কাইলৈ শুভ সংযোগ ঘটিব সূৰ্য-বুধৰ, ‘বুধাদিত্য’ই সৌভাগ্য কঢ়িয়াই আনিব এই ৪টা ৰাশিৰ লোকৰ জীৱনলৈ

এই দুই গ্ৰহৰ সংযোজনে অত্যন্ত শুভ হিচাপে গণ্য কৰা বুধাদিত্য যোগৰ সৃষ্টি কৰিব। জ্যোতিষীসকলৰ মতে বুধাদিত্য যোগে চাৰিটা ৰাশিৰ লোকৰ বাবে অতি উত্তম ফলাফল কঢ়িয়াই আনিব পাৰে। গতিকে জানো আহক এই চাৰিটা ৰাশি কি কি।

কাইলৈ শুভ সংযোগ ঘটিব সূৰ্য-বুধৰ, ‘বুধাদিত্য’ই সৌভাগ্য কঢ়িয়াই আনিব এই ৪টা ৰাশিৰ লোকৰ জীৱনলৈ

বুধাদিত্য যুগ

Published: 

15 Nov 2025 | 03:08 PM

জ্যোতিষত ভগৱান সূৰ্যক গ্ৰহৰ ৰজা বুলি গণ্য কৰা হয়ধৰ্মীয় বিশ্বাস অনুসৰি তেওঁ আত্মাক প্ৰতিনিধিত্ব কৰেকাইলৈ ​​অৰ্থা ১৬ নৱেম্বৰত সূৰ্যই নিজৰ ৰাশি সলনি কৰি মংগল গ্ৰহৰ ৰাশি বৃশ্চিকত প্ৰৱেশ কৰিব। বৃশ্চিক ৰাশিত সূৰ্যই গ্ৰহৰ ৰাজকুমাৰ জ্ঞান কৰা বুধৰ সৈতে সংযোগ ব। যোৱা ২৪ অক্টোবৰৰ পৰা বুধ এই ৰাশিত আছে। এই দুই গ্ৰহৰ সংযোজনে অত্যন্ত শুভ হিচাপে গণ্য কৰা বুধাদিত্য যোগৰ সৃষ্টি কৰিব। জ্যোতিষীসকলৰ মতে বুধাদিত্য যোগে চাৰিটা ৰাশিৰ লোকৰ বাবে অতি উত্তম ফলাফল কঢ়িয়াই আনিব পাৰে।

বুধাদিত্য যোগে চাৰিটা ৰাশিৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনিব পাৰে বুলি আগজাননী ব্যক্ত কৰিছে জ্যোতিষীসকলে। গতিকে জানো আহক এই চাৰিটা ৰাশি কি কি

মিথুন ৰাশি

এই সংযোগ মিথুন ৰাশিৰ লোকৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ’ব পাৰে। এই সময়ছোৱাত মিথুন ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা উন্নত হ’ব পাৰে। প্ৰতিটো কামতে তেওঁলোকে সফলতা লাভ কৰিব পাৰে। কৰ্মসংস্থাপনৰ চেষ্টা চলাই থকা নিবনুৱা লোকসকলে চাকৰি পাব পাৰে পদোন্নতিৰো সম্ভাৱনা আছে।

সিংহ ৰাশি

এই সংযোগ সিংহ ৰাশিৰ লোকৰ বাবেও অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। এই সময়ত সিংহ ৰাশিৰ লোকে নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে এই পদক্ষেপে ব্যক্তিজনৰ জীৱনলৈ সফলতা কঢ়িয়াই আনিব পাৰে। তেওঁলোকৰ ধন-সম্পত্তি বৃদ্ধি পাব পাৰে।

ধনু ৰাশি

এই সময় ধনু ৰাশিৰ বাবে শুভ হব। এই সংযোগে ধনু ৰাশিৰ বাবে বহু সমস্যা সমাধান কৰিব পাৰে। ধন-সম্পত্তি বৃদ্ধি পাব পাৰে। তেওঁলোকে হয়তো নতুন ব্যৱসায় আৰম্ভ কৰিব। পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰাৰো সম্ভাৱনা আছে। বিদেশ ভ্ৰমণৰো সুযোগ পাব পাৰে

কন্যা ৰাশি

কন্যা ৰাশিৰ লোকৰ এই সময়ছোৱাত দৰমহা বৃদ্ধিৰ সন্মুখীন হ’ব পাৰে। ব্যৱসায়িক লাভ সম্ভৱ হ’ব পাৰে। ঋণৰ পৰা মুক্তি লাভ কৰিব পাৰে। চাকৰি লাভৰো সম্ভাৱনা আছে এই সময়ছোৱাত ঘৰৰ লগতে পৰিয়ালৰ পৰিৱেশ ভাল হ’ব।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। TV9 Assam এয়া নিশ্চিত কৰা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...