Today’s horoscope: আজি শুকুৰবাৰ, কেনে যাব আপোনাৰ দিন? চাওক ৰাশিফল…
Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজি কিছু ৰাশিৰ লোকৰ আৰ্থিক উন্নতি হোৱাৰ সম্ভাৱনা আছে। আনহাতে কিছুমানৰ আজি দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব পাৰে।

ৰাশিফল
আজি ১১ জুলাই, শুকুৰবাৰ। জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব, তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-
মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। দীৰ্ঘদিন ধৰি চলি থকা সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। আত্মবিশ্বাস মজবুত হ’ব।সন্মান লাভ কৰিব। ৰাজনীতিৰ লগত জড়িতসকলে কোনো ডাঙৰ পদবী লাভ কৰিব পাৰে। আনৰ কথাত বেছি মাত নামাতিব। পুৰণি বন্ধুক দীৰ্ঘদিনৰ পাছত লগ পাব। স্বাস্থ্য ভাল।
বৃষ ৰাশিঃ আজিৰ দিনটো আপুনি পৰিয়ালৰ সৈতে সময় কটাব। সমস্যা দূৰ হ’ব। ঘৰলৈ আলহী আহিব পাৰে। অচিনাকী ব্যক্তিৰ লগত টকা-পইচাৰ লেনদেন নকৰিব। পিতৃৰ স্বাস্থ্যক লৈ চিন্তিত থাকিব। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে দিনটো ভাল। ঘৰত নতুন কামৰ আৰম্ভ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।
মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। ধৰ্মীয় কামত মন বাঢ়িব। কৰ্মক্ষেত্ৰত লাভ কৰা দায়িত্ব সময়মতে পূৰ কৰাৰ চেষ্টা কৰিব। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত মন দিয়া প্ৰয়োজন। ভাতৃৰ সৈতে মতানৈক্য হ’ব পাৰে। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। প্ৰেমত ভাল। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব।
কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব। হঠাতে ধন লাভ কৰিব, যাৰ বাব সুখী হ’ব। আত্মীয়ৰ পৰা সুখবৰ লাভ কৰিব। পুৰণি লেনদেনক লৈ সমস্যা আহিব পাৰে। ব্যৱসায়ত সমস্যা আহিব পাৰে। কোনো ক্ষেত্ৰত সঠিত সিদ্ধান্ত লব পাৰিব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। স্বাস্থ্য ভাল।
সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ভাবি-চিন্তি কামত হাত দিব। সংগীৰ সৈতে সময় কটাব। কোনো কথাক লৈ মতানৈক্য হ’ব পাৰে। চৰকাৰী কামত ব্যস্ত থাকিব। পৰিয়ালৰ কাৰোবাৰ বিয়া ঠিক হ’ব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে। উন্নতিৰ ক্ষেত্ৰত বাধা দূৰ হ’ব। আৰ্থিক দিশটো সাৱধান থাকিব।
কন্যা ৰাশিঃ আজিৰ দিনটো আপুনি সাৱধানে থকা ভাল। ব্যৱসায়ত খৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ নকৰিব। ভাগ্যই লগ দিব। কথা কওতে সাৱধান হ’ব। খৰচৰ ওপৰত গুৰুত্ব দিব। আপোনাৰ কোনো মনৰ ইচ্ছা পূৰণ হ’ব। সন্তানক লৈ চলি থকা সমস্যা দূৰ হ’ব। চাকৰিত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিব।
তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। আত্মীয়ই সম্পূৰ্ণ সমৰ্থন কৰিব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। শত্ৰুৰ পৰা সাৱধান থাকিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব। কোনো ভাল খবৰ লাভ কৰিব পাৰে।
বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। কোনো নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে। প্ৰেমত শুভ। বেংকিং ক্ষেত্ৰত কাম কৰাসকলে ভাল খবৰ লাভ কৰিব। পদোন্নতি লাভৰ সম্ভাৱনা আছে। সময়ৰ কাম সময়ত শেষ কৰাৰ চেষ্টা কৰিব। বৈবাহিক জীৱনত চলি থকা সমস্যা দূৰ হ’ব। স্বাস্থ্য ভাল।
ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। মান-সন্মান বৃদ্ধি হ’ব। ৰাজনীতিত কৰ্মৰতসকলে ভাল খবৰ লাভ কৰিব। প্ৰেমত সমস্যা কিছু আহিব পাৰে। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰৰ লগত জড়িত প্ৰয়োজনীয় তথ্য আনৰ লগত শ্বেয়াৰ নকৰিব। সমস্যা আহিব পাৰে। আপুনি কাৰোবাৰ ভাল বিচাৰিলেও আনে ভুল ভাবিব পাৰে। স্বাস্থ্য ভাল।
মকৰ ৰাশিঃ আজি আপুনি সা-সম্পত্তি ক্ৰয় কৰিব পাৰে। আপোনাৰ কোনো কাম সম্পূৰ্ণ হ’ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা দূৰ হ’ব। অচিনাকী লোকৰ ওপৰত বিশ্বাস নকৰিব। খৰচ অধিক হোৱাৰ সম্ভাৱনা আছে। সংগীৰ পৰা কোনো ভাল উপহাৰ লাভ কৰিব পাৰে। বয়োজ্যেষ্ঠজনৰ পৰামৰ্শই কাম দিব। স্বাস্থ্য ভাল।
কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ’ব। চাকৰিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। প্ৰেমত শুভ। অচিনাকী লোকৰ পৰা দূৰত থাকিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। পাৰিবাৰিক দিশটোত সমস্যা আহিব। সন্তানৰ ফালৰ পৰা ভাল খবৰ লাভ কৰিব। উন্নতিৰ ক্ষেত্ৰত দেখা দিয়া বাধা দূৰ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।
মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। কোনো কথাক লৈ আপুনি চিন্তিত হৈ থাকিব। অৱশ্যে আয়ৰ নতুন বাট মুকলি হ’ব। ব্যৱসায়ত লাভ হ’ব। ভ্ৰমণৰ সম্ভাৱনা আছে। মাতৃৰ সৈতে চলি থকা বিবাদ দূৰ হ’ব। পৰিয়ালক কৰা প্ৰতিশ্ৰুতি পূৰণৰ চেষ্টা কৰিব। স্বাস্থ্য ভাল।