Today’s horoscope: শুকুৰবাৰৰ দিনটোত কোনে পাব চাকৰি, কাৰ হ’ব আৰ্থিক উন্নতি? চাওক আজিৰ ৰাশিফল…
Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমানৰ বাবে ভাল। কিছুমানৰ চাকৰি লাভৰ যোগ আছে। ইয়াৰ বিপৰীতে কিছুমানে সাৱধানে থকা ভাল।

ৰাশিফল
আজি ৪ জুলাই, শুকুৰবাৰ। আজিৰ দিনটো কেনে যাব আপোনাৰ। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-
মেঘ ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ৰাজনীতিৰ লগত জড়িত থকাসকলে কিছু সাৱধানে থকা ভাল। কাৰোবাৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা। নতুন বাহন ক্ৰয় কৰিব পাৰে। স্বাস্থ্যৰ লগত জড়িত কোনো সমস্যাই দেখা দিব পাৰে। আনৰ লগত প্ৰয়োজনীয় কথা শ্বেয়াৰ নকৰিব। প্ৰেমত শুভ।
বৃষ ৰাশিঃ আজি দিনটো আপোনাৰ বাবে ভাল। কোনো সিদ্ধান্ত লোৱাৰ আগতে চিন্তা কৰা দৰকাৰ। আনক প্ৰতিশ্ৰুতি কৰাৰ আগত চিন্তা কৰিব । ঘৰৰ কোনো কাম কৰিব পাৰে। ব্যৱসায়ৰ বাবে কোনো লোকক লগ পাব পাৰে। পাৰিবাৰিক জীৱন সুখকৰ হ’ব। সন্তানৰ ফালৰ পৰা আহি থকা বাধা দূৰ হ’ব। স্বাস্থ্য গুৰুত্ব দিব।
মিথুন ৰাশিঃ ব্যৱসায়িক দিশত আজিৰ দিনটো আপোনাৰ বাবে ভাল। কেৰিয়াৰ ক্ষেত্ৰত কোনো ডাঙৰ খবৰ লাভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। বন্ধু শত্ৰুলৈ ৰূপান্তৰিত হ’ব পাৰে। ভ্ৰমণৰ সময়ত কোনো ডাঙৰ তথ্য লাভ কৰিব। সন্তানক কৰা প্ৰতিশ্ৰুতি পালন কৰাৰ চেষ্টা কৰিব। আয় বৃদ্ধি পাব। স্বাস্থ্য ভাল।
কৰ্কট ৰাশিঃ ভাগ্যৰ দৃষ্টিকোনৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। পৰিয়ালৰ সদস্যৰ কামৰ বাবে পৰামৰ্শ লোৱা প্ৰয়োজন। পুৰণি বন্ধু লগ পোৱাৰ সম্ভাৱনা। ভ্ৰমণত যোৱাৰ সময়ত বাহনৰ ব্যৱহাৰৰ পৰা বিৰত থাকিব। ধৰ্মীয় কামত অধিক ব্যস্ত হ’ব। আৰ্থিক স্থিতি ভাল হ’ব। প্ৰেমত শুভ। স্বাস্থ্য ভালে যাব।
সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সমস্যাৰে ভৰপুৰ হ’ব। কোনো কামক সহজভাৱে গ্ৰহণ নকৰিব। দায়িত্ব পালনৰ চেষ্টা কৰিব। নতুন কিবা আৰম্ভ কৰাৰ বাবে দিনটো ভাল। ভ্ৰমণৰ সময়ত কোনো ডাঙৰ তথ্য় লাভ কৰিব। সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আইনী বিষয়ত জয় লাভ কৰিব। স্বাস্থ্য ভাল।
কন্যা ৰাশিঃ আজি সম্পত্তি ক্ৰয় কৰাৰ বাবে আপোনাৰ দিনটো ভাল। সন্তানৰ অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন। বিপৰীত স্থিতি ধৈৰ্য ধৰি থকা দৰকাৰ। পাৰিবাৰিক সমস্যাৰ সমাধান উলিওৱাৰ প্ৰয়োজন। প্ৰেমত শুভ। ঘৰত বিয়াৰ আলোচনা হ’ব পাৰে। লেনদেনৰ সময়ত সাৱধান হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।
তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব। কোনো ডাঙৰ ভাল খবৰ লাভ কৰাৰ বাবে আপুনি সুখী হ’ব। আনৰ কথাত বিশ্বাস নকৰিব। পৰিয়ালত আলহীৰ আগমন হ’ব পাৰে। কাৰোবাৰ লগত চলি থকা মতানৈক্য দূৰ হ’ব। স্বাস্থ্য ভাল।
বৃশ্চিক ৰাশিঃ স্বাস্থ্যৰ দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে বিশেষ ভাল নহয়। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। নিজৰ কামত গুৰুত্ব দিয়ক। শাৰীৰিক সমস্যাক আওকান নকৰিব। কৰ্মক্ষেত্ৰত মনৰ ইচ্ছামতে কাম লাভ কৰিব। প্ৰেমত শুভ। কামত সংগীয়ে সম্পূৰ্ণ সমৰ্থন দিব। কোনো কাম আৰম্ভ কৰাৰ বাবে দিনটো ভাল।
ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আৰ্থিক দিশত উন্নতি লাভ কৰিব। পৈত্ৰিক সম্পত্তি লাভৰ সম্ভাৱনা। আপোনাৰ ওপৰত কামৰ বোজা অধিক হ’ব পাৰে। চৰকাৰী কামত সমস্যা আহিব পাৰে। অবিবাহিতসকলৰ জীৱনলৈ নতুন মানুহ আহিব পাৰে। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব। স্বাস্থ্যত গুৰুত্ব দিব।
মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে প্ৰত্যাহ্বানমূলক হ’ব। কোনো কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সমস্যা আহিব। কোনো সম্পত্তি ক্ৰয় কৰাত সমস্যা আহিব পাৰে। ধনৰ লেনদেনত সাৱধান হোৱা প্ৰয়োজন। কৰ্মক্ষেত্ৰৰ প্ৰয়োজনীয় তথ্য আনৰ লগত শ্বেয়াৰ নকৰিব। শত্ৰুৰ পৰা সাৱধান থাকিব। বুদ্ধি আৰু বিবেকেৰে সিদ্ধান্ত গ্ৰহণ কৰিব।
কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সমস্যাৰে ভৰপুৰ হ’ব। পাৰিবাৰিক সমস্যা বৃদ্ধি পাব। সংগীৰ সৈতে প্ৰয়োজনীয়া আলোচনা কৰিব। জ্যেষ্ঠজনৰ পৰামৰ্শই কাম কৰিব। বাহন চলাওতে সাৱধান হ’ব। আনৰ পৰা ধন ধাৰলৈ লোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব। পৰিয়ালত কাৰোবাৰ সৈতে কাজিয়া লগাৰ সম্ভাৱনা। স্বাস্থ্য ভাল।
মীন ৰাশিঃ আজি আপোনাৰ দিনটো লাভৰ দিন হ’ব। ব্যৱসায়িক ক্ষেত্ৰত কোনোৱে আপোনাক প্ৰতাৰণা কৰিব পাৰে, গতিকে সাৱধান হৈ থকা ভাল। ধৰ্মীয় কাম-কাজত মন বাঢ়িব। কিবা এটা লৈ মাতৃৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া প্ৰয়োজন। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব।