Today’s horoscope: কাৰ ভাল, কাৰ বেয়া? মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ, চাওক আজিৰ ৰাশিফল…
Today's horoscope: জ্যোতিষ শাস্ত্ৰত ৰাশিফলৰ বিশেষ গুৰুত্ব আছে। আজি কিছুমানৰ বাবে দিনটো ভাল, আৰু কিছুমানৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা।

ৰাশিফল
আজি ১৩ মে’, মঙলবাৰ। আজিৰ দিনটোত কিছু ৰাশিৰ লোকে ধন খৰচ কৰাৰ ক্ষেত্ৰত মন দিয়াৰ দৰকাৰ। আনহাতে কিছুমানৰ হাতলৈ আজি অধিক ধন অহাৰ সম্ভাৱনা আছে। আজি আপোনাৰ দিনটো কেনে যাব? তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-
মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে কষ্টকৰ হ’ব। চৰকাৰী কামত সফলতা লাভ কৰিব। কিন্তু খেৰখেদাকৈ কোনো কাম নকৰিব। অন্যথা সমস্যা অহাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কাৰোবাৰ পৰা বেয়া খবৰ পাব পাৰে। সন্তানৰ কোনো কথাই মনোকষ্ট দিব পাৰে। চিন্তা বৃদ্ধি হ’ব। পাবলগীয়া ধন ঘূৰাই পাব। স্বাস্থ্যত গুৰুত্ব দিব।
বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। চাকৰি কৰাসকলে কোনো ভাল খবৰ লাভ কৰিব। ধৰ্মীয় কাম-কাজত আগ্ৰহ বাঢ়িব। কাৰোবাক যদি প্ৰতিশ্ৰুতি দিছে সেয়া সময়তে পূৰ কৰাৰ চেষ্টা কৰিব। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে। খঙত নিয়ন্ত্ৰণ ৰাখক। দানত মন বাঢ়িব। স্বাস্থ্য ভাল।
মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। কোনো নতুন কামৰ আৰম্ভণি কৰিব পাৰে। ব্যস্ত থাকিব। ঘৰৰ আৰু অফিচৰ কামৰ মাজত সন্তুলন বজাই ৰাখিব। আনক ঋণ দিয়াৰ আগত চিন্তা কৰিব।ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান হোৱা ভাল। বিশ্বাসঘাটকতা কৰিব পাৰে। স্বাস্থ্য ভাল।
কৰ্কট ৰাশিঃ কোনো কামৰ বাবে আজি অধিক ব্যস্ত থাকিব। যদি কোনো চিন্তাত পৰিছে তেন্তে সেয়া দূৰ কৰাত পৰিয়ালে সহায় কৰিব। সংগীৰ ভাবনাত সন্মান দিব। খাদ্যত গুৰুত্ব দিব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। ভ্ৰমণৰ যোগ আছে। ধন অধিক খৰচ হোৱাৰ সম্ভাৱনা। চাকৰি – ব্যৱসায়ীসকলৰ বাবে দিনটো মধ্যমীয়া ।
সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আয় বৃদ্ধিৰ সম্ভাৱনা আছে। কাম-কাজ বাঢিব। আইনী কাম-কাজত জয়লাভ কৰিব। প্ৰেমত শুভ। সংগীক লগ পাব পাৰে। সামাজিক দিশত নতুন সুবিধা লাভ কৰিব। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল। কোনো গোপন কথা আনে গম পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
কন্য ৰাশিঃ আজি আপুনি শত্ৰুৰ পৰা সাৱধানে থাকিব। সমাজত সন্মান বৃদ্ধি পাব। চাকৰিত পদোন্নতিৰ যোগ আছে। কিন্তু আইনী দিশত সমস্যা আহিব পাৰে। অচিনাকীলোকক বিশ্বাস নকৰিব। নেতৃত্বৰ ক্ষমতা বাঢ়িব। বাহন ক্ৰয় কৰাৰ সম্ভাৱনা আছে। প্ৰেমত শুভ। ঘৰুৱা সমস্যাই দেখা দিব পাৰে। স্বাস্থ্য ভাল।
তুলা ৰাশিঃ আজিৰ দিনটোত আপোনাৰ উন্নতি হ’ব। কোনো ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ত কোনো পৰিকল্পনাই গতি লাভ কৰিব পাৰে। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। খৰচ অধিক হ’ব পাৰে। যাৰ বাবে চিন্তিত হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া আৱশ্যক। কৰ্মক্ষেত্ৰত মহিলা সহযোগীৰ পৰা সাৱধান। স্বাস্থ্যত গুৰুত্ব দিব।
বৃশ্চিক ৰাশিঃ আজি আপোনাৰ দিনটো সাধাৰণ হ’ব। কাম কৰোতে সাৱধান হ’ব, সমস্যা আহিব পাৰে। অচিনাকী লোকৰ পৰা দূৰত থাকিব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব। ঘৰত কোনো সমস্যাই দেখা দিব পাৰে। চাকৰিত জ্যেষ্ঠজনৰ সৈতে মতানৈক্য হ’ব পাৰে। আনৰ কথাত বিশ্বাস নকৰিব।
ধনু ৰাশিঃ আজি আপোনাৰ আৰ্থিক উন্নতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ বাবে যাত্ৰাত যোৱাৰ সম্ভাৱনা। আধ্যাত্মিক দিশত গুৰুত্ব বাঢ়িব। প্ৰেমত শুভ। কোনো কামত আত্মীয়জনে সহযোগ কৰিব। ৰাজনীতিৰ লগত জড়িতসকলে ভাল খবৰ লাভ কৰিব পাৰে। কাজিয়াৰ পৰা আঁতৰি থাকক। স্বাস্থ্য ভাল।
মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। বৈবাহিক জীৱন সুখকৰ হ’ব। সংগীৰ কথাত গুৰুত্ব দিব। চাকৰি কৰা সকলে কিছু সমস্যা পাব পাপে। শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ যোগ আছে। এটা সময়তে অধিক কাম হাতলৈ অহাৰ বাবে ব্যস্ততা বাঢ়িব। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্যত গুৰুত্ব দিব।
কুম্ভ ৰাশিঃ কেৰিয়াৰৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো ভাল খবৰ লাভ কৰিব পাৰে। জ্যেষ্ঠজনৰ সহায় কৰিব। ব্যৱসায়ত যদি কোনো কাম দীৰ্ঘদিন ধৰি ৰৈ আছিল সেয়া পূৰ হ’ব। ঘৰত শান্তিৰ পৰিবেশ থাকিব। সন্তানৰ কিবা সমস্যা আহিব পাৰে। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।
মীন ৰাশিঃ কোনো সিদ্ধান্ত লোৱাৰ আগত আজি আপুনি চিন্তা কৰা দৰকাৰ। বুদ্ধি আৰু বিবেকেৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ধন খৰচ কৰাত গুৰুত্ব দিব। অন্যথা আৰ্থিক সংকট আহিব পাৰে। কামৰ প্ৰতি ধৈৰ্য ধৰা দৰকাৰ। প্ৰেমত সমস্যা আহিব পাৰে। সংগীৰ কোনো কথাই মনত দুখ দিব পাৰে। স্বাস্থ্য ভাল।