নতুন সপ্তাহত শনিয়ে সলাব নক্ষত্ৰ, চাৰি মাহলৈ সুখ-সমৃদ্ধিৰে ভৰিব এই ৩ ৰাশিৰ জীৱন
শনি দেৱ ১৭ মে’লৈকে এই নক্ষত্ৰতে বিৰাজমান থাকিব, যাৰ ফলত আগন্তুক প্ৰায় চাৰি মাহ ধৰি বিশেষ তিনিটা ৰাশিৰ ওপৰত শনিৰ শুভ দৃষ্টি পৰিব। জ্যোতিষীসকলৰ মতে, নিজৰ নক্ষত্ৰত থকাৰ বাবে শনি দেৱ এই সময়ছোৱাত অধিক শক্তিশালী হৈ পৰিব আৰু জাতকসকলক উন্নতি, আৰ্থিক লাভ তথা সংস্থাপনৰ নতুন দিশ প্ৰদান কৰিব।

প্ৰতিনিধিত্বমূলক ছবি
গ্ৰহৰ সেনাপতি তথা ন্যায়ৰ দেৱতা শনি দেৱৰ নক্ষত্ৰ পৰিৱৰ্তনে জ্যোতিষ শাস্ত্ৰত এক বিশেষ তাৎপৰ্য বহন কৰে। অহা ২০ জানুৱাৰীত শনি দেৱে নিজৰেই নক্ষত্ৰ উত্তৰাভদ্ৰপদত প্ৰৱেশ কৰিব আৰু ইয়াৰ লগে লগে আৰম্ভ হ’ব এক নতুন মহাজাগতিক সংযোগ। শনি দেৱ ১৭ মে’লৈকে এই নক্ষত্ৰতে বিৰাজমান থাকিব, যাৰ ফলত আগন্তুক প্ৰায় চাৰি মাহ ধৰি বিশেষ তিনিটা ৰাশিৰ ওপৰত শনিৰ শুভ দৃষ্টি পৰিব। জ্যোতিষীসকলৰ মতে, নিজৰ নক্ষত্ৰত থকাৰ বাবে শনি দেৱ এই সময়ছোৱাত অধিক শক্তিশালী হৈ পৰিব আৰু জাতকসকলক উন্নতি, আৰ্থিক লাভ তথা সংস্থাপনৰ নতুন দিশ প্ৰদান কৰিব।
মিথুন ৰাশি
মিথুন ৰাশিৰ লোকসকলৰ বাবে এই পৰিৱৰ্তন কেৰিয়াৰ আৰু ব্যৱসায়ত এক শুভ বাৰ্তা হিচাপে দেখা দিছে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ লগতে ব্যৱসায়ীসকলে ব্যৱসায় সম্প্ৰসাৰণ কৰি অধিক মুনাফা অৰ্জন কৰিবলৈ সক্ষম হ’ব। এই সময়ছোৱাত আপোনাৰ আৰ্থিক আয় বৃদ্ধি পাব আৰু অপ্ৰয়োজনীয় খৰচ হ্ৰাস পাব।
যিসকল লোক নতুন চাকৰিৰ সন্ধানত আছে, তেওঁলোকেও শুভ সংবাদ লাভ কৰিব পাৰে। পৈতৃক সম্পত্তিৰ পৰা লাভ হোৱাৰ সম্ভাৱনা থকাৰ লগতে পিতৃৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হ’ব আৰু স্বাস্থ্যজনিত সমস্যাৰ পৰাও সকাহ পোৱা যাব।
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ জাতকসকলৰ বাবেও শনিৰ এই নক্ষত্ৰ ভ্ৰমণ অতিশয় ফলদায়ক হ’ব। আপোনাৰ দীৰ্ঘদিন ধৰি স্তব্ধ হৈ থকা কামবোৰত হঠাতে গতি আহিব আৰু কেৰিয়াৰত সফলতাৰ নতুন দুৱাৰ মুকলি হ’ব। আৰ্থিক দিশত স্বচ্ছলতা অহাৰ লগতে ব্যৱসায়িক উদ্দেশ্যত ভ্ৰমণৰ যোগ দেখা যায়।
আগন্তুক চাৰি মাহত আপুনি বিভিন্ন ধৰ্মীয় বা মাংগলিক অনুষ্ঠানত অংশ ল’বলৈ সুযোগ পাব আৰু পুৰণি বন্ধু-বান্ধৱৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ বাবেও এই সময়ছোৱা যথেষ্ট অনুকূল হ’ব আৰু তেওঁলোকে পঢ়া-শুনাত আশানুৰূপ ফল দেখুৱাব পাৰিব।
মকৰ ৰাশি
মকৰ ৰাশিৰ লোকসকলৰ বাবেও শনিৰ এই পৰিৱৰ্তনে সৌভাগ্য কঢ়িয়াই আনিব। আপোনাৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পাব, ফলত কৰ্মক্ষেত্ৰত কঠিন প্ৰত্যাহ্বানবোৰ সহজেই অতিক্ৰম কৰিব পাৰিব। ব্যৱসায় আৰু চাকৰিত উন্নতিৰ নতুন সুযোগ লাভ কৰাৰ লগতে কোনো গুপ্ত উৎসৰ পৰা ধন লাভৰ যোগ আছে।
এই সময়ছোৱাত কৰা যিকোনো বিনিয়োগে আপোনাক দীৰ্ঘদিন ধৰি লাভান্বিত কৰিব। পাৰিবাৰিক জীৱনত সুখ-শান্তি বৃদ্ধি পাব আৰু সন্তানৰ ফালৰ পৰা কোনো সুখবৰ পোৱাৰ সম্ভাৱনাই আপোনাক আনন্দিত কৰি তুলিব।