প্ৰতিদ্বন্দী দুই ভাৰতীয় তাৰকা! পাকিস্তানৰ বিপক্ষে খেলপথাৰত কৰিছিল ‘তাণ্ডৱ’, এতিয়া ICC- এ দিব অন্তিম ৰায়
এছিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিব নালাগে বুলি অধিকাংশ অনুৰাগীয়ে মত প্ৰকাশ কৰিছিল যদিও পিছত মেচ সম্পন্ন হয়। খেল সম্পন্ন হ’লেও দুয়ো দলৰ খেলুৱৈৰ মাজত খেলপথাৰত যথেষ্ট বিবাদ পৰিলক্ষিত হৈছিল। অৱশ্যে এনে বিবাদৰ পিছতো এছিয়া কাপ জয় কৰি ভাৰতীয় দলে অনুৰাগীৰ মুখত হাঁহি ফুটাই তুলিছিল।

ভাৰতীয় ক্ৰিকেট দল
ভাৰতীয় ক্ৰিকেটৰ বাবে বিগত ছেপ্টেম্বৰ মাহটো আছিল যথেষ্ট সফল। দৰ্শনীয় প্ৰদৰ্শনেৰে ভাৰতীয় দলে ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা এছিয়া কাপ ২০২৫ৰ খিতাপ জয় কৰিছিল। প্ৰতিযোগিতাৰ সময়ত ভাৰতীয় দলে পাকিস্তানকো তিনিখনকৈ মেচত পৰাস্ত কৰে। এছিয়া কাপ ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা পাকিস্তানৰ বিপক্ষে ভাৰতৰ মেচক কেন্দ্ৰ কৰি যথেষ্ট বাদ-বিবাদৰ সৃষ্টি হৈছিল। পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিব নালাগে বুলি অধিকাংশ অনুৰাগীয়ে মত প্ৰকাশ কৰিছিল যদিও পিছত মেচ সম্পন্ন হয়।
খেল সম্পন্ন হ’লেও দুয়ো দলৰ খেলুৱৈৰ মাজত খেলপথাৰত যথেষ্ট বিবাদ পৰিলক্ষিত হৈছিল। অৱশ্যে এনে বিবাদৰ পিছতো এছিয়া কাপ জয় কৰি ভাৰতীয় দলে অনুৰাগীৰ মুখত হাঁহি ফুটাই তুলিছিল। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়ায়।
এই প্ৰদৰ্শনৰ সুবাদত দুগৰাকী ভাৰতীয় খেলুৱৈয়ে এতিয়া ছেপ্টেম্বৰ মাহৰ ‘আইচিচি প্লেয়াৰ অৱ দ্য মন্থ’ বঁটাৰ বাবে মনোনীত হৈছে। এই দুই খেলুৱৈ হৈছে ক্ৰমে ভাৰতীয় দলৰ অপেনিং বেটাৰ অভিষেক শৰ্মা আৰু স্পিনাৰ কুলদীপ যাদৱ। তেওঁলোকৰ লগতে জিম্বাবুৱেৰ বেটছমেন ব্রায়ান বেনেটকো মনোনীত কৰা হৈছে৷
শীৰ্ষত আছে অভিষেক শৰ্মা
ভাৰতীয় দলৰ যুৱ বেটাৰ অভিষেক শৰ্মাই নিজৰ বিস্ফোৰক বেটিঙেৰে ছেপ্টেম্বৰ মাহত শিৰোনাম দখল কৰিছিল। এছিয়া কাপত তিনিটা অৰ্ধশতকসহ ৭খন মেচত ২০০তকৈ অধিক ষ্ট্ৰাইক ৰেটেৰে তেওঁ মুঠ ৩১৪ ৰান সংগ্ৰহ কৰে। এনে প্ৰদৰ্শনেৰে অভিষেক প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল।
পাকিস্তানৰ বিপক্ষে ফাইনেলত ব্যৰ্থ হ’লেও অভিষেকে গ্ৰুপ মেচত মাত্ৰ ১৩ বলত ৩১ ৰান সংগ্ৰহ কৰিছিল। তাৰ পিছত ছুপাৰ ৪ৰ মেচতো অভিষেকে পাকিস্তানৰ বিপক্ষে মাত্ৰ ৩৯টা বলত ৭৪ ৰান সংগ্ৰহ কৰিছিল। তালিকাত স্থান পোৱা আনগৰাকী ভাৰতীয় তাৰকা কুলদীপৰ প্ৰদৰ্শনো আছিল উচ্চ প্ৰসংশনীয়।
কুলদীপৰ সৈতে প্ৰতিদ্বন্দিতা
এছিয়া কাপত কুলদীপ যাদৱেও নিজৰ স্পীন ঘূৰ্ণীৰে প্ৰতিপক্ষৰ বেটাৰক শলঠেকত পেলাই সৰ্বাধিক ১৭টা উইকেট দখল কৰিছিল। মাত্ৰ ৬.২৭ ইকনমি ৰেটেৰে বলিং কৰি কুলদীপ প্ৰতিযোগিতাৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হয়। পাকিস্তানৰ বিপক্ষে ফাইনেলত তেওঁ চাৰি উইকেট দখল কৰাৰ লগতে গ্ৰুপ মেচত ৩টা আৰু ছুপাৰ ৪ মেচত এটা উইকেট লাভ কৰিছিল।
ব্রায়ান বেনেটো আছে তালিকাত
জিম্বাবুৱেৰ যুৱ বেটাৰ ব্রায়ান বেনেটেও ছেপ্টেম্বৰ মাহত নিজৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিছিল৷ মাহটোত ৯খন টি-২০ মেচত তেওঁ ৫৫.২২ গড়ে আৰু ১৬৫.৬৬ ষ্ট্ৰাইক ৰেটেৰে ৪৯৭ ৰান সংগ্ৰহ কৰে। অহা বৰ্ষত অনুষ্ঠিত হ’বলগা টি-২০ বিশ্বকাপৰ বাবে জিম্বাবুৱেৰ যোগ্যতা অৰ্জনতো বেনেটে উল্লেখনীয় ভূমিকা পালন কৰিছিল।