শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Sawan 2025: কাইলৈ শাওনৰ প্ৰথমটো সোমবাৰ, জানো আহক ৰাজ্যৰ অন্যতম শিৱ মন্দিৰসমূহৰ বিষয়ে…

১৮ জুলাইৰ পৰা আৰম্ভ হৈছে অসমীয়া কেলেণ্ডাৰ মতে শাওন মাহ। হিন্দু ধৰ্ম অনুসৰি শাওন মাহক অতি পবিত্ৰ বুলি মনা হয়। কাইলৈ শাওনৰ প্ৰথমটো সোমবাৰ। ৰাজ্যৰ প্ৰতিটো শিৱ মন্দিৰত দেখা যাব ভক্তৰ ভিৰ।

Sawan 2025: কাইলৈ শাওনৰ প্ৰথমটো সোমবাৰ, জানো আহক ৰাজ্যৰ অন্যতম শিৱ মন্দিৰসমূহৰ বিষয়ে…
ৰাজ্যৰ অন্যতম শিৱ মন্দিৰসমূহৰ বিষয়ে জানো আহক
barasha-misra
Barasha Misra | Published: 20 Jul 2025 22:06 PM

শাওন মাহটো অতি শুভ আৰু পবিত্ৰ মাহ। শাওনত ভোলানাথৰ পূজাৰ বিশেষ গুৰুত্ব আছে। এই মাহত ভোলেনাথক পূজা কৰিলে শুভ ফল পোৱা যায়। ভক্তসকলে তেওঁক সন্তুষ্ট কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। শাওন মাহৰ প্ৰতিটো সোমবাৰে প্ৰতিটো শিৱ মন্দিৰত ভক্তৰ ভিৰ দেখা যায়। আজি জানো আহক ৰাজ্যত অন্যতম শিৱ মন্দিৰসমূহৰ বিষয়ে…

ভীমাশঙ্কৰ মন্দিৰ

গুৱাহাটীৰ পামহীৰ ওচৰৰ ডাকিনী পাহাৰ বা ডাইনী পাহাৰত অৱস্থিত এখন জ্যোতিৰ্লিংগ ধাম। এই ধাম দীপৰ বিলৰ দাঁতিৰ পাহাৰীয়া অঞ্চলত অৱস্থিত। পৌৰাণিক আখ্যান মতে ইয়াতে ভগৱান মহাদেৱে ভীমাসুৰ নামৰ দৈত্য এজনক নিধন কৰিবলৈ অৱতাৰ ধাৰণ কৰিছিল।

ডাকিনী পাহাৰৰ অৱস্থান এটি বিতৰ্কৰ বিষয়। শিৱ পুৰাণ আৰু কৌটি ৰুদ্ৰ সংহিতা মতে ভিমাশঙ্কৰ (বা ভিমেশ্বৰ) ডাকিনী পাহাৰত অৱস্থিত। সেয়ে ভক্তসকলে পামহীৰ এই ধামকে দ্বাদশ জ্যোতিলিংগ ৰূপে বিশ্বাস কৰে। বহুলোকে পুণা চহৰৰ ওচৰৰ ভিমাশঙ্কৰ ধামকো দ্বাদশ জ্যোতিলিংগ ৰূপে আৰাধনা কৰে।

এই ধামত কোনো মন্দিৰ দেখিবলৈ পোৱা নাযায়। বৰঞ্চ ইয়াত এটি শিৱলিংগ আৰু সেই শিৱলিংগৰ দাঁতিৰে বৈ থকা এটি পাহাৰীয়া নিজৰা দেখিবলৈ পোৱা যায়। এই শিৱলিংগকে ইয়াত আৰাধনা কৰা হয়। এই স্থানৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতি মোহনীয়।

শিৱদৌল

এই মন্দিৰটো শিৱসাগৰ নগৰৰ শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত ফুলেশ্বৰী ভগ্নী দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰীবা মদাম্বিকা নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ কলচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল। কৰ্দৈশিৰীয়া এই দৌলৰ উচ্চতা প্ৰায় ১৮০ ফুট(প্ৰায় ৫৫.৫১ মিটাৰ) আৰু ভেটিৰ প্ৰস্থ প্ৰায় ১৯৫ ফুট (৬০.১৪ মিটাৰ) । দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় ৮ ফুট। শিৱদৌলৰ কলচীটোত থকা সোণখিনি এৰুৱাই নিবৰ কাৰণে মানে কলচীটোলৈ গুলিয়াইছিল, কিন্তু কলচীটো বা সোণখিনি খহাব নোৱাৰিলে। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায়ে শিৱৰ পূজা অৰ্চনা হয়।

মহাভৈৰৱ মন্দিৰ

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মান কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া।

মহা মৃত্যুঞ্জয় মন্দিৰ

মহা মৃত্যুঞ্জয় মন্দিৰ অসমৰ নগাঁও জিলাৰ ভেৰভেৰিত অৱস্থিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত হিন্দু মন্দিৰ। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এই মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈছিল। স্থাপত্যশৈলীৰ ফালৰ পৰা মন্দিৰটো এটা বিশাল শিৱ লিংগৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। ১২৬ ফুট ওখ শিৱ লিংগ আকাৰত নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহ শিৱ লিংগ।

মন্দিৰ নিৰ্মাণৰ কাম ২০০৩ চনত আচাৰ্য ভৃগু গিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্য গুৰু শুক্ৰাচাৰ্যয়ে প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহা মৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিছিল। এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগু গিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখন বাছনি কৰিছিল। নিৰ্মাণৰ প্ৰাৰম্ভিক পৰিকল্পনা ২০০৩ চনত আৰম্ভ হৈছিল কিন্তু আন স্থপতিবিদ আৰু অভিযন্তাসকলৰ কেইবাটাও প্ৰচেষ্টাৰ পিছত, চূড়ান্ত অভিযান্ত্ৰিক আৰু ডিজাইনৰ কাম এৰ নাৰায়ণ শৰ্মাই বহন কৰিছিল। অভিযান্ত্ৰিক বিদ্যাত নিপুণতাৰ প্ৰতিফলনৰ বাবে মন্দিৰটো অতি গুৰুত্বপূৰ্ণ।