সপোন পূৰণ কৰিলে মহাকুম্ভৰ ধুনীয়া সন্যাসিনী হিচাপে খ্যাত হৰ্ষা ৰিচাৰিয়াই, জানক হৰ্ষাৰ সপোনৰ বিষয়ে

Harsha Richhariya Latest News: মহাকুম্ভৰ ভাইৰেল সন্যাসিনী হৰ্ষা ৰিচাৰিয়াৰ মাতৃয়ে ২১ বছৰ পূৰ্বে কন্যাই লোৱা প্ৰতিজ্ঞাৰ কথা মনত পেলায়। কিন্তু এই ২১ বছৰীয়া সপোনটো কি?

সপোন পূৰণ কৰিলে মহাকুম্ভৰ ধুনীয়া সন্যাসিনী হিচাপে খ্যাত হৰ্ষা ৰিচাৰিয়াই, জানক হৰ্ষাৰ সপোনৰ বিষয়ে

সপোন পূৰণ কৰিলে সন্যাসিনী হৰ্ষা ৰিচাৰিয়াই

Published: 

16 Jan 2025 | 05:45 PM

অৱশেষত সপোন পূৰণ কৰিলে মহাকুম্ভৰ ধুনীয়া সন্যাসিনী হিচাপে হৰ্ষা ৰিচাৰিয়াই। প্ৰয়াগৰাজত মহাকুম্ভ মেলা ২০২৫ আৰম্ভ হোৱাৰ পিছৰে পৰা হৰ্ষা ৰিচাৰিয়াই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ছ’চিয়েল মিডিয়াত সুন্দৰ সুন্দৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে মানুহে তেওঁৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰিছে। হৰ্ষাৰ পিতৃ-মাতৃয়ে শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁলোকৰ জীৱনৰ সকলো কথা শ্বেয়াৰ কৰিছে। ২১ বছৰ পূৰ্বে হৰ্ষাই কুম্ভৰ সময়ত লোৱা প্ৰতিজ্ঞাৰ কথা মাতৃৰ মনত পৰে।

কেদাৰনাথলৈ ভ্ৰমণ

হৰ্ষাৰ মাতৃ কিৰণ ৰিচাৰিয়াই ঘৰৰ পৰাই এখন বুটিক চলায়। সাক্ষাৎকাৰৰ সময়ত তেওঁ কয় যে, হৰ্ষা সৰুৰে পৰা ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি প্ৰৱল ইচ্ছা আছিল। হৰ্ষাই ৩ বছৰ পূৰ্বে কেদাৰনাথ ভ্ৰমণৰ সময়ত নিজৰ জীৱন সলনি কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ পিছত উত্তৰাখণ্ডৰ ঋষিকেশত সময় কটাবলৈ আৰম্ভ কৰে আৰু লগতে সমাজসেৱাৰ বাবে এটি এন জি অ’ও গঠন কৰে।

বিয়া কাৰ লগত হ’ব?

পিতৃয়ে কয় যে, তেওঁ হৰ্ষাৰ বাবে দুজন দৰা বিচাৰি পাইছে, এজন ডেৰাডুনৰ আৰু আনজন নাচিকৰ। অতি সোনকালে হৰ্ষাৰ বিয়া ঠিক কৰিব। তেওঁ ৰাইজক আহ্বান জনায় যে হৰ্ষাক সন্যাসিনী বুলি ট্ৰলিং কৰা বন্ধ কৰক কাৰণ তাই সন্যাস লোৱা নাই, কেৱল গুৰু দীক্ষাহে লৈছে।

২১ বছৰীয়া সপোন

হৰ্ষাৰ মাতৃয়ে জনোৱা মতে, ২০০৪ চনৰ কুম্ভ মেলাৰ সময়ত আৰক্ষীয়ে হৰ্ষাক গা ধুবলৈ বাধা দিছিল। সেই সময়ত হৰ্ষাই কৈছিল- “চোৱা মা, এয়া মোৰ সপোন, এদিন মই নিশ্চয় হাতীৰ ওপৰত বহি কুম্ভলৈ যাম।”  আজি কন্যাৰ এই সপোন বাস্তৱায়িত হোৱা দেখি আবেগিক হৈ পৰিল মাতৃ। প্ৰথমবাৰৰ বাবে সন্যাসীৰ সাজ-পোছাক পিন্ধা হৰ্ষাক দেখাৰ পিছত তেওঁৰ চকুত চকুলো ওলোৱা বুলিও মন্তব্য কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...