সম্পূৰ্ণ লংকা দহনৰ পিছতো ৰাৱণৰ ৰাজপ্ৰাসাদ জ্বলোৱা নাছিল হনুমানে! জানেনে আঁৰৰ কাৰণ?

দৰবাৰত শাস্তি হিচাপে হনুমানৰ নেগুৰত জুই জ্বলাই দিয়া হয়। এই অপমানৰ প্ৰতিশোধ হিচাপে হনুমানে সমগ্ৰ লংকাত অগ্নিসংযোগ কৰে। কিন্তু সমগ্ৰ লংকা জ্বলাই ছাৰখাৰ কৰি পেলালেও ৰাৱণৰ ৰাজপ্ৰসাদত অগ্নিসংযোগ কৰাৰ পৰা হনুমান বিৰত থাকে। পিছে কিয় এনে কাম কৰে হনুমানে?

সম্পূৰ্ণ লংকা দহনৰ পিছতো ৰাৱণৰ ৰাজপ্ৰাসাদ জ্বলোৱা নাছিল হনুমানে! জানেনে আঁৰৰ কাৰণ?

ভগৱান হনুমান

Updated On: 

26 Dec 2025 | 04:30 PM

হিন্দু ধৰ্মৰ পবিত্ৰ গ্ৰন্থ মহাকাব্য ৰামায়ণৰ কাহিনী আমি সকলোৱে শুনিছো। ভগৱান ৰামৰ পৰম ভক্ত হনুমানৰ বীৰত্বৰ কথাও সেয়ে আমি সকলোৱ জানো। ৰামায়ণত হনুমানৰ লংকা দহনৰ কাহিনীও কোৱা হৈছে। হনুমানৰ এই লংকা দহনক অহংকাৰ ধ্বংসৰ প্ৰতীক বুলি কোৱা হয়। ৰাৱণৰ দ্বাৰা অপহৃত মাতা সীতাক বিচাৰি লংকাত উপস্থিত হৈছিল হনুমান। ইয়াৰ পিছত অশোক বনত মাতা সীতাৰ সাক্ষাৎ লভে হনুমানে আৰু অৰণ্যত অশোক বাটিকাৰ ফল খাই এফালৰ পৰা গছ উভালিবলৈ ধৰে।

ইফালে এই খবৰ লাভ কৰাৰ লগে লগে লংকা অধিপতি ৰাৱণে পুত্ৰ অক্ষয় কুমাৰক অশোক বনলৈ পঠিয়াই দিয়ে। পৰৱৰ্তী সময়ত অক্ষয় কুমাৰক হনুমানে হত্যা কৰে। ইয়াৰ পিছতে মেঘনাদ অশোক বনলৈ যায় আৰু হনুমানলৈ লক্ষ্য কৰি ব্ৰহ্মাস্ত্ৰ নিক্ষেপ কৰে। ব্ৰহ্মাস্ত্ৰৰ প্ৰতি সন্মান জনাই হনুমানে নিজকে নিজে বন্দী কৰে।

তাৰ পিছতে হনুমানক ৰাৱণৰ দৰবাৰত উপস্থিত কৰোৱা হয়। দৰবাৰত শাস্তি হিচাপে হনুমানৰ নেগুৰত জুই জ্বলাই দিয়া হয়। এই অপমানৰ প্ৰতিশোধ হিচাপে হনুমানে সমগ্ৰ লংকাত অগ্নিসংযোগ কৰে। কিন্তু সমগ্ৰ লংকা জ্বলাই ছাৰখাৰ কৰি পেলালেও ৰাৱণৰ ৰাজপ্ৰাসাদত অগ্নিসংযোগ কৰাৰ পৰা হনুমান বিৰত থাকে। পিছে কিয় এনে কাম কৰে হনুমানে?

বিভীষণৰ ভক্তিৰ প্ৰতি সন্মান

লংকা জ্বলোৱাৰ সময়ত হনুমানে লক্ষ্য কৰিছিল যে সমগ্ৰ নগৰখনত আসুৰিক আচৰণ কৰা হৈছে যদিও লংকাৰ এক স্থানত ৰাম নাম জপ কৰা হৈছিল। এই অট্টালিকাটোত শংখ, চক্ৰ আৰু গদাৰ প্ৰতীক অংকিত আছিল। এই প্ৰাসাদটো আছিল ৰাৱণৰ সৰু ভাতৃ বিভীষণৰ। হনুমানে জানিছিল যে বিভীষণ ভগৱান ৰামৰ ভক্ত আৰু শাস্ত্ৰ অনুযায়ী ভক্তৰ ঘৰ ভগৱানৰ মন্দিৰৰ দৰে।

এই কাৰণতে তেওঁ বিভীষণৰ ঘৰৰ কোনো ক্ষতি নকৰাকৈ আঁতৰি যায়। যিহেতু বিভীষণৰ প্ৰাসাদটো ৰাৱণৰ ৰাজপ্ৰাসাদৰ অতি ওচৰতে আছিল, সেয়েহে হনুমানে সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তা নিশ্চিত কৰিছিল। ৰাৱণৰ ৰাজপ্ৰাসাদত জুই নলগোৱাৰ আন এটা কাৰণ আছিল মাতা সীতা। মাতা সীতাক বিচাৰি উলিওৱা আৰু তেওঁক সুৰক্ষিত ৰখাটোৱেই আছিল হনুমানৰ প্ৰধান উদ্দেশ্য। ৰাৱণৰ ৰাজপ্ৰাসাদ আৰু অশোক বনৰ মাজত সংযোগ আছিল।

ৰাৱণৰ অহংকাৰ চূৰ্ণ

ভগৱান হনুমানে আশংকা কৰিছিল যে যদি তেওঁ মূল ৰাজপ্ৰাসাদত সম্পূৰ্ণৰূপে জুই লগাই দিয়ে, তেতিয়া সেই শিখাই অশোক বনো আগুৰি ধৰিব পাৰে, ফলত মাতা সীতায়ো কষ্ট ভুগিব। হনুমানৰ উদ্দেশ্য অৱশ্যে লংকা ধ্বংস কৰা নাছিল, বৰঞ্চ ৰাৱণৰ অহংকাৰ চূৰ্ণ কৰাহে আছিল। সমগ্ৰ লংকাত জুই লগাই তেওঁ লগতে ভগৱান শ্ৰীৰামৰ শক্তিৰো ইঙ্গিত দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...