TV9 ASSAM
হিন্দু ধৰ্মত জেঠ মাহৰ বিশেষ মহত্ব আছে। এই মাহটো দীঘলীয়া। মান্যতা অনুসৰি,জেঠৰ মাহৰ মঙলবাৰৰ দিনটোত হনুমানে ভগৱান ৰামক লগ পাইছিল। যাৰ বাবে এই দিনটোত পূজা কৰিলে সুফল পোৱা যায়।
মান্যতা অনুসৰি জেঠৰ প্ৰতিটো মঙলবাৰ হনুমানক পূজা কৰিব পাৰিলে ভাল। এই দিনটো হনুমান-ৰামৰ মিলনৰ প্ৰতীক। যাৰ বাবে এই দিনটোত হনুমানে ভক্তৰ সকলো মনৰ কামনা পূৰণ কৰে বুলি কোৱা হয়।
মঙলবাৰৰ দিনা বজৰংগবলীৰ কৃপা লাভ কৰিবলৈ ৰঙা ৰঙৰ আসনত বহি ৭ বাৰকৈ হনুমান চালিচা পাঠ কৰিব লাগে। মান্যতা অনুসৰি এনে কৰিলে হনুমান সন্তুষ্ট হয় আৰু ভক্তৰ সকলো মনৰ কামনা পূৰ্ণ কৰে।
মঙলবাৰৰ দিন ঘিউ দান কৰিলে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰা যায় বুলি কয়। ইয়াৰ লগতে ধনৰ সমস্যা নহয় আৰু চাকৰিত উন্নতি হয়। মান্যতা অনুসৰি ঘিউ দান কৰিলে সফলতা পোৱা যায়।
যদি বাৰে বাৰে চেষ্টা কৰাৰ পাছতো আপুনি চাকৰি লাভ কৰা নাই তেন্তে মঙলবাৰে হনুমানৰ পূজা কৰি পান আগবঢ়াব। বুণ্ডিয়া লাড়ু প্ৰসাদ হিচাপে দিব। এনে কৰিলে চাকৰি আৰু বাণিজ্যত সফলতা আহিব।
মঙলবাৰৰ দিনটো ব্ৰত ৰখা ভাল বুলি কোৱা হয়। মান্যতা অনুসৰি এই দিনটোত সুন্দৰকাণ্ড পাঠ কৰিব লাগে। ইয়াৰোপৰি গুড় দান কৰিলে বিশেষ কৃপা লাভ কৰা যায়। ইয়াৰ ফলত মন শান্ত হয়।
হিন্দু ধৰ্মত দানৰ বিশেষ মহত্ব আছে। মঙলবাৰৰ দিনটোত আপুনি হনুমানক তেওঁৰ প্ৰিয় বস্তু অৰ্পন কৰা লগতে দৰিদ্ৰক কাপোৰ,খাদ্য আদি দান কৰিব লাগে। এনে কৰিলে হনুমান সন্তুষ্ট হয় বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক