Team India’s Jersey Sponsor: ভাৰতীয় ক্ৰিকেট দলৰ নতুন স্পনছ’ৰ এপ’ল’ টায়াৰ, এখন মেচত দিব কিমান টকা?
Team India's Jersey Sponsor: এপ'ল' টায়াৰে টিম ইণ্ডিয়াৰ জাৰ্চিত ড্ৰিম ১১ৰ স্থান ল'ব। এপ’ল’ টায়াৰৰ সৈতে টিম ইণ্ডিয়াৰ চুক্তি ২০২৭ চনলৈকে হৈছে।

ভাৰতীয় ক্ৰিকেট দলৰ নতুন স্পনছ'ৰ এপ'ল' টায়াৰ
এছিয়া কাপৰ উত্তেজনাৰ মাজতে এটা ডাঙৰ খবৰ আহিছে, সেই অনুসৰি টিম ইণ্ডিয়াই নতুন জাৰ্চিৰ স্পনছ’ৰ লাভ কৰিছে। এপ’ল’ টায়াৰে এই দৌৰত আগবাঢ়িছে। এতিয়া টিম ইণ্ডিয়াৰ জাৰ্চিত ড্ৰিম ১১ৰ ঠাই ল’ব। এপ’ল’ টায়াৰৰ সৈতে টিম ইণ্ডিয়াৰ চুক্তি ২০২৭ চনলৈকে। এই সময়ছোৱাত ভাৰতে প্ৰায় ১৩০খন মেচ খেলিব।
এপ’ল’ টায়াৰে এখন মেচৰ বাবে ইমান টকা দিব
এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, এই চুক্তিখনৰ মূল্য কিমান? প্ৰতিবেদন অনুসৰি এপ’ল’ টায়াৰে এখন মেচৰ বাবে প্ৰায় ৪.৫ কোটি টকা দিব, যিটো পূৰ্বৰ চুক্তিৰ পৰিমাণতকৈ ৫০ লাখ টকা বেছি। Dream11ৰ এই চুক্তিৰ মূল্য আছিল এখন মেচৰ বাবে ৪ কোটি টকা।
তেওঁলোকক পৰাস্ত কৰি এপ’ল’ টায়াৰ হৈ পৰিল স্পনছ’ৰ
টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি কেনভা আৰু জে কে টায়াৰেও টিম ইণ্ডিয়াৰ জাৰ্চি স্পনছ’ৰ হোৱাৰ দৌৰত আছিল। কিন্তু, এপ’ল’ টায়াৰে দুয়োটাক পিছ পেলাই আগুৱাইছে। এই সকলোবোৰৰ উপৰিও বিৰলা অপ্টাছ পেইণ্টছেও স্পনছ’ৰ হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু তেওঁলোকে নিবিদা দিবলৈ আগবাঢ়ি নাহিল।
টিম ইণ্ডিয়াৰ স্পনছ’ৰ হোৱাৰ নিবিদা ১৬ ছেপ্টেম্বৰত ৰখা হৈছিল। আনহাতে বিচিচিআইয়ে ২ ছেপ্টেম্বৰত নিবিদা বিচাৰিছিল। বিচিচিআইয়ে নিজৰ প্ৰেছ বিজ্ঞপ্তিযোগে স্পষ্ট কৰি দিছিল যে গেমিং, বেটিং, ক্ৰিপ্টো আৰু ধঁপাতৰ সৈতে জড়িত কোম্পানীসমূহে স্পনছ’ৰৰ বাবে আবেদন কৰিব নোৱাৰে। এই সকলোবোৰৰ উপৰিও বেংকিং, বিত্তীয় কোম্পানী, ক্ৰীড়া সাজ প্ৰস্তুত কৰা কোম্পানীকো বিচিচিআইৰ পৃষ্ঠপোষকতা নিবিদাৰ পৰা আঁতৰাই ৰখা হৈছিল।
টিম ইণ্ডিয়াৰ জাৰ্চিত কেতিয়া দেখা যাব এপ’ল’ক?
বৰ্তমান ইউ এ ইৰ দুখন চহৰ আবুধাবি আৰু ডুবাইত অনুষ্ঠিত হোৱা এছিয়া কাপ ২০২৫ত টিম ইণ্ডিয়াই খেলি আছে। ভাৰতীয় দলটোৱে এই বহুজাতিক প্ৰতিযোগিতাত জাৰ্চি অবিহনে খেলিছে। এপ’ল’ টায়াৰে নিশ্চিতভাৱে ভাৰতৰ নিউ জাৰ্চিৰ পৃষ্ঠপোষকতা লাভ কৰিছে। কিন্তু এই প্ৰতিযোগিতাৰ পিছতহে ভাৰতীয় দলৰ জাৰ্চিত ইয়াৰ ল’গ’ দেখা পোৱাৰ সম্ভাৱনা আছে।