কোহলী উপাধিটো ক’ৰ পৰা আহিল? পাকিস্তানৰ সৈতে কি সম্পৰ্ক আছে ‘কোহলী’ৰ?
দেশ আৰু ধৰ্মৰ পাৰ্থক্য পাহৰি যেতিয়াই বিৰাটে বেট লৈ ২২ গজৰ বাউণ্ডেৰীত প্ৰৱেশ কৰিছিল, তেতিয়াই গেলেৰীত মাথোঁ এটা মাত উঠিছিল, ‘কোহলী...কোহলী...’ কিন্তু সমগ্ৰ বিশ্বৰ চিনাকি বিৰাট কোহলী নামটোৰ অৰ্থ জানেনে? কোহলী উপাধিটো ক’ৰ পৰা আহিল?

বিৰাট কোহলী
ইতিমধ্যে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে বিৰাট কোহলীয়ে। হাজাৰ হাজাৰ অনুৰোধক আওকাণ কৰি অৱসৰ ল’লে কিং কোহলীয়ে। সকলোৱে মুখত এতিয়া এটাই কথা ভাৰতীয় টেষ্ট ক্ৰিকেটত কোহলীৰ স্থান ল’ব পৰা হয়তো দ্বিতীয়জন নোলাব। কেৱল টেষ্টতেই নহয়, যেতিয়াই বিৰাটে নিজৰ বেট লৈ ২২ গজৰ বাউণ্ডেৰীত প্ৰৱেশ কৰে, দেশ-ধৰ্মৰ পাৰ্থক্য পাহৰি, গেলেৰীৰ পৰা কেৱল ‘কোহলী…কোহলী…’ ধ্বনি শুনা যায়। কিন্তু সমগ্ৰ বিশ্বতে চৰ্চিত বিৰাট কোহলী নামটোৰ অৰ্থ জানেনে? কোহলী উপাধিটো ক’ৰ পৰা আহিল? জানো আহক..
জনা যায় যে কোহলী উপাধি ভাৰতৰ উত্তৰ-পশ্চিম অংশত বিশেষকৈ পঞ্জাৱ অঞ্চলত পোৱা এটা বিশিষ্ট উপাধি। বিশেষকৈ শিখ আৰু হিন্দু ক্ষত্ৰীয় সম্প্ৰদায়ৰ মাজত এই উপাধি পোৱা যায়। কোহলী নামটোৰ আক্ষৰিক অৰ্থ স্পষ্ট নহয়, কিয়নো ই জাতি বা বংশগত উপাধি। কিন্তু কিছুমান পণ্ডিতৰ মতে এই উপাধিটো কোনো প্ৰাচীন গাঁও বা ঠাইৰ লগত জড়িত হ’ব পাৰে। এই সম্প্ৰদায়ৰ মানুহ আগতে য’ত বাস কৰিছিল। ইয়াৰ পৰাই হয়তো এই উপাধিটোৰ উৎপত্তি হৈছে।
কিছুমান সূত্ৰত কোহলীক যোদ্ধা বা প্ৰশাসনিক জাতিৰ সৈতেও জড়িত কৰা হৈছে। কোহলী উপাধিটো হিন্দু ক্ষত্ৰীয় সম্প্ৰদায়ৰ পৰা আহিছে, বিশেষকৈ বনিয়া (ব্যৱসায়ী) আৰু ক্ষত্ৰীয় জাতিৰ মাজত পোৱা যায়। পিছলৈ কোহলী সম্প্ৰদায়ৰ বহু লোকে শিখ ধৰ্ম গ্ৰহণ কৰি গুৰু সম্প্ৰদায়ত যোগদান কৰে। পঞ্জাৱৰ বহু শিখ পৰিয়ালত কোহলী উপাধি পোৱা যায় বিভাজনৰ পূৰ্বে বহু কোহলীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। পাকিস্তানৰ লাহোৰ, গুজৰাণৱালা, কৰাচী আদি ঠাইত কোহলী পোৱা যায়।
কোহলী পৰিয়ালৰ উৎপত্তি পঞ্জাৱত বুলি ধাৰণা কৰা হৈছে। তেওঁলোকে মূলতঃ লাহোৰ, গুজৰাণৱালা, অমৃতসৰ, জলন্ধৰ, হোছিয়াৰপুৰ আদি অঞ্চলত বাস কৰিছিল। ভাৰত বিভাজনৰ পিছত তেওঁলোকৰ বহুতেই দিল্লী, পঞ্জাৱ, জম্মু, হিমাচল প্ৰদেশ, আৰু হাৰিয়ানাত বিভিন্ন ঠাইত বসতি স্থাপন কৰিছিল। কোহলী উপাধিৰ লগত ঐতিহাসিক আৰু সামাজিক পৰম্পৰা জড়িত হৈ আছে। ইয়াৰ শিপা পঞ্জাৱৰ ক্ষত্ৰীয় জাতি আৰু বণিক সমাজৰ মাজত বিয়পি আছে।