ঘৰত ৰুটি প্ৰস্তুত কৰোঁতে গণনা কৰে নেকি? ঘৰত পৰিব পাৰে এনে প্ৰভাৱ, বাস্তুৱে দিছে সকীয়াই

আপুনি জানেনে যে বাস্তু শাস্ত্ৰ মতে ৰুটি গণনা কৰাটো অশুভ হিচাপে গণ্য কৰা হয়? তেনে কৰিলে ঘৰৰ ইতিবাচক শক্তিত প্ৰভাৱ পৰিব পাৰে। বাস্তু আৰু জ্যোতিষ বিশেষজ্ঞসকলৰ মতে ৰোটি গণনা কৰিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ঘৰত ৰুটি প্ৰস্তুত কৰোঁতে গণনা কৰে নেকি? ঘৰত পৰিব পাৰে এনে প্ৰভাৱ, বাস্তুৱে দিছে সকীয়াই

ৰুটি প্ৰস্তুত কৰোঁতে গণনা কৰে নেকি?

Published: 

11 Jan 2026 | 06:47 PM

ঘৰত ৰন্ধা বঢ়া কৰাৰ সময়ত সদায়েই এক বিশেষ দিশৰ প্ৰতি গুৰুত্ব দিয়া হয়। পৰিয়ালৰ প্ৰতিজন সদস্যই যাতে ভোক গুচাব পৰাকৈ তথা তৃপ্তি পূৰাব পৰাকৈ খাদ্য খাবলৈ পায়, তাৰ প্ৰতি মনোযোগ দিয়ে সকলোৱে। সেয়ে ৰুটি প্ৰস্তুত কৰাৰ সময়ত কিমান ৰুটি হৈছে, সেয়া গণনা কৰা হয়। কিন্তু আপুনি জানেনে যে বাস্তু শাস্ত্ৰ মতে ৰুটি গণনা কৰাটো অশুভ হিচাপে গণ্য কৰা হয়? তেনে কৰিলে ঘৰৰ ইতিবাচক শক্তিত প্ৰভাৱ পৰিব পাৰে। বাস্তু আৰু জ্যোতিষ বিশেষজ্ঞসকলৰ মতে ৰোটি গণনা কৰিলে জীৱনত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ৰুটি গণি বনোৱাটো কিয় অশুভ?

বাস্তু শাস্ত্ৰ মতে, অন্ন বা খাদ্য গণনা কৰা কাৰ্যই অভাৱৰ আগমন ঘটায়। এনে কৰিলে ধনৰ দেৱী লক্ষ্মী আৰু অন্নৰ দেৱী অন্নপূৰ্ণাক অপমান কৰা হয় বুলি বিশ্বাস কৰা হয়। ই মানুহৰ মনত থকা দৰিদ্ৰতাৰ ভয়টোক প্ৰতিফলিত কৰে, যি ঘৰৰ প্ৰাচুৰ্য হ্ৰাস কৰে।

ৰুটি গণনা কৰিলে হ’ব পৰা লোকচানসমূহ

আৰ্থিক নাটনিঃ ৰুটি গণি গণি প্ৰস্তুত কৰিলে ঘৰত উপাৰ্জনতকৈ খৰচ বৃদ্ধি পায় আৰু অৰ্থৰ নাটনি হয় বুলি ধাৰণা কৰা হয়।

শান্তি ভংগঃ এই অভ্যাসৰ ফলত সৃষ্টি হোৱা বাস্তু দোষে ঘৰৰ পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলায়। ইয়াৰ ফলত পৰিয়ালৰ সদস্যসকলৰ মাজত সৰু সৰু কথাতে কাজিয়া-পেচালৰ সৃষ্টি হ’ব পাৰে।

স্বাস্থ্যৰ ওপৰত প্ৰভাৱঃ ৰান্ধনীশালত হোৱা নেতিবাচক শক্তিৰ সঞ্চাৰে ঘৰৰ সদস্যসকলৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যতো প্ৰভাৱ পেলাব পাৰে।

ৰুটি প্ৰস্তুত আৰু পৰিবেশন কৰোঁতে মনত ৰাখক

হিন্দু ধৰ্মত প্ৰথম ৰুটিটো গৰুক খাবলৈ দিয়াটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ পিছতহে পৰিয়ালৰ লোকৰ বাবে ৰুটি বনাব লাগে।

পৰিয়ালৰ প্ৰয়োজন অনুসৰি আন্দাজ কৰি ৰুটি বনাব, কিন্তু কেতিয়াও এক-দুই কৈ গণি নাথাকিব। সদায় দুখনমান ৰুটি বেছিকৈ বনোৱাটোৱে ঘৰত দেৱী লক্ষ্মীৰ বসতিৰ সংকেত দিয়ে।

ৰান্ধনীশালত খং বা মানসিক চাপ লৈ খাদ্য বনাব নালাগে। সদায় প্ৰসন্ন মনেৰে খাদ্য বনালেহে তাত দেৱী অন্নপূৰ্ণাই বাস কৰে।

ৰুটি ৰৈ গ’লে সেয়া পেলাই নিদি পশুপক্ষীক খাবলৈ দিব। অন্নক সদায় সন্মান কৰিব।

এই নিয়মবোৰ মানি চলিলে ঘৰত সুখ-সমৃদ্ধি অটুট থাকে আৰু আৰ্থিক বাধা-বিঘিনিবোৰ আঁতৰ হয়।

বয়স ৩০ৰ আশে-পাশে বাঢ়ে ফেটি লিভাৰৰ শংকা! এইদৰে পাব চিন্তাৰ পৰা পৰিত্ৰাণ
সৰস্বতী পূজাত পাঠ কৰক সৰস্বতী স্তোত্ৰ, দেখিব জীৱনত আচৰিত পৰিৱৰ্তন!
আগতীয়াকৈ হাঁওফাঁওৰ কৰ্কট ৰোগ কেনেকৈ ধৰা পেলাব ? প্ৰতিৰোধৰ উপায়...
শত্ৰু নাশ! হনুমান ভক্তসকলে মাত্ৰ মঙলবাৰে দান কৰক এইবোৰ সামগ্ৰী
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