ঘৰৰ বাথৰুমত আইনা লগোৱাটো অশুভ নেকি? জ্যোতিষ-বাস্তুৱে দিছে এনে নিদৰ্শনা

জ্যোতিষ আৰু বাস্তু শাস্ত্ৰৰ মতে, বাথৰুমৰ আইনাখনে আমাৰ দৈনন্দিন জীৱন আৰু শক্তিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে। পিছে এইদৰে বাথৰুমত আইনা লগোৱাটো শুভ নে অশুভ? চাওক এতিয়াই।

ঘৰৰ বাথৰুমত আইনা লগোৱাটো অশুভ নেকি? জ্যোতিষ-বাস্তুৱে দিছে এনে নিদৰ্শনা

প্ৰতিনিধিত্বমূলক ছবি

Published: 

10 Jan 2026 | 02:16 PM

সময়ৰ সৈতে খাপ মিলাই আজিৰ সময়ত সকলোৱে নিজা ঘৰখন কিছু আকৰ্ষণীয় ৰূপত সজাই তুলিব বিচাৰে। লগতে হাততে উপলব্ধ হোৱাকৈ কিছু সা-সুবিধাও ঠিক কৰি লয়। সেয়ে বাথৰুমত আইনা লগোৱাটোও এতিয়া এক সাধাৰণ কথা। বাথৰুম আমাৰ ঘৰখনৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ। সেয়েহে বাখৰুম পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ইয়াত থকা সামগ্ৰীবোৰৰ সঠিক ব্যৱস্থাপনাত গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। জ্যোতিষ আৰু বাস্তু শাস্ত্ৰৰ মতে, বাথৰুমৰ আইনাখনে আমাৰ দৈনন্দিন জীৱন আৰু শক্তিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে।

বাথৰুমত আইনা লগোৱাৰ পূৰ্বে কিছুমান দিশৰ প্ৰতি মন কৰিবলগীয়া হয়। বাস্তু আৰু জ্যোতিষে এনে কেইটামান বিশেষ দিশৰ বিষয়ে উল্লেখ কৰিছে। জানো আহক এই বিষয়ে।

সঠিক দিশ

বাথৰুমৰ আইনা সদায় সঠিক দিশত লগোৱাটো অতি গুৰুত্বপূৰ্ণ। জ্যোতিষশাস্ত্ৰ অনুসৰি, বাথৰুমৰ দুৱাৰৰ ঠিক সমুখত কেতিয়াও আইনা লগাব নালাগে। এনে কৰিলে ঋণাত্মক শক্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। আইনাখন বাথৰুমৰ উত্তৰ বা পূব দিশৰ দেৱালত লগোৱাটো শুভ বুলি গণ্য কৰা হয়, ই ধনাত্মক শক্তি কঢ়িয়াই অনাত সহায় কৰে।

বাথৰুমত সোমাই যোৱাৰ লগে লগে আপোনাৰ চকু যাতে পোনপটীয়াকৈ আইনাখনত নপৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আইনাখন এনে উচ্চতাত লগাব লাগে যাতে এজন ব্যক্তিৰ মূৰ সম্পূৰ্ণকৈ দেখা যায়।

সঠিক আকাৰ

বাস্তু বিশ্বাস মতে, আইনাৰ আকাৰেও বিশেষ প্ৰভাৱ পেলায়। বাথৰুমত বৰ্গাকাৰ বা আয়তাকাৰ আইনা লগোৱা উচিত বুলি বাস্তুৱে উল্লেখ কৰে। এনে আকৃতিৰ আইনা লগালে ঘৰত শান্তি আৰু ইতিবাচক চিন্তাৰ প্ৰসাৰ ঘটে। ঘূৰণীয়া বা অনিয়মিত আকৃতিৰ আইনা বাথৰুমত পৰিহাৰ কৰাই ভাল।

ভঙা বা লেতেৰা আইনা

বাথৰুমত ভঙা আৰু অপৰিষ্কাৰ আইনা থোৱাটো অশুভ বুলি জ্যোতিষে সকীয়াই দিছে। ভঙা আইনা লগালে ঘৰত মানসিক অশান্তি, উত্তেজনা আৰু নেতিবাচকতা বৃদ্ধি পাব পাৰে। সেয়েহে আইনাখন সদায় চাফ-চিকুণকৈ ৰাখিব লাগে আৰু ভাঙিলে তাৎক্ষণিকভাৱে সলনি কৰিব লাগে।

অৰ্থাৎ বাথৰুমত আইনা লগোৱাটো কোনো লোকচানৰ কাৰণ বা অশুভ নহয়, মাত্ৰ এইক্ষেত্ৰত সঠিক নিয়ম পালন কৰিব লাগে। যদিহে এই বিষয়ত আপোনাৰ মনত কোনো সংকোচ থাকে, তেতিয়া কোনো বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ লৈ আইনাৰ স্থান নিৰূপণ কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...