সপোনত পূৰ্বপুৰুষক দেখা পোৱাটো শুভ নে অশুভ? গৰুড় পুৰাণে কৰিছে বাখ্যা

সপোনত পূৰ্বপুৰুষক দেখা পোৱাৰ পিছত সেয়া শুভ নে অশুভ, সেই প্ৰশ্ন নিশ্চিতভাৱে আপোনাৰ মনতো উদয় হ’ব পাৰে। এই প্ৰশ্নৰ স্পষ্ট উত্তৰ ১৮খন মহান পুৰাণৰ ভিতৰত অন্যতম গৰুড় পুৰাণত পোৱা যায়। চাওঁ আহক এই বিষয়ে।

সপোনত পূৰ্বপুৰুষক দেখা পোৱাটো শুভ নে অশুভ? গৰুড় পুৰাণে কৰিছে বাখ্যা

গৰুড় পুৰাণ

Updated On: 

14 Dec 2025 15:10 PM

আমি প্ৰায়ে নিশা শোৱাৰ সময়ত সপোন দেখোঁ। সপোন শাস্ত্ৰই আমি দেখা এনে সপোন আৰু আমাৰ বাস্তৱ জীৱনৰ গভীৰ সংযোগৰ ব্যাখ্যা আগবঢ়ায়। এনে বাখ্যা অনুসৰি সপোন আমাৰ জীৱনত আহিবলগীয়া সময়ছোৱাৰ নানা ঘটনা-পৰিঘটনাৰো লক্ষণ। এনে কিছুমান সপোন শুভ যদিও আন কিছুমান হৈ পৰে অত্যন্ত অশুভ। অৱশ্যে সপোন শাস্ত্ৰ অনুসৰি প্ৰতিটো সপোনৰ এক গভীৰ অৰ্থ থাকে। সপোন শাস্ত্ৰই সপোনত মৃত আত্মীয় বা পূৰ্বপুৰুষ দেখা পোৱাৰ আঁৰৰ অৰ্থও ব্যাখ্যা কৰে।

সপোনত পূৰ্বপুৰুষক দেখা পোৱাৰ পিছত সেয়া শুভ নে অশুভ, সেই প্ৰশ্ন নিশ্চিতভাৱে আপোনাৰ মনতো উদয় হ’ব পাৰে। এই প্ৰশ্নৰ স্পষ্ট উত্তৰ ১৮খন মহান পুৰাণৰ ভিতৰত অন্যতম গৰুড় পুৰাণত পোৱা যায়। এই পুৰাণ ভগৱান বিষ্ণু আৰু পক্ষীৰাজ গৰুড়ৰ মাজত হোৱা কথা-বতৰাৰ আধাৰত ৰচনা কৰা হৈছে।

সপোন শাস্ত্ৰত গৰুড়ে ভগৱান বিষ্ণুক সপোনত মৃত আত্মীয় বা পূৰ্বপুৰুষৰ দৰ্শনে কি বুজায় বুলি প্ৰশ্ন কৰে? এই প্ৰশ্নৰ উত্তৰত ভগৱান বিষ্ণুৱে বিতংভাৱে ব্যাখ্যা কৰিছে। কি কৈছে ভগৱান বিষ্ণুৱে, চাওক-

গৰুড় পুৰাণৰ মত

ভগৱান বিষ্ণুৱে কৈছে যে যদি কোনো লোকে সপোনত তেওঁলোকৰ পূৰ্বপুৰুষক দেখা পায় তেতিয়া এয়া অতি শুভ লক্ষণ। এই সপোনে পূৰ্বপুৰুষৰ সুখ আৰু আনন্দৰ ইঙ্গিত দিয়ে। ইয়াৰ পৰা বুজা যায় যে পূৰ্বপুৰুষসকলে নিজৰ পৰিয়ালৰ কৰ্মত সন্তুষ্ট হৈ তেওঁলোকক আশীৰ্বাদ দিছে। সপোনত পূৰ্বপুৰুষক সুখী বা হাঁহি থকা দেখাটো তেওঁলোকৰ আত্মাই শান্তি পোৱাৰ লক্ষণ বুলি গণ্য কৰা হয়।

যদি সপোনত কোনোৱে তেওঁলোকৰ পূৰ্বপুৰুষে খাদ্য, পানী বা আন কিবা বিচৰা দেখিবলৈ পায়, তেতিয়া তাৰ অৰ্থ হ’ল তেওঁলোকৰ পূৰ্বপুৰুষে তেওঁলোকক নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনাইছে। এই সপোনৰ পিছত তেওঁলোকৰ পূৰ্বপুৰুষৰ বাবে ৰীতি-নীতি সঠিকভাৱে পালন কৰিব লাগে।

পূৰ্বপুৰুষক সপোনত দুখী দেখা

অৱশ্যে কোনো লোকে যদি নিজৰ পূৰ্বপুৰুষক সপোনত দুখী আৰু অস্থিৰ হোৱা দেখা পায়, তেতিয়া এই সপোনটোৱে পূৰ্বপুৰুষৰ আত্মাৰ শান্তিৰ বাবে উপযুক্ত আচাৰ-ব্যৱহাৰ কৰা উচিত বুলি ইংগিত দিয়ে।

এই ৬ বিধ খাদ্যই কম কৰে হৃদৰোগৰ সম্ভাৱনা, জানক...
চকু ফুলিছে নেকি? সাৱধান! কিডনী দুৰ্বল হোৱাৰ ৪ টা গুৰুতৰ লক্ষণ
বেটত ব্যৰ্থ হ’ল সূৰ্যবংশী, কিন্তু এইদৰে পাকিস্তানৰ বিৰুদ্ধে তুলিলে পূৰ্বৰ পৰাজয়ৰ পোতক
ঘৰত কেতিয়াও নাৰাখিব এই ৩টা মূৰ্তি, দৈনিক অসূয়া-অপ্ৰীতিয়ে দূৰ কৰিব সুখ-শান্তি
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...
জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তক মৃত্যুদণ্ডৰ দাবী...
এগৰাকী আইতাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা