ঘৰত ৰুটি প্ৰস্তুত কৰোঁতে গণনা কৰে নেকি? ঘৰত পৰিব পাৰে এনে প্ৰভাৱ, বাস্তুৱে দিছে সকীয়াই

আপুনি জানেনে যে বাস্তু শাস্ত্ৰ মতে ৰুটি গণনা কৰাটো অশুভ হিচাপে গণ্য কৰা হয়? তেনে কৰিলে ঘৰৰ ইতিবাচক শক্তিত প্ৰভাৱ পৰিব পাৰে। বাস্তু আৰু জ্যোতিষ বিশেষজ্ঞসকলৰ মতে ৰোটি গণনা কৰিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ঘৰত ৰুটি প্ৰস্তুত কৰোঁতে গণনা কৰে নেকি? ঘৰত পৰিব পাৰে এনে প্ৰভাৱ, বাস্তুৱে দিছে সকীয়াই

ৰুটি প্ৰস্তুত কৰোঁতে গণনা কৰে নেকি?

Published: 

11 Jan 2026 | 06:47 PM

ঘৰত ৰন্ধা বঢ়া কৰাৰ সময়ত সদায়েই এক বিশেষ দিশৰ প্ৰতি গুৰুত্ব দিয়া হয়। পৰিয়ালৰ প্ৰতিজন সদস্যই যাতে ভোক গুচাব পৰাকৈ তথা তৃপ্তি পূৰাব পৰাকৈ খাদ্য খাবলৈ পায়, তাৰ প্ৰতি মনোযোগ দিয়ে সকলোৱে। সেয়ে ৰুটি প্ৰস্তুত কৰাৰ সময়ত কিমান ৰুটি হৈছে, সেয়া গণনা কৰা হয়। কিন্তু আপুনি জানেনে যে বাস্তু শাস্ত্ৰ মতে ৰুটি গণনা কৰাটো অশুভ হিচাপে গণ্য কৰা হয়? তেনে কৰিলে ঘৰৰ ইতিবাচক শক্তিত প্ৰভাৱ পৰিব পাৰে। বাস্তু আৰু জ্যোতিষ বিশেষজ্ঞসকলৰ মতে ৰোটি গণনা কৰিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ৰুটি গণি বনোৱাটো কিয় অশুভ?

বাস্তু শাস্ত্ৰ মতে, অন্ন বা খাদ্য গণনা কৰা কাৰ্যই অভাৱৰ আগমন ঘটায়। এনে কৰিলে ধনৰ দেৱী লক্ষ্মী আৰু অন্নৰ দেৱী অন্নপূৰ্ণাক অপমান কৰা হয় বুলি বিশ্বাস কৰা হয়। ই মানুহৰ মনত থকা দৰিদ্ৰতাৰ ভয়টোক প্ৰতিফলিত কৰে, যি ঘৰৰ প্ৰাচুৰ্য হ্ৰাস কৰে।

ৰুটি গণনা কৰিলে হ’ব পৰা লোকচানসমূহ

আৰ্থিক নাটনিঃ ৰুটি গণি গণি প্ৰস্তুত কৰিলে ঘৰত উপাৰ্জনতকৈ খৰচ বৃদ্ধি পায় আৰু অৰ্থৰ নাটনি হয় বুলি ধাৰণা কৰা হয়।

শান্তি ভংগঃ এই অভ্যাসৰ ফলত সৃষ্টি হোৱা বাস্তু দোষে ঘৰৰ পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলায়। ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত সৰু সৰু কথাতে কাজিয়া-পেচালৰ সৃষ্টি হ’ব পাৰে।

স্বাস্থ্যৰ ওপৰত প্ৰভাৱঃ ৰান্ধনীশালত হোৱা নেতিবাচক শক্তিৰ সঞ্চাৰে ঘৰৰ সদস্যসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে।

ৰুটি প্ৰস্তুত আৰু পৰিবেশন কৰোঁতে মনত ৰাখক

হিন্দু ধৰ্মত প্ৰথম ৰুটিটো গৰুক খাবলৈ দিয়াটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ পিছতহে পৰিয়ালৰ লোকৰ বাবে ৰুটি বনাব লাগে।

পৰিয়ালৰ প্ৰয়োজন অনুসৰি আন্দাজ কৰি ৰুটি বনাব, কিন্তু কেতিয়াও এক-দুই কৈ গণি নাথাকিব। সদায় দুখনমান ৰুটি বেছিকৈ বনোৱাটোৱে ঘৰত দেৱী লক্ষ্মীৰ বসতিৰ সংকেত দিয়ে।

ৰান্ধনীশালত খং বা মানসিক চাপ লৈ খাদ্য বনাব নালাগে। সদায় প্ৰসন্ন মনেৰে খাদ্য বনালেহে তাত দেৱী অন্নপূৰ্ণাই বাস কৰে।

ৰুটি ৰৈ গ’লে সেয়া পেলাই নিদি পশুপক্ষীক খাবলৈ দিব। অন্নক সদায় সন্মান কৰিব।

এই নিয়মবোৰ মানি চলিলে ঘৰত সুখ-সমৃদ্ধি অটুট থাকে আৰু আৰ্থিক বাধা-বিঘিনিবোৰ আঁতৰ হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...