Today’s Rashifal: দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's Horoscope: হিন্দু ধৰ্মত ৰাশিফল ১২ টা। আজিৰ দিনটোত কিছু ৰাশিৰ লোকৰ বাবে ভাল আৰু কিছুমান সাৱধান হোৱা দৰকাৰ। আজি আপোনাৰ দিনটো কেনে যাব সেয়া জানিবলৈ চাওক আজিৰ ৰাশিফল।

Todays Rashifal: দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

14 Nov 2025 | 06:00 AM

আজি ১৪ নৱেম্বৰ, ২০২৫। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে উন্নতি লৈ আহিব। বিভিন্ন কামত সফলতা লাভ কৰিব। আত্মবিশ্বাস বৃদ্ধি পাব। ব্যৱসায়িক দিশত লাভ পাব। পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব। আয় বৃদ্ধিৰ যোগ আছে। দাম্পত্য জীৱন শুভ। সংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে।

বৃষ ৰাশিঃ আদিৰ দিনটোত আপুনি কামত গুৰুত্ব দিয়া আৱশ্যক। প্ৰেমত কোনো সমস্যা আহিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। সকলোকে সন্মান কৰিব। আজিৰ দিনটো আপোনাৰ বাবে ভাল কিন্তু সাৱধান থকা দৰকাৰ। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে।

মিথুন ৰাশিঃ আজিৰ দিনটোত আপুনি সৰু-সুৰা লাভ পাব পাৰে। কোনোৱে প্ৰলোভিত কৰাৰ চেষ্টা কৰিলে সাৱধান। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। আজি আৰ্থিক দিশটো লাভৰ যোগ আছে। কোনোৱে আপোনাৰ পৰা পৰামৰ্শ লব বিচাৰিব পাৰে। সম্পত্তজনিত সমস্যা হ্ৰাস পাব।

কৰ্কট ৰাশিঃ আজিৰ দিনটোত আপোনাৰ কোনো সমস্যা হ’ব পাৰে। লেনদনেৰ সময়ত সাৱধান। বন্ধুৰ সৈতে ফুৰিবলৈ যোৱাৰ সম্ভাৱনা। আইনী বিষয়ত গুৰুত্ব দিব। ব্যৱসায়ত ভাল। দিনটো ব্যস্ত থাকিব। সংগীৰ সৈতে ভাল সময় কটাব। পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্য বেয়া হ’ব পাৰে।

সিংহ ৰাশিঃ আজিৰ দিনটোত আপুনি ভাগ্যৰ ফল লাভ কৰিব। কোনো ৰৈ থকা কাম সম্পূৰ্ণ হ’ব । ধন প্ৰাপ্তিৰ যোগ আছে। আৰ্থিক দিশত ভাল। সংগীৰ সৈতে ভাল সময় কটাব। শিক্ষাৰ্থীসকলৰ উন্নতিৰ যোগ আছে। সামাজিক সন্মান লাভ কৰিব পাৰে।

কন্যা ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল। লাভ হোৱাৰ সম্ভাৱনা আছে। হাতলৈ ধন আহিব। চাকৰি বিচাৰি থকাসকলে কোনো ভাল খবৰ লাভ কৰিব। আনৰ বিবাদৰ পৰা আঁতৰি থাকিব। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হোৱাৰ সম্ভাৱনা।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে শুভ আৰু লাভৰ যোগ আছে। কামৰ বোজা বৃদ্ধি পাব। ব্যস্ত থাকিব। বন্ধুৰ সৈতে ভাল সময় কটাব পাৰে। অৱশ্যে কিছুমান মানুহৰ পৰা নিজকে ৰক্ষা কৰা ভাল। শত্ৰুৱে অনিষ্ট কৰিব পাৰে। প্ৰেমত শুভ। ধন লাভ হ’ব পাৰে।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো সাৱধান থকা ভাল। ব্যস্ত থাকিব। কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত বাধা আহিব পাৰে। আৰ্থিক দিশতো সমস্যা অহাৰ সম্ভাৱনা আছে। বৈবাহিক জীৱনত সমস্যা আহিব পাৰে। অৱশ্যে চাকৰিয়ালসকলে কোনো লাভ পাব পাৰে। স্বাস্থ্য ভালে যাব।

ধনু ৰাশিঃ আজি আপুনি কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব। শত্ৰুৱে সমস্যা দিয়াৰ চেষ্টা কৰিব পাৰে। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে। বিনিয়োগ কৰাৰ বাবে দিনটো ভাল। আজি আপোনাৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। প্ৰেমত শুভ।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল বেয়াৰ মাজেৰে পাৰ হ’ব । পৰিশ্ৰমৰ ফল লাভ কৰিব। যাৰ বাবে সুখী হ’ব । ৰৈ থকা কাম পুনৰ আৰম্ভ হ’ব । কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত অংশ লোৱাৰ সম্ভাৱনা। বাহন চলাওতে সাৱধান হোৱা দৰকাৰ। শক্ৰৰ পৰা সাৱধান।

কুম্ভ ৰাশিঃ পৰিয়ালৰ সৈতে ভাল সময় কটাব। আত্মবিশ্বাস বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ঘৰত চলি থকা বিবাদ আঁতৰিব পাৰে। বিত্তীয় দিশত কিছু সমস্যা অহাৰ সম্ভাৱনা আছে। ধনৰ ব্যৱহাৰ কৰোতে সাৱধান হওক। অন্যথা সমস্যা আহিব পাৰে।

মীন ৰাশিঃ আজিৰ দিনটোত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। যিকোনো কঠিন কাম সহজে হৈ উঠিব। যাক লৈ আপুনি সুখী হ’ব। চাকৰি-বাণিজ্যৰ বাবে আজিৰ দিনটো ভাল। পৰিয়ালৰ সমৰ্থন লাভ কৰিব। কোনো কাম কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব।দিনটো ভালে যাব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...