৰু জৰিমনা বিহা হ’ব বুলিও সকীয়াই দিছে ডুবাই আৰক্ষীয়ে। আজিৰ মেচখন ষ্টেডিয়ামত বহি উপভোগ কৰিব বিচৰা অনুৰাগীসকলৰ বাবে প্ৰকাশ কৰা হৈছে এই নিষিদ্ধ সামগ্ৰীৰ তালিকা। ডুবাই আৰক্ষীয়ে অনুৰাগীসকলক নিৰ্ধাৰিত আৰম্ভণিৰ সময়ৰ কমেও তিনি ঘণ্টা পূৰ্বে ষ্টেডিয়ামত উপস্থিত হ’বলৈ পৰামৰ্শ দিয়ে।

আৰক্ষীৰ নিৰ্দেশনা অনুসৰি প্ৰতিটো টিকটত মাত্ৰ এজন ব্যক্তিকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে আৰু পুনৰ প্ৰৱেশৰ কোনো অনুমতি নাই। খেলৰ সময়ত ষ্টেডিয়ামৰ পৰা ওলাই অহা অনুৰাগীসকলকো ঘূৰি আহিবলৈ দিয়া নহ’ব। ভাৰত আৰু পাকিস্তানৰ অনুৰাগীয়ে ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ভিতৰত কঢ়িয়াই নিব নোৱাৰা অৰ্থাৎ নিষিদ্ধ সামগ্ৰীৰ তালিকা অফিচিয়েল ৱেবছাইটতো প্ৰকাশ কৰা হৈছে।

 

ডুবাই আৰক্ষীয়ে জনাইছে যে এই নিষিদ্ধ সামগ্ৰীসমূহ ষ্টেডিয়ামৰ ভিতৰত ধৰা পৰিলে ১.২ লাখৰ পৰা ৭.২৪ লাখ টকালৈ জৰিমনা বিহা হ’ব, লগতে তিনি মাহ পৰ্যন্ত কাৰাদণ্ড বিহা হ’ব। পৰিৱেশ বিঘ্নিত কৰিবলৈ চেষ্টা কৰা অনুৰাগীসকলে ২.৪১ লাখৰ পৰা ৭.২৪ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব পাৰে। এছিয়া কাপৰ ফাইনেলৰ বাবে বিশেষ বাহিনী নিয়োগ কৰা হৈছে বুলিও জানিবলৈ দিয়া হৈছে।

ডুবাই আৰক্ষীয়ে প্ৰকাশ কৰা নিষিদ্ধ সামগ্ৰীৰ তালিকাত আছে-

ফটকা, ফুলজাৰি, লেজাৰ পইণ্টাৰ, আন যিকোনো বিপজ্জনক বস্তু।

ধাৰ থকা সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ, বিষাক্ত পদাৰ্থ, আৰু ৰিম’ৰ্ট কণ্ট্ৰল সামগ্ৰী।

ডাঙৰ ছাতি, কেমেৰা ট্ৰাইপড, চেলফি ষ্টিক, আৰু অকৰ্তৃত্বশীল পেছাদাৰী ফটোগ্ৰাফী।

আয়োজকৰ অনুমোদন লাভ নকৰা বেনাৰ আৰু পতাকা।

পোহনীয়া জন্তু, চাইকেল, স্কেটবৰ্ড, স্কুটাৰ, আৰু কাঁচৰ সামগ্ৰী আদি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব