Horoscope Today: এই ৰাশিৰ লোকৰ পৰিয়ালত আজি হ’ব পাৰে কন্দল! চাওক আপোনাৰ ৰাশিফল
জ্যোতিষ শাস্ত্ৰত সোমবাৰৰ দিনটোৰ বিশেষ মহত্ব আছে। যিসকল লোকে জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰে, তেওঁলোকে সেয়ে সোমবাৰৰ দিনটোত কিছু বিশেষ নিয়ম পালন কৰাও পৰিলক্ষিত হয়। গতিকে আজি সোমবাৰৰ দিনটো বিভিন্ন ৰাশিৰ লোকসকলৰ কিদৰে পাৰ হ’ব, সেয়া জানিবলৈ জ্যোতিষী সকলে গ্ৰহ নক্ষত্ৰৰ গণনা কৰি আগবঢ়োৱা ৰাশিফল চাওঁ আহক।

ৰাশিফল
আজি ১০ ফেব্ৰুৱাৰী, সোমবাৰ। জ্যোতিষ শাস্ত্ৰত সোমবাৰৰ দিনটোৰ বিশেষ মহত্ব আছে। যিসকল লোকে জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰে, তেওঁলোকে সেয়ে সোমবাৰৰ দিনটোত কিছু বিশেষ নিয়ম পালন কৰাও পৰিলক্ষিত হয়। গতিকে আজি সোমবাৰৰ দিনটো বিভিন্ন ৰাশিৰ লোকসকলৰ কিদৰে পাৰ হ’ব, সেয়া জানিবলৈ জ্যোতিষী সকলে গ্ৰহ নক্ষত্ৰৰ গণনা কৰি আগবঢ়োৱা ৰাশিফল চাওঁ আহক-
মেষ ৰাশিৰ ৰাশিফল
আৰ্থিক আৰু ব্যৱসায়িক দিশত শুভ। আৰ্থিক লাভৰ বাবে সুখী হ’ব। ধৰ্মীয় কাম-কাজৰ প্ৰতি অতি আগ্ৰহী হ’ব। দান-বৰঙণিৰ দ্বাৰা মানসিক তৃপ্তি আৰু সন্মান লাভ কৰিব। পৰিয়ালত সুখ আৰু শান্তি বিৰাজিত হ’ব। স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ’ব।
বৃষ ৰাশিৰ ৰাশিফল
উপাৰ্জন বৃদ্ধি পাব। যিকোনো বিষয়তে ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব লাগিব। কোনো লোকৰ সৈতে কথা পতাৰ সময়ত আচৰণ নিয়ন্ত্ৰণত ৰাখিব। ৰাজনীতিৰ সৈতে জড়িতসকলে কোনো ভাল খবৰ শুনিব পাৰে। কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। খৰচ বৃদ্ধিয়ে সমস্যাত পেলাব পাৰে।
মিথুন ৰাশিৰ ৰাশিফল
ব্যৱসায়িক দিশত কোনো নতুন পৰিকল্পনাই আপোনাৰ লাভ বৃদ্ধি কৰিব পাৰে। পত্নীৰ সৈতে কোনো কথাত বিভেদ হৈছিল, সেই বিভেদ দূৰ হ’ব। কৰ্মক্ষেত্ৰত আজি ব্যস্ততা বাঢ়িব। পাৰিবাৰিক দিশত শুভ। স্বাস্থ্যও ভালে থাকিব।
কৰ্কট ৰাশিৰ ৰাশিফল
পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব। আশা কৰাৰ দৰে যিকোনো কামত সফল হ’ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ ঠিক হ’ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰশংসা তথা স্বীকৃতি লাভ কৰিব। ব্যৱসায়িক দিশত ভাল খবৰ লাভ কৰিব। বিনিয়োগৰ পৰিকল্পনা কৰিলে ভাল হ’ব।
সিংহ ৰাশিৰ ৰাশিফল
ব্যৱসায়িক উন্নতি হ’ব। আৰ্থিক দিশতো ভাল হ’ব। কোনো প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থকা উচিত হ’ব। মাতৃৰ কোনো শাৰীৰিক অসুস্থতা হ’ব পাৰে। সন্তানৰ পঢ়া-শুনাক লৈ কিছু চিন্তিত হ’ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত পিতৃৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব।
