Sukra: শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তন! কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, হাতলৈ আহিব ধন…

Rashi: প্ৰতিটো গ্ৰহৰ স্থান পৰিৱৰ্তনে প্ৰতিটো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ গুৰুত্ব অধিক। এই জ্যোতিষ শাস্ত্ৰত গ্ৰহৰ নক্ষত্ৰ পৰিৱৰ্তন বিশেষ বুলি গণ্য কৰা হয়।

Sukra: শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তন! কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, হাতলৈ আহিব ধন...

শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তন

Published: 

26 Nov 2025 | 02:44 PM

জ্যোতিষ শাস্ত্ৰত শুক্ৰক অতি গুৰুত্বপূৰ্ণ গ্ৰহ বুলি গণ্য কৰা হয়। শুক্ৰৰ গোচৰ আৰু নক্ষত্ৰ পৰিৱৰ্তন অতি বিশেষ বুলি বিশ্বাস কৰা হয়। বৰ্তমান শুক্ৰ বিশাখা নক্ষত্ৰত আছে। ২৯ নৱেম্বৰত অনুৰাধা নক্ষত্ৰত প্ৰৱেশ কৰিব। এই অনুৰাধা নক্ষত্ৰৰ স্বামী শনিদেৱ। জ্যোতিষত শুক্ৰ আৰু শনিক বন্ধুত্বপূৰ্ণ গ্ৰহ বুলি গণ্য কৰা হয়। যাৰ বাবে ইয়াৰ দ্বাৰা কিছুমান ৰাশিৰ কপাল ফুলিব পাৰে।

এনে পৰিস্থিতিত ২৯ নৱেম্বৰত শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তনে সকলো ৰাশিকে কম বেছি পৰিমাণে প্ৰভাৱিত কৰিব। কিন্তু ৪ টা ৰাখিৰ ওপৰত অত্যন্ত ভাল প্ৰভাৱ পৰিব।

বৃষ ৰাশিঃ এই ৰাশিৰ বাবে শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তন ভাল হ’ব পাৰে। সকলো কাম সম্পূৰ্ণ হ’ব। দীৰ্ঘদিনীয়া সমস্যা হ্ৰাস পাব। আৰ্থিক সকাহ লাভৰ সম্ভাৱনা। হাতলৈ ধন আহিব পাৰে।

কৰ্কট ৰাশিঃ শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তনৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব। সম্পৰ্ক ভাল হ’ব। মানসিক স্বাস্থ্য উন্নত হ’ব। সৰু-সুৰা আৰ্থিক লাভ হ’ব। আৰ্থিক সমস্যা বহু পৰিমাণে কমিব।

মকৰ ৰাশিঃ এই ৰাশিৰ কেৰিয়াৰ অত্যন্ত শক্তিশালী হ’ব। পদোন্নতিৰ যোগ আছে। পৰিশ্ৰমৰ শলাগ ল’ব। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে তেন্তে এই সময়খিনি ভাল। মন শান্ত থাকিব।

তুলা ৰাশিঃ এই ৰাশিৰ লোকৰ বাবে শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তনে সৌভাগ্য কঢ়িয়াই আনিব। চাকৰিৰ পৰিকল্পনা, পঢ়া-শুনা বা নতুন কামৰ পৰিকল্পনা কৰাসকলৰ বাবে সময়খিনি ভাল। ভ্ৰমণৰ সম্ভাৱনা আছে। সৃষ্টিশীল কামত জড়িতসকলৰ লাভ হ’ব। কোনো আলোচনাত অংশ ল’ব পাৰে। আৰ্থিক উন্নতি হ’ব।

 

(ওপৰৰ লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ লাভ কৰিব শনিৰ কৃপা! ২০২৬ বৰ্ষটি অত্যন্ত ভাল এই ৩ ৰাশিৰ লোকৰ বাবে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...