পূজাৰ সময়ত ভগৱানৰ সন্মুখত কিয় চাকি জ্বলোৱা হয়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানক

সৰুৰে পৰা আমি মা অথবা পৰিয়ালৰ লোকে পূজা কৰাৰ সময়ত চাকি জ্বলোৱা নিশ্চয়কৈ দেখি আহিছো । ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মতে প্ৰতিদিনে ঘৰত চাকি জ্বলোৱা উচিত। ইয়াৰ ফলত ঘৰলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে। কিন্তু আপুনি জানেনে চাকি কিয় জ্বলোৱা হয় আৰু ইয়াৰ পৰা কি কি লাভ হয়?

পূজাৰ সময়ত ভগৱানৰ সন্মুখত কিয় চাকি জ্বলোৱা হয়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানক

পূজাৰ সময়ত কিয় চাকি জ্বলোৱা হয়?

Updated On: 

04 Jun 2025 15:14 PM

হিন্দু ধৰ্মত পূজা অথবা যিকোনো শুভ কামৰ পূৰ্বে চাকি জ্বলোৱা হয়। সৰুৰে পৰা আমি মা অথবা পৰিয়ালৰ লোকে পূজা কৰাৰ সময়ত চাকি জ্বলোৱা নিশ্চয়কৈ দেখি আহিছো । ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মতে প্ৰতিদিনে ঘৰত চাকি জ্বলোৱা উচিত। ইয়াৰ ফলত ঘৰলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে। কিন্তু আপুনি জানেনে চাকি কিয় জ্বলোৱা হয় আৰু ইয়াৰ পৰা কি কি লাভ হয়?

অগ্নিদেৱক সাক্ষী কৰি আৰম্ভ কৰা কাম সফল বুলি বিশ্বাস আছে। আমাৰ শৰীৰ গঠনত সহায় কৰা পাঁচটা উপাদানৰ ভিতৰত অগ্নিও অন্যতম। ইয়াৰ বাহিৰেও অগ্নি ভগৱান সূৰ্যৰ আন এক ৰূপ। পোহৰক জ্ঞানৰ প্ৰতীক বুলি গণ্য কৰা হয়। ভগৱানৰ সন্মুখত চাকি জ্বলালে ধনাত্মক শক্তিৰ বিকাশ হয় বুলি বিশ্বাস কৰা হয়। একাংশ লোকৰ মতে মন্দিৰত চাকি জ্বলালে ভগৱান প্ৰকাশিত হয়।জ্যোতিষৰ মতে, পৰিয়ালৰ লোকক ভয় আৰু শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতি সোমবাৰ আৰু শনিবাৰে চাকি জ্বলোৱা উচিত। ইয়াৰ বাহিৰেও ঘৰত ভগৱান বিষ্ণুৰ সন্মুখত ঘিউৰ চাকি জ্বলাব লাগে।

শনি দোষৰ পৰা মুক্তি

ৰাশিত ৰাহু-কেতুৰ দোষবোৰ আঁতৰাবলৈ ঘৰৰ মন্দিৰত তিচি তেলৰ চাকি জ্বলাব। ইয়াৰ বাহিৰেও শনিবাৰে সৰিয়হ তেলৰ চাকি জ্বলালে দিলে শনি শনি দোষৰ পৰা মুক্তি লাভ হয়।

আৰ্থিক সমস্যাৰ পৰা মুক্তি

যদি আপুনি আৰ্থিক সংকটৰ সৈতে যুঁজি আছে তেন্তে মা লক্ষ্মীৰ সন্মুখত সাতটা চাকি জ্বলাওক। ইয়াৰ দ্বাৰা আপোনাৰ সকলো সমস্যা দূৰ হ’ব। জ্যোতিষৰ মতে এই প্ৰতিকাৰৰ দ্বাৰা আৰ্থিক সংকট দূৰ কৰিব পাৰি। মা সৰস্বতীক সন্তুষ্ট কৰিবলৈ দুটা চাকি জ্বলাব লাগে। উপাৰ্জন বৃদ্ধিৰ বাবে বুধবাৰে গণেশৰ সন্মুখত তিনিমুখীয়া ঘিউৰ চাকি জ্বলাব লাগে।

সুখ-সমৃদ্ধি

বৃহস্পতিবাৰে ভগৱান বিষ্ণুৰ সন্মুখত ঘিউৰ চাকি জ্বলাসে পৰিয়ালত সুখ-সমৃদ্ধি আহে।

 

(অস্বীকাৰ: এই তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 অসমে ইয়াক নিশ্চিত নকৰে।)

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক