অভিনৱ বিন্দ্ৰালৈ ‘অলিম্পিক অৰ্ডাৰ’ সন্মানঃ গৌৰৱেৰে অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে অভিনৱ বিন্দ্ৰাক সন্মানিত কৰিছে ‘অলিম্পিক অৰ্ডাৰ’ সন্মানেৰে। ‘অলিম্পিক আন্দোলন’লৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে বিন্দ্ৰাক এই সন্মান জনাইছে  অলিম্পিক সমিতিয়ে। অহা ১০ আগষ্টত পেৰিছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ১৪২ সংখ্যক অধিৱেশনৰ সময়ত বিন্দ্ৰাক এই সন্মান প্ৰদান কৰা হ’ব।

অভিনৱ বিন্দ্ৰালৈ ‘অলিম্পিক অৰ্ডাৰ’ সন্মানঃ গৌৰৱেৰে অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

অলিম্পিক অৰ্ডাৰ সন্মানেৰে সন্মানিত অভিনৱ বিন্দ্ৰা

Published: 

25 Jul 2024 | 05:01 PM

কাইলৈৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব পেৰিছ অলিম্পিক। দেশৰ ধ্বজা সগৌৰৱেৰে উত্তোলনৰ লক্ষ্যৰে পেৰিছত নিজ নিজ শিতানত প্ৰতিদ্বন্দিতাৰ বাবে সাজু হৈছে ১১৭ গৰাকী ভাৰতীয় খেলুৱৈ। এই বিশ্ব ক্ৰীড়া মহাৰণৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে দেশৰ ক্ৰীড়াপ্ৰেমীসকলেও। পিছে আনুষ্ঠানিকভাৱে অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বেই দেশে লাভ কৰিছে এক গৌৰৱৰ খবৰ। অলিম্পিকত ব্যক্তিগত শাখাত প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰা অভিনৱ বিন্দ্ৰাৰ জৰিয়তে পুনৰ বিশ্ব ক্ৰীড়াত ভাৰতে লাভ কৰিছে এক অনন্য সন্মান। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে অভিনৱ বিন্দ্ৰাক সন্মানিত কৰিছে ‘অলিম্পিক অৰ্ডাৰ’ সন্মানেৰে।

‘অলিম্পিক আন্দোলন’লৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে বিন্দ্ৰাক এই সন্মান জনাইছে  অলিম্পিক সমিতিয়ে। অহা ১১ আগষ্টত পেৰিছ অলিম্পিকৰ সামৰণি পৰিব আৰু তাৰ এদিন পূৰ্বে অৰ্থাৎ ১০ আগষ্টত পেৰিছত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ ১৪২ সংখ্যক অধিৱেশনৰ সময়ত বিন্দ্ৰাক এই সন্মান প্ৰদান কৰা হ’ব।

উল্লেখ্য যে অলিম্পিক অৰ্ডাৰ বঁটা হৈছে এজন ব্যক্তিক প্ৰদান কৰা সৰ্বোচ্চ অলিম্পিক সন্মান। ১৯৭৫ চনত অলিম্পিক অৰ্ডাৰ অৱ অনাৰ আৰম্ভ কৰা হয়। প্ৰথম অৱস্থাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ শাখাত বিশেষ অৱদান আগবঢ়োৱা খেলুৱৈক এই বঁটা প্ৰদান কৰা হৈছিল যদিও ১৯৮৪ চনত পুনৰীক্ষণৰ অন্তত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ৰূপ আৰু ব্ৰঞ্জৰ শাখা বিলুপ্ত কৰে।

এই পৰ্যন্ত বিশ্বৰ ১১৬ গৰাকী খেলুৱৈয়ে লাভ কৰিছে গোল্ড অলিম্পিক অৰ্ডাৰ বঁটা। আনহাতে অভিনৱ বিন্দ্ৰা হৈছে এই সন্মান লাভ কৰা একমাত্ৰ ভাৰতীয়। অভিনৱ বিন্দ্ৰা ফাউণ্ডেশ্যনৰ সহায়ত ভাৰতীয় ক্ৰীড়াৰ বিকাশৰ বাবে আগবাঢ়ি আহিছে বিন্দ্ৰা।  ইফালে অলিম্পিক অৰ্ডাৰ লাভ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনৱ বিন্দ্ৰাক অভিনন্দন জনায়।

এয়া প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। খেলুৱৈ হিচাপেই হওক খেলুৱৈসকলৰ গুৰু হিচাপেই হওক, অভিনৱ বিন্দ্ৰাই ক্ৰীড়া আৰু অলিম্পিক আন্দোলনত উল্লেখযোগ্য অৱদান আগবঢ়াইছে বুলি এক টুইট যোগে বিন্দ্ৰাক অভিনন্দন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। গৃ্হমন্ত্ৰী অমিত শ্বাহেও এই গৌৰৱৰ বাবে বিন্দ্ৰাক অভিনন্দন জনায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...