নৱম NESKFI নৰ্থ ইষ্ট কাৰাটে চেম্পিয়নশ্বিপ: অসমৰ পৰা ৰাওনা ১১৬ জনীয়া দল…

অহা ১১ অক্টোবৰৰ পৰা আইজলত অনুষ্ঠিত হ’ব NESKFI নৰ্থ ইষ্ট কাৰাটে চেম্পিয়নশ্বিপ। য'ত অংশ ল'ব অসমৰ খেলুৱৈয়ে। ইতিমধ্যে ইয়াৰ বাবে অসমৰ এটা দল মিজোৰামলৈ ৰাওনা হৈছে।

নৱম NESKFI নৰ্থ ইষ্ট কাৰাটে চেম্পিয়নশ্বিপ: অসমৰ পৰা ৰাওনা ১১৬ জনীয়া দল...

প্ৰতীকী ফটো

Published: 

09 Oct 2025 18:14 PM

অহা ১১ অক্টোবৰত মিজোৰামৰ আইজলত অনুষ্ঠিত হ’বলগীয়া নৱম NESKFI নৰ্থ ইষ্ট কাৰাটে চেম্পিয়নশ্বিপ-২০২৫ বাবে অসমৰ এটা বৃহৎ দল ৰাওনা হৈছে। ১১৬ জনীয়া এই দলটোৱে বৃহস্পতিবাৰে গুৱাহাটীৰ পল্টনবজাৰ ৰে’লৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰে।

দলটোত আছে ৭০ গৰাকী খেলুৱৈৰ লগতে ৮ গৰাকী প্ৰশিক্ষক, ৫ গৰাকী টীম মেনেজাৰ, ২১ গৰাকী টেকনিকেল অফিচিয়েল, এজন ফিজিঅ’ থেৰাপিষ্ট, সদৌ অসম কাৰাটে সন্থাৰ প্ৰতিনিধি আদি। এই প্ৰতিযোগিতাৰ বাবে ‘চীফ দ্য মিছন’ হিচাপে দায়িত্ব লাভ কৰিছে ৰবীন শইকীয়াই।

ছাব জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু ছিনিয়ৰ প্ৰতিটো বয়স শাখাতে অসমৰ ল’ৰা আৰু ছোৱালী উভয়ে অংশ গ্ৰহণ কৰিব। অসমৰ পৰা যোৱা এই দলটোৰ খেলুৱৈসকলে প্ৰতিযোগিতাখনত ব্যক্তিগত কাটা আৰু কুমিটে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে দলীয়ভাৱে কুমিটে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব।

আইজলৰ আৰ ডেংথুৱামা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। অল মিজোৰাম কাৰাটে এছোচিয়েছনৰ সহযোগত নৰ্থ ইষ্ট ষ্টেটছ কাৰাটে ফেডাৰচন অফ ইণ্ডিয়াই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ইয়াৰ মাজতে আজি প্ৰতিযোগিতাক অংশগ্ৰহণৰ বাবে ৰাওনা হৈছে অসমৰ দলটো।

অসমৰ পৰা যোৱা এই দলটোক শুভেচ্ছা জনাইছে সদৌ অসম কাৰাটে সন্থাৰ সভাপতি দিগন্ত কলিতাৰ লগতে সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে। তেওঁলোকে অসম দলটোৱে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব উজাৰি সৰ্বাধিক পদক লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি আশা প্ৰকাশ কৰি প্ৰতিগৰাকী সদস্যলৈ শুভেচ্ছা বাৰ্তা প্ৰৰেণ কৰিছে।

 

অন্য খবৰ পঢ়কঃ ৰিংকু সিঙক আণ্ডাৰৱৰ্ল্ডৰ ভাবুকি, ৫ কোটিৰ দাবী…

ভাগ্য সলনি হোৱাৰ ইংগিত, যদি দীপাৱলীৰ পূৰ্বে দেখে এই সপোন!
আপোনাৰ ঘৰতো চৰায়ে বাহ সাজিছে নেকি? শুভ নে অশুভ জানক...
দেৱালীৰ সময়ত ঘৰলৈ আনক এই সামগ্ৰী! উদয় হ'ব ভাগ্য...
হ'ব পাৰে আৰ্থিক সমস্যা! দেৱালীৰ পূৰ্বে ঘৰৰ পৰা আঁতৰ কৰক এই সামগ্ৰী...