Durga Puja 2025 Date: দুৰ্গা পূজা কেতিয়া? প্ৰথম দুৰ্গা পূজাৰ আৰম্ভণি কোনে কৰিছিল জানক
হিন্দু ধৰ্মত দুৰ্গা পূজা অতি আড়ম্বৰেৰে পালন কৰা হয়। এই পূজা বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক হিচাপে পালন কৰা হয়। এই সময়ছোৱাত মা দুৰ্গাক নটা ভিন্ন ৰূপত পূজা কৰা হয়।

প্ৰথম দুৰ্গা পূজাৰ আৰম্ভণি কোনে কৰিছিল জানেনে?
দুৰ্গা পূজা এক গুৰুত্বপূৰ্ণ হিন্দু উৎসৱ। দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি প্ৰতিবছৰে অনুষ্ঠিত হয় দুৰ্গা পূজা বা দুৰ্গোৎসৱ। শাস্ত্ৰমতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গা পূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্ত-কালৰ দুৰ্গা পূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ-কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গাপূজা নামে জনাজাত। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গাপূজা পালন কৰে। ভাৰতৰ পশ্চিমবংগ, অসম, ওড়িশা, ত্ৰিপুৰা, বিহাৰ আৰু ঝাৰখণ্ডত দুৰ্গাপূজা সৰ্বাধিক জাকত-জিলিকা হয় আৰু পাঁচদিন-জোৰা বাৰ্ষিক বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হয়। বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গা পূজা পালন কৰে।
সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচদিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়।
হিন্দু ধৰ্মত দুৰ্গা পূজা অতি আড়ম্বৰেৰে পালন কৰা হয়। এই পূজা বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক হিচাপে পালন কৰা হয়। এই সময়ছোৱাত মা দুৰ্গাক নটা ভিন্ন ৰূপত পূজা কৰা হয়। মহালয়াৰ পৰা আৰম্ভ কৰি বিজয়া দশমীলৈকে দুৰ্গা পূজা পালন কৰা হয়। এইবাৰ কেতিয়া দুৰ্গা পূজা হ’ব জানক। লগতে মহালয়াৰ পৰা বিজয়া দশমীলৈকে গুৰুত্বপূৰ্ণ তাৰিখ আৰু ইয়াৰ লগত জড়িত গুৰুত্বৰ বিষয়েও জানি লওক।
এইবছৰ ২২ ছেপ্তেম্বৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হ’ব। পঞ্চমী – ২৭ ছেপ্টেম্বৰ ২০২৫ শনিবাৰ ( সময় ০৩:৪৮ বজাৰ পৰা ০৬:১২ বজালৈ), ষষ্ঠি – দেওবাৰ, ২৮ ছেপ্টেম্বৰ, ২০২৫, সপ্তমী ২৯ ছেপ্টেম্বৰ ২০২৫ সোমবাৰ, অষ্টমী ৩০ ছেপ্টেম্বৰ ২০২৫ মঙলবাৰ ( পূজাৰ সময় ২৯ ছেপ্টেম্বৰৰ বিয়লি ৪:৩১ বজাত আৰু ৩০ ছেপ্টেম্বৰত সন্ধিয়া ৬:০৬ বজাত শেষ হ’ব)। নৱমী ১ অক্টোবৰ ২০২৫ বুধবাৰ (মহানৱমী পূজাৰ সময় ৩০ ছেপ্টেম্বৰৰ সন্ধিয়া ৬:০৬ বজাত আৰু ১ অক্টোবৰৰ সন্ধিয়া ৭:০১ বজাত শেষ হ’ব)। দশমী ২ অক্টোবৰ ২০২৫ বৃহস্পতিবাৰ (দুৰ্গা বিসৰ্জন মুহুৰ্তা – পুৱা ৬:১৫ বজাৰ পৰা ৮:৩৭ বজালৈ)।
প্ৰথম দুৰ্গা পূজাৰ আৰম্ভণি
ব্ৰহ্মবৈবৰ্ত পুৰাণত উল্লেখ থকা অনুসাৰে এই দুৰ্গাপূজাৰ প্ৰৱৰ্তক স্বয়ং শ্ৰীকৃষ্ণ। দুৰ্গা পূজাৰ প্ৰবৰ্তনৰ একোটা কথিত আখ্যানো এই পুৰাণত পোৱা যায়। কোৱা উচিত হ’ব যে, এই ইতিহাসৰ কোনো প্ৰামাণিক তথ্য নাই।
দেৱী ভাগৱত পুৰাণ
দেৱী ভাগৱত অনুসৰি ব্ৰহ্মাৰ মানস পুত্ৰ মনুৱে পৃথিৱীৰ শাসনভাৰ পাই ক্ষীৰদধি তীৰত দেৱী দুৰ্গাৰ মৃণ্ময় মূৰ্তি নিৰ্মাণ কৰি আৰাধনা কৰে। আৰু এই সময়খিনিত তেওঁ তিনি বাগ্ভব বীজ জপ কৰে, লগতে আহাৰ আৰু শ্বাস গ্ৰহণ পৰিত্যাগ কৰি বছৰ-বছৰ ধৰি তেওঁ ঘোৰ তপস্যা কৰে। আৰু তাতে দেৱী দুৰ্গা প্ৰসন্ন হৈ মনুৰ আগত উপস্থিত হৈ মনুক বৰ দিলে “হে মহাবাহু, তোমাৰ প্ৰাৰ্থনা সিদ্ধ হওক। মই তোমাৰ সকলো প্ৰাৰ্থনীয় বিষয় দান কৰিছোঁ। বৎস! তোমাৰ ৰাজ্য নিষ্কণ্টক হওক আৰু তুমি পুত্ৰ লাভ কৰা।”
(অস্বীকাৰ: এই লেখাটোত দিয়া তথ্যসমূহ সাধাৰণ বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই)