নৱবৰ্ষৰ শুভক্ষণত ঘৰলৈ আনক সমুদ্ৰ মন্থনৰ পৰা ওলোৱা এইকেইবিধ সামগ্ৰী, বছৰটোলৈ থাকিব ধন-সমৃদ্ধি
সমুদ্ৰ মন্থনৰ সময়ত সাগৰতলিৰ পৰা চৈধ্যটা বহুমূলীয়া ৰত্ন ওলাই আহিছিল। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা ইয়াৰে কোনো এবিধ সামগ্ৰী যদি ঘৰখনলৈ আনি ভালদৰে ৰখা হয়, তেতিয়া দুখ আৰু দৰিদ্ৰতা দূৰ হৈ থাকে। এই শুভ সামগ্ৰীসমূহৰ বিষয়ে জানো আহক।

সমুদ্ৰ মন্থন
চলিত ২০২৫ বৰ্ষৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান দিন। তাৰ পিছতে আৰম্ভ হ’ব এটা নতুন বৰ্ষ ২০২৬। সাধাৰণতে নতুন এটা বছৰক লৈ সকলোৰে মনত বিশেষ প্ৰত্যাশা থাকে। নিজ জীৱন তথা ঘৰখনত সুখ-সমৃদ্ধিৰে ভৰাই ৰাখিবলৈ সকলোৱে কিছুমান বিধানৰ আশ্ৰয় লোৱা দেখা যায়। বছৰৰ আৰম্ভণিতে যদি ঘৰখনত ধনাত্মক শক্তিৰ ওপৰত গুৰুত্ব দিয়া হয়, তেতিয়া সেই শক্তি গোটেই বছৰটো ঘৰখনত থাকে বুলি বিশ্বাস কৰা হয়। সমুদ্ৰ মন্থনৰ পৰা পোৱা কিছুমান বিশেষ সামগ্ৰী এইক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বিবেচিত হ’ব পাৰে।
হিন্দু ধৰ্মীয় আখ্যান মতে দেৱতা আৰু অসুৰে একেলগে সমুদ্ৰ মন্থন কৰিছিল। এই সমুদ্ৰ মন্থনৰ সময়ত সাগৰতলিৰ পৰা চৈধ্যটা বহুমূলীয়া ৰত্ন ওলাই আহিছিল। সমুদ্ৰ মন্থনৰ পৰা ওলোৱা ইয়াৰে কোনো এবিধ সামগ্ৰী যদি ঘৰখনলৈ আনি ভালদৰে ৰখা হয়, তেতিয়া দুখ আৰু দৰিদ্ৰতা দূৰ হৈ থাকে। এই শুভ সামগ্ৰীসমূহৰ বিষয়ে জানো আহক।
লক্ষ্মী দেৱীৰ মূৰ্তি
সমুদ্ৰ মন্থনৰ পৰা ওলাইছিল দেৱী লক্ষ্মী। গতিকে নৱবৰ্ষৰ শুভক্ষণত লক্ষ্মী দেৱীৰ নতুন মূৰ্তি ঘৰলৈ আনিব লাগে। ইয়াৰ দ্বাৰা দেৱী লক্ষ্মীৰ আশীৰ্বাদ নিশ্চিত হয় আৰু ধন-সম্পত্তি তথা সমৃদ্ধি বৃদ্ধি পায়।
পাৰিজাত গছ
সমুদ্ৰ মন্থনৰ সময়তে ঐশ্বৰিক পাৰিজাত গছ ওলাইছিল। ঘৰৰ ওচৰত এই গছজোপা থকাটো অতি শুভ হিচাপে গণ্য কৰা হয়। এই পবিত্ৰ উদ্ভিদৰ ফুলৰ সুগন্ধিয়ে ঘৰখন সুখেৰে ভৰাই তোলে।
অমৃত কলহ
সমুদ্ৰ মন্থনৰ সময়ত অমৃতৰ পাত্ৰ লৈ ভগৱান ধনন্তৰীৰ আবিৰ্ভাৱ হৈছিল। এই কাৰণেই শুভ অনুষ্ঠান আৰু ধৰ্মীয় অনুষ্ঠানত এই পাত্ৰৰ বিশেষ তাৎপৰ্য আছে। নতুন বৰ্ষটিৰ আৰম্ভণিৰ সময়ত এটা নতুন পাত্ৰ ক্ৰয় কৰি ঘৰলৈ আনিব পানীৰে ভৰাই উত্তৰ দিশত ৰাখক।
ঐৰাৱতৰ মূৰ্তি
সমুদ্ৰ মন্থনৰ সময়ত ওলাইছিল ঐৰাৱত নামত এবিধ বিশেষ হাতী। পিছত দেৱৰাজ ইন্দ্ৰই এই ঐৰাৱতক নিজৰ বাহন হিচাপে ব্যৱহাৰ কৰিছিল। নৱবৰ্ষৰ আৰম্ভণিতে শিল বা স্ফটিকেৰে নিৰ্মিত হাতী এটা প্ৰতীক হিচাপে ঘৰৰ উত্তৰ দিশত স্থাপন কৰিব লাগে।
পাঞ্চজন্য শংখ
সাগৰৰ পৰা ওলোৱা ১৪টা ৰত্নৰ ভিতৰত এটা আছিল পাঞ্চজন্য শংখ। ভগৱান বিষ্ণুৱে এই শংখ নিজৰ সৈতে ৰাখিছিল। নৱবৰ্ষৰ শুভক্ষণ উপলক্ষে পাঞ্চজন্য শংখ এটা ঘৰলৈ আনি মন্দিৰত স্থাপন কৰিব লাগে।