আপোনাৰ আঁঠুতো তিল আছে নেকি? পিছে এয়া শুভ নে অশুভ! শাস্ত্ৰই কৰিছে এনে বাখ্যা…

হাতৰ ৰেখাৰ দৰেই শৰীৰৰ বিভিন্ন অংগৰ তিলে এজন মানুহৰ কেৰিয়াৰ আৰু জীৱনশৈলী কেনেকুৱা হ’ব পাৰে, তাৰ আগজাননী দিয়ে। বিশেষকৈ আঁঠুত থকা তিলৰ বিষয়ে সামুদ্ৰিক শাস্ত্ৰত কিছু বিশেষ বাখ্যা কৰা হৈছে। এনে আমোদজনক তথ্যৰ বিষয়ে জানো আহক।

আপোনাৰ আঁঠুতো তিল আছে নেকি? পিছে এয়া শুভ নে অশুভ! শাস্ত্ৰই কৰিছে এনে বাখ্যা...

আঁঠুত তিল থকাটো শুভ নে অশুভ

Updated On: 

20 Jan 2026 | 07:23 AM

সামুদ্ৰিক শাস্ত্ৰত মানুহৰ শৰীৰৰ সৰু-সৰু চিহ্ন আৰু তিলৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰা হৈছে। এই শাস্ত্ৰৰ মতে, শৰীৰত থকা প্ৰতিটো তিলে ব্যক্তিজনৰ ব্যক্তিত্ব, স্বভাৱ আৰু ভৱিষ্যতৰ বিষয়ে বিশেষ ইংগিত দিয়ে। হাতৰ ৰেখাৰ দৰেই শৰীৰৰ বিভিন্ন অংগৰ তিলে এজন মানুহৰ কেৰিয়াৰ আৰু জীৱনশৈলী কেনেকুৱা হ’ব পাৰে, তাৰ আগজাননী দিয়ে। বিশেষকৈ আঁঠুত থকা তিলৰ বিষয়ে সামুদ্ৰিক শাস্ত্ৰত কিছু বিশেষ বাখ্যা কৰা হৈছে। এনে আমোদজনক তথ্যৰ বিষয়ে জানো আহক।

আঁঠুত তিল থকাৰ সাধাৰণ অৰ্থ

সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যিবোৰ ব্যক্তিৰ আঁঠুত তিল থাকে, তেওঁলোক এঠাইতে আবদ্ধ হৈ থাকি ভাল নাপায়। এনে লোকে নতুন নতুন ঠাই ভ্ৰমণ কৰি আৰু বিভিন্ন সংস্কৃতিৰ বিষয়ে জানি যথেষ্ট আনন্দ পায়। তেওঁলোকৰ মগজু অতি সক্ৰিয় আৰু তেওঁলোকে সদায় নতুন কিবা এটা শিকাৰ বা পৰীক্ষা-নিৰীক্ষা কৰাৰ সুযোগ বিচাৰি থাকে।

সোঁ আঁঠুত তিল থকাৰ প্ৰভাৱ

যিসকল লোকৰ সোঁ আঁঠুত তিল থাকে, তেওঁলোকৰ ব্যক্তিত্বৰ কিছুমান বিশেষ গুণ দেখা যায়। এনে লোকসকল মাটিত ভৰি থৈ চলা বিধৰ আৰু অতি পৰিশ্ৰমী হয়। তেওঁলোকে নিজৰ প্ৰতিটো দায়িত্ব অতি নিষ্ঠাৰে পালন কৰে, যাৰ ফলত কেৰিয়াৰত তেওঁলোকে আশাতীত সফলতা লাভ কৰে।

এই লোকসকল নিজৰ জীৱনসংগী আৰু বন্ধুবৰ্গৰ প্ৰতি অতিশয় বিশ্বাসী তথা অনুগত হয়। তদুপৰি এনে লোকসকল অতি ধৈৰ্যশীল। তেওঁলোকে নিজৰ আদৰ্শ আৰু নীতিৰ সৈতে কেতিয়াও আপোচ নকৰে। তেওঁলোকক কোনো প্ৰলোভনেৰে ভুল পথলৈ নিয়াটো প্ৰায় অসম্ভৱ।

বাওঁ আঁঠুত তিল থকাৰ প্ৰভাৱ

বাওঁ আঁঠুত তিল থকা ব্যক্তিসকলৰ চৰিত্ৰৰো কিছু বিশেষ বৈশিষ্ট্য থাকে। এনে লোকসকল অতি দৃঢ়মনা হয়। জীৱনত অহা কোনো প্ৰত্যাহ্বান বা সমস্যালৈ তেওঁলোকে ভয় নকৰে। তেওঁলোকে এবাৰ যি লক্ষ্য স্থিৰ কৰে, সেই লক্ষ্য লাভ নকৰালৈকে ক্ষান্ত নহয়।

তেওঁলোক অন্তৰৰ পৰা অতি ৰোমাণ্টিক আৰু আৱেগিক হয়। নিজৰ অনুভৱ ব্যক্ত কৰিবলৈ তেওঁলোকে বেছি সময় নলয়। তেওঁলোকে নিজৰ জীৱনসংগীক যথেষ্ট মৰম কৰে আৰু এক সুন্দৰ পাৰিবাৰিক জীৱন অতিবাহিত কৰে। এইদৰে সামুদ্ৰিক শাস্ত্ৰত আঁঠুত তিল থকা লোকসকলৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...