কন্যা ৰাশিৰ ৰাশিফল
পৰিয়ালৰ সদস্যৰ মাজত কোনো বিষয়ত কন্দল হ’ব পাৰে। শিক্ষাৰ্থীৰ শুভ। কোনো ছাত্ৰ-ছাত্ৰীয়ে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে সুফল পাব। প্ৰেমৰ সম্পৰ্ক অধিক সুদৃঢ় হ’ব। ভ্ৰমণৰ আশা পূৰ কৰাৰ সুযোগ পাব।
তুলা ৰাশিৰ ৰাশিফল
উপাৰ্জনৰ উৎস বৃদ্ধি হ’ব। বৈবাহিক জীৱন মধুৰ হ’ব। সঞ্চয় পৰিকল্পনাৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব লাগিব। ভৱিষ্যতৰ বাবে বিনিয়োগৰ পৰিকল্পনা কৰা উচিত হ’ব। পৰিয়ালৰ কাম-কাজৰ বাবে ব্যস্ততা বৃদ্ধি পাব।
বৃশ্চিক ৰাশিৰ ৰাশিফল
অবিবাহিত লোকে ভাল বিবাহ প্ৰস্তাৱ লাভ কৰিব পাৰে। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। আৰ্থিক অৱস্থা ভাল হোৱাৰ সম্ভাৱনা আছে। নতুনকৈ কোনো অহিত চিন্তকৰ সৃষ্টি হ’ব পাৰে। পিতৃ তথা পৰিয়ালৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব।
ধনু ৰাশিৰ ৰাশিফল
বৈবাহিক জীৱন সুখকৰ হ’ব। পত্নীৰ সমৰ্থন আৰু সংগই মনত প্ৰশান্তি দিব। নতুন বাসগৃ্হ ক্ৰয়ৰ কথা ভাবিছে যদি আজি এইক্ষেত্ৰত আগবাঢ়িব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিষয়ত ভাল খবৰ লাভ কৰিব। আনৰ প্ৰতি ঈৰ্ষা আৰু ঘৃণাৰ ভাৱ মনত ৰাখিব নালাগে।
মকৰ ৰাশিৰ ৰাশিফল
কষ্টৰ সম্পূৰ্ণ ফল পাব। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব। কোনো ৰোগত আক্ৰান্ত হৈ আছিল যদি আজি অধিক সমস্যা হ’ব পাৰে। ধৰ্মীয় কাম-কাজৰ প্ৰতি অতি আগ্ৰহী হ’ব। কোনো গুৰুত্বপূৰ্ণ তথ্য আনৰ লগত শ্বেয়াৰ নকৰিব। নিজৰ কামতকৈ আনৰ কামত অধিক গুৰুত্ব দিব, যাৰ ফলত আপোনাৰ বাবেও কিছুমান নতুন সমস্যাৰ সৃষ্টি হ’ব পাৰে।
কুম্ভ ৰাশিৰ ৰাশিফল
কেৰিয়াৰত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব লাগিব। অংশীদাৰিত্বৰে ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত হ’ব। বৈবাহিক জীৱনত কোনো মতানৈক্য আছিল যদি নিজাকৈ সমাধানৰ চেষ্টা কৰক। সামাজিক ক্ষেত্ৰত জড়িত লোকসকলৰ সন্মান বৃদ্ধি পাব। সন্তানে কৰ্মসংস্থান পাব পাৰে। টকা সম্পৰ্কে কোনো সিদ্ধান্ত খৰখেদাকৈ লোৱা উচিত নহয়।
মীন ৰাশিৰ ৰাশিফল
প্ৰেমৰ সম্পৰ্ক অধিক মধুৰ হ’ব। সংগীৰ সৈতে কোনো ভুল বুজাবুজি আছিল যদি, সেয়া দূৰ হ’ব। আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিব। নতুন সম্পত্তি ক্ৰয়ৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব। মনত আনন্দ লগা কোনো ভাল খবৰ শুনিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কোনো কথাক লৈ কাজিয়া হ’ব পাৰে।