এই ৪টা সামগ্ৰী আনক দিয়াৰ পূৰ্বে হাজাৰবাৰ ভাৱক, অন্যথা দুৰ্ভাগ্যই আগুৰিব জীৱন! বাস্তুৱে দিছে সকীয়নি

বাস্তু শাস্ত্ৰই ৪টা বিশেষ সামগ্ৰীৰ আদান-প্ৰদানে ব্যক্তিৰ জীৱনত ঋণাত্মক প্ৰভাৱ পেলায় বুলি সকীয়াই দিছে। সেয়ে এই চাৰিবিধ সামগ্ৰী আদান-প্ৰদান কৰাৰ পৰা পৰাপক্ষত বিৰত থাকিব লাগে। জানো আহক এই বিষয়ে।

এই ৪টা সামগ্ৰী আনক দিয়াৰ পূৰ্বে হাজাৰবাৰ ভাৱক, অন্যথা দুৰ্ভাগ্যই আগুৰিব জীৱন! বাস্তুৱে দিছে সকীয়নি

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

22 Nov 2025 | 11:43 AM

আমাৰ চৌপাশৰ প্ৰতিটো সামগ্ৰীয়ে আমাৰ জীৱনত প্ৰভাৱ পেলায় বুলি উল্লেখ কৰে বাস্তু শাস্ত্ৰই। এই প্ৰভাৱ কোনো সময়ত ইতিবাচক আৰু কোনো সময়ত নেতিবাচক হ’ব পাৰে। এইক্ষেত্ৰত নেতিবাচক প্ৰভাৱ দূৰ কৰিবলৈ বাস্তু শাস্ত্ৰই বিধানো আগবঢ়ায়। বাস্তু মতে ঋণ লোৱা আৰু ঋণ দিয়াৰ অভ্যাসে ব্যক্তিৰ জীৱনৰ স্থিৰতা, সম্পৰ্ক, আৰ্থিক পৰিস্থিতি আৰু মানসিক শান্তিৰ ওপৰত প্ৰভাৱ পেলায়। কিছুমান সামগ্ৰীৰ আদান প্ৰদানেও ব্যক্তিৰ জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলায় বুলি বাস্তুৱে ক’ব খোজে।

বাস্তু শাস্ত্ৰই ৪টা বিশেষ সামগ্ৰীৰ আদান-প্ৰদানে ব্যক্তিৰ জীৱনত ঋণাত্মক প্ৰভাৱ পেলায় বুলি সকীয়াই দিছে। সেয়ে এই চাৰিবিধ সামগ্ৰী আদান-প্ৰদান কৰাৰ পৰা পৰাপক্ষত বিৰত থাকিব লাগে। জানো আহক এই বিষয়ে।

ৰুমাল

ৰুমালে ব্যক্তিৰ নিজস্ব আৱেগ আৰু মানসিক অৱস্থাৰ শক্তি শোষণ কৰে বুলি কোৱা হয়। আপুনি নিজৰ ৰুমালখন আন কাৰোবাক দিলে আপোনাৰ ধনাত্মক শক্তি দূৰ হ’ব পাৰে। সেইদৰে আনৰ ৰুমাল ব্যৱহাৰ কৰিলে ঋণাত্মক শক্তিৰ আগমন ঘটিব পাৰে। ইয়াৰ ফলত ভুল বুজাবুজি, বিবাদ, সম্পৰ্কৰ ওপৰত বিশ্বাসহীনতা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি বাস্তুৱে কয়।

ঘড়ী

ঘড়ী সময়, সৌভাগ্য, প্ৰগতি আৰু জীৱনৰ গতিৰ প্ৰতীক হিচাপে বাস্তু আৰু জ্যোতিষে বাখ্যা কৰিছে। সেয়ে নিজৰ হাতৰ ঘড়ীটো আন কাৰোবাক দিয়া বা আন কাৰোবাৰ ঘড়ী পিন্ধাটো অশুভ বুলি কোৱা হৈছে। ইয়াৰ প্ৰভাৱে কামত বাধা, জীৱনত অগ্ৰগতিৰ পথত বাধা, সম্পৰ্কত মতানৈক্য, মানসিক চাপ, অস্থিৰতা আদিৰ সৃষ্টি হ’ব পাৰে।

ঝাড়ু

ঝাড়ু ঘৰ এখনৰ সমৃদ্ধি আৰু লক্ষ্মী শক্তিৰ সৈতে জড়িত বুলি কোৱা হয়। আন কাৰোবাৰ ঝাড়ু ব্যৱহাৰ কৰিলে সেই ব্যক্তিজনৰ ঘৰৰ পৰা ঋণাত্মক শক্তি আপোনাৰ ঘৰলৈ আহিব পাৰে। বাস্তু মতে, ঝাড়ুৰ আদান-প্ৰদানৰ বাবে দেৱী লক্ষ্মী ক্ষুব্ধ হ’ব পাৰে আৰু ইয়াৰ ফলত খৰচ বৃদ্ধি, আৰ্থিক সমস্যা, উত্তেজনা আৰু সংঘাত বৃদ্ধি আৰু ঘৰখনৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হ’ব পাৰে।

সন্ধিয়া বগা সামগ্ৰী নিদিব

সন্ধিয়াৰ সময় শক্তি পৰিৱৰ্তনৰ সময় বুলি কোৱা হয়। সন্ধিয়া কিছুমান সামগ্ৰী ঘৰৰ পৰা বাহিৰলৈ উলিয়ালে সমৃদ্ধি হ্ৰাস পাব পাৰে আৰু আৰ্থিক সমস্যা বৃদ্ধি পাব পাৰে বুলি বিশ্বাস কৰা হয়। এই সময়ত গাখীৰ, চেনি, চাউল, নিমখ আদি বগা বস্তু দিয়াটো অশুভ বুলি গণ্য কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...