নাগপুৰত উঠিল অভিষেক লহৰ, শক্তি দেখুৱালে ৰিংকুৱেও; প্ৰথম টি-২০ত হাৰ মানিলে কিৱি বাহিনীয়ে
অভিষেক শৰ্মাই আৰম্ভণিৰে পৰা আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ৩৫টা বলত ৮৪ ৰানৰ এক বিধ্বংসী ইনিংছ খেলি কিৱি শিবিৰক বিপৰ্যস্ত কৰাৰ লগতে ভাৰতৰ ভেটি শক্তিশালী কৰি তোলে। তেওঁৰ এই ইনিংছটোত থাকে ৫টা চাৰি আৰু ৮টা ছয়।

প্ৰথম টি-২০ত জয়ী ভাৰত
কাষ চাপি আহিছে ২০২৬ চনৰ টি-২০ বিশ্বকাপ। ডিফেণ্ডিং চেম্পিয়ন হিচাপে এইবাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ভাৰতীয় দল। গতিকে নিউজিলেণ্ডৰ বিপক্ষে আজিৰ পৰা আৰম্ভ হোৱা টি-২০ শৃংখলা ভাৰতীয় দলৰ বাবে হৈ পৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ। তদুপৰি ঘৰৰ মাটিতে শেহতীয়াকৈ এদিনীয়া শৃংখলাত পৰাস্ত হোৱাৰ পিছত এই টি-২০ শৃংখলাটো আত্মবিশ্বাস ঘূৰাই অনাৰ বাবেও হৈ পৰিছিল বিশেষ। আৰু অনুৰাগীক নিৰাশ নকৰি আজি ভাৰতীয় দলে নাগপুৰত কিৱি বাহিনীৰ বিৰুদ্ধে লাভ কৰিছে আকাংক্ষিত বিজয়।
নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ’চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল আজি ভাৰত-নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া মেচৰ টি-২০ শৃংখলাটোৰ প্ৰথমখন মেচ। এই মেচখনত ভাৰতে নিউজীলেণ্ডক ৪৮ ৰানৰ ব্যৱধানত পৰাস্ত কৰি ১-০ ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়।
বেটিঙত অভিষেক-ৰিংকুৰ তাণ্ডৱ
টছত জয়ী হৈ নিউজীলেণ্ডে ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। পিছে কিৱি বলিং লাইন আপৰ বাবে এই সিদ্ধান্ত হৈ পৰে হিতে বিপৰীত। অভিষেক শৰ্মাই আৰম্ভণিৰে পৰা আক্ৰমণাত্মক বেটিঙেৰে মাত্ৰ ৩৫টা বলত ৮৪ ৰানৰ এক বিধ্বংসী ইনিংছ খেলি কিৱি শিবিৰক বিপৰ্যস্ত কৰাৰ লগতে ভাৰতৰ ভেটি শক্তিশালী কৰি তোলে।
তেওঁৰ এই ইনিংছটোত থাকে ৫টা চাৰি আৰু ৮টা ছয়। অৱশ্যে ব্যৰ্থ হয় অপেনাৰ সঞ্জু চেমচনৰ লগতে দীৰ্ঘদিনৰ মূৰত দলত সুযোগ পোৱা ঈশান কিষাণ আৰু শিৱম ডুবে। অধিনায়ক সূৰ্যকুমাৰ যাদৱ (৩২) আৰু হাৰ্দিক পাণ্ডিয়াই (২৫) অৱশ্যে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
শেষৰ ফালে ৰিংকু সিঙে মাত্ৰ ২০টা বলত ৪৪ ৰানৰ অপৰাজিত ইনিংছ খেলি ভাৰতৰ স্ক’ৰ নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেটত ২৩৮ ৰানত উপনীত কৰায়। নিউজিলেণ্ডৰ হৈ জেকব ডাফীয়ে উন্নত প্ৰদৰ্শন দাঙি ধৰি ২৭ ৰানত দুটা উইকেট দখল কৰে। জেমিচনেও দুটা উইকেট দখল কৰে যদিও ব্যয় কৰে ৫৭ ৰান।
অথলে গ’ল ফিলিপছৰ যুঁজ
২৩৯ ৰানৰ বিশাল লক্ষ্য আগত লৈ বেটিং কৰিবলৈ নমা নিউজীলেণ্ডৰ আৰম্ভণি একেবাৰেই সুখকৰ নাছিল। অৰ্শদীপ সিং আৰু হাৰ্দিক পাণ্ডিয়াই কিৱি বাহিনীৰ বেটিং ক্ৰমত আৰম্ভণিতেই আঘাত হানে। গ্লেন ফিলিপছে ৪০টা বলত ৭৮ ৰানৰ এক যুঁজাৰু ইনিংছ খেলে যদিও দলটোৱে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৯০ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।
ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তী আৰু শিৱম ডুবেই ২টাকৈ উইকেট দখল কৰে। এই মেচখনে টি-২০ ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰে। দুয়োটা দলে মিলি মেচখনত মুঠ ৪২৮ ৰান সংগ্ৰহ কৰে, যিটো ভাৰত আৰু নিউজীলেণ্ডৰ মাজত অনুষ্ঠিত যিকোনো টি-২০ মেচত এতিয়ালৈকে হোৱা সৰ্বাধিক ৰানৰ নতুন অভিলেখ।