ঘৰৰ এই দিশৰ দেৱালত কেতিয়াও নলগাব পূৰ্বপুৰুষৰ ছবি, আৰ্থিক অভাৱে কৰিব জুৰুলা

বাস্তু শাস্ত্ৰ মতে পূৰ্বপুৰুষৰ ছবি স্থাপনৰ দিশটোও অতি গুৰুত্বপূৰ্ণ। পূৰ্বপুৰুষৰ ছবি সঠিক দিশত ৰাখিলে ঘৰত ধনাত্মক শক্তি অটুট থাকে আৰু পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰে। বাস্তু শাস্ত্ৰৰ জৰিয়তে জানো আহক পূৰ্বপুৰুষৰ ছবি স্থাপনৰ সঠিক দিশ।

ঘৰৰ এই দিশৰ দেৱালত কেতিয়াও নলগাব পূৰ্বপুৰুষৰ ছবি, আৰ্থিক অভাৱে কৰিব জুৰুলা

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

18 Dec 2025 16:58 PM

পৰিয়ালৰ পূৰ্বপুৰুষৰ প্ৰতি সকলোৰে মনত শ্ৰদ্ধা-সন্মান থাকে। সেয়ে ঘৰখনত সকলোৱে পূৰ্বপুৰুষৰ ছবি ৰাখে। তদুপৰি পূৰ্বপুৰুষৰ ক্ষেত্ৰত কিছুমান ধৰ্মীয় নীতি-নিয়মো মানি চলা হয়। হিন্দু ধৰ্মত পূৰ্বপুৰুষক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শ্ৰদ্ধাৰ হিচাপে গণ্য কৰা হয়। বাস্তু শাস্ত্ৰ মতে পূৰ্বপুৰুষৰ ছবি স্থাপনৰ দিশটোও অতি গুৰুত্বপূৰ্ণ। পূৰ্বপুৰুষৰ ছবি সঠিক দিশত ৰাখিলে ঘৰত ধনাত্মক শক্তি অটুট থাকে আৰু পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰে। বাস্তু শাস্ত্ৰৰ জৰিয়তে জানো আহক পূৰ্বপুৰুষৰ ছবি স্থাপনৰ সঠিক দিশ।

কোন দিশত থাকিব লাগে পূৰ্বপুৰুষৰ ছবি

বাস্তু শাস্ত্ৰ মতে পূৰ্বপুৰুষৰ ছবি স্থাপনৰ বাবে ঘৰৰ দক্ষিণ-পশ্চিম দেৱাল শুভ আৰু ইতিবাচক হিচাপে গণ্য কৰা হয়। পূৰ্বপুৰুষৰ ছবিখন দৰ্শন কৰা ব্যক্তিজন যাতে দক্ষিণমুখী হৈ থাকে, সেইদৰে ছবিখন ৰাখিব লাগে। বাস্তু অনুসৰি দক্ষিণ দিশটোক যম আৰু পৈতৃক জগতৰ সৈতে জড়িত বুলি কোৱা হয়, গতিকে এই দিশত পূৰ্বপুৰুষৰ ছবি স্থাপন শুভ বিবেচিত হয়।

এনে দিশৰ প্ৰতি লক্ষ্য ৰখাটোও প্ৰয়োজনীয়

পূৰ্বপুৰুষৰ ছবি কেতিয়াও মন্দিৰত নাৰাখিব। সদায় বহা কোঠা বা প্ৰাৰ্থনা কৰা ঠাইৰ বাহিৰত ছবি লগাব লাগে।

শোৱা কোঠা, পাকঘৰ বা বাথৰুমৰ বেৰতো কেতিয়াও পূৰ্বপুৰুষৰ ছবি লগাব নালাগে।

ছবিখন সদায় চকুৰ সমতলত ৰখাটোৱেই উত্তম বুলি কোৱা হয়। বেছি তললৈ বা বেছি ওপৰলৈ ৰাখিব নালাগে।

পূৰ্বপুৰুষৰ ছবিৰ ফ্ৰেম সদায় পৰিষ্কাৰ হ’ব লাগে; যদি ফটোখব ফাটি যায় বা অস্পষ্ট হৈ থাকে, তেনে ফটো নলগোৱাই উচিত।

ছবিখনত পূৰ্বপুৰুষক সদায় শান্ত আৰু সুখী দেখা হ’ব লাগে।

ভুল দিশত কিয় থ’ব নালাগে পূৰ্বপুৰুষৰ ছবি

বাস্তু শাস্ত্ৰই বাখ্যা কৰা মতে পূৰ্বপুৰুষৰ ছবিখন ভুল দিশত কেতিয়াও ৰাখিব নালাগে। উত্তৰ বা উত্তৰ-পূব দিশত পূৰ্বপুৰুষৰ ছবি লগালে ঘৰলৈ ঋণাত্মক শক্তি কঢ়িয়াই আনে। এনে অৱস্থাত আৰ্থিক সমস্যাৰ লগতে মানসিক চাপ, পাৰিবাৰিক বিসংগতি বৃদ্ধি পাব পাৰে।

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী