Viral Video: পানীত হালধি মিহলোৱা ট্ৰেণ্ডে বিপদত পেলাব পাৰে আপোনাক! জ্যোতিষীৰ সতৰ্কবাণীক লৈ চৰ্চা…
Water And Turmeric Trend: বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত বিয়পি পৰিছে এটা নতুন ট্ৰেণ্ড। য’ত বহু লোকে পানীত হালধি মিহলাই ভিডিঅ’ আৰু ৰীল বনোৱা গৈছে । অৱশ্যে এই ট্ৰেণ্ড সন্দৰ্ভত গুৰুতৰ সতৰ্কবাণী জাৰি কৰিছে জ্যোতিষী অৰুণ কুমাৰ ব্যাসে।

পানীত হালধি মিহলোৱা ট্ৰেণ্ডে বিপদত পেলাব পাৰে আপোনাক!
বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত অতিকৈ জনপ্ৰিয় হৈ পৰিছে পানীত হালধি মিহলোৱাৰ ট্ৰেণ্ড। ইয়াৰ বাবে সকলোৱে পানীত এচিকুট হালধি মিহলাই আপলোড কৰিছে ৰীল ভিডিঅ’। কিন্তু এই কাম কৰি নিজে নিজৰ বাবে অশান্তিৰ নিমন্ত্ৰণ জনাইছে মানুহে। এই কথা আমি কোৱা নাই, অৰুণ কুমাৰ ব্যাস নামৰ এজন জ্যোতিষীয়ে এই অদ্ভুত ট্ৰেণ্ডক লৈ গুৰুতৰ সতৰ্কবাণী জাৰি কৰিছে। তেওঁ দাবী কৰে যে এনে কৰিলে আপুনি কেৱল নেতিবাচক শক্তিক আপোনাৰ ঘৰত প্ৰৱেশ কৰিবলৈ দিয়াই নহয়, এই কাৰ্যই ভূতক নিমন্ত্ৰণ কৰাৰ দৰেই হয়। জ্যোতিষীগৰাকীৰ এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত বহু নেটিজেনে এই ট্ৰেণ্ডত ফ’ল’ কৰি অজানিতে কোনো বিপদৰ আমন্ত্ৰণ জনাইছে নেকি সেই কথা ভাবি বিভ্ৰান্ত হৈ পৰিছে।
জ্যোতিষী ব্যাসে দাবী কৰিছে যে পানীত হালধি মিহলি কৰাটো স্বাভাৱিক নহয়, এক তান্ত্ৰিক প্ৰক্ৰিয়াহে। তেওঁ ভিডিঅ’টোত সকলোকে সকীয়াই দিছে যে ভুলতেও এই চেষ্টা কৰিব নালাগে, কাৰণ ই ঘৰত নেতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। কেৱল এয়াই নহয়, ভূতেও তেওঁলোকক খেদি ফুৰিব পাৰে।
ইয়াৰ প্ৰভাৱ ৰাশিত পৰিব!
তেওঁ কয় যে এনে কাৰ্যই আপোনাৰ জন্ম কুণ্ডলীত চন্দ্ৰ আৰু বৃহস্পতি দুৰ্বল কৰি তুলিব পাৰে। যাৰ ফলত আপোনাৰ ভাগ্যত বেয়া প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ মানসিক অৱস্থাও নষ্ট হ’ব পাৰে। জ্যোতিষীজনে দাবী কৰিছে যে এইটো সম্পূৰ্ণ ক্ষতিকাৰক প্ৰক্ৰিয়া, যিয়ে আপোনাৰ ঘৰত দুৰ্যোগ কঢ়িয়াই আনিব পাৰে। গতিকে এনেবোৰ কথা পৰিহাৰ কৰিব লাগে।
ইয়াৰ পিছতে পানীত হালধি মিহলোৱাৰ ট্ৰেণ্ড সম্পৰ্কে জ্যোতিষীজনৰ এই সতৰ্কবাণী ভিডিঅ’টো ছ’চিয়েল মিডিয়াত জুইৰ দৰে বিয়পি পৰিছে । কেইঘণ্টামানৰ ভিতৰতে ইয়াক ৫ লাখৰো অধিক লোকে চাইছে। আনহাতে হাজাৰ হাজাৰ লোকে পোষ্টটোৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
এজন ব্যৱহাৰকাৰীয়ে চিন্তিত হৈ লিখিছে, “মই ভিডিঅ’ বনাইছো, এতিয়া কি কৰিম। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, বহু জ্যোতিষীয়ে আমাক পানীত হালধি মিহলাই গা ধুবলৈ কয়। অনুগ্ৰহ কৰি উত্তৰ দিব। আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিলে, আমি পানীত হলধি মিহলাই গা ধুলে কি হ’ব?”
(অস্বীকাৰ: অৱশ্যে টিভি৯ অসমে জ্যোতিষীজনৰ এই দাবী নিশ্চিত নকৰে। এই তথ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা মতামতৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে, আৰু ইয়াৰ কোনো বৈজ্ঞানিক বা বাস্তৱিক ভিত্তি নাই।)