কাইলৈ শনিৰ স্থান পৰিৱৰ্তন! সাৱধান হৈ থাকিব লাগিব এই ৪ ৰাশিৰ লোক…

Sani: প্ৰতিটো গ্ৰহৰ স্থান পৰিৱৰ্তনৰ প্ৰভাৱ ৰাশিসমূহৰ ওপৰত পৰে। কাইলৈ শনি সৰল ৰেখাত গতি কৰিব। গতিকে ইয়াৰ প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব। কিছু ৰাশিৰ লোক সাৱধান হোৱা ভাল।

কাইলৈ শনিৰ স্থান পৰিৱৰ্তন! সাৱধান হৈ থাকিব লাগিব এই ৪ ৰাশিৰ লোক...

শনি

Published: 

27 Nov 2025 15:19 PM

জ্যোতিষ শাস্ত্ৰত শনিদেৱতাক ন্যায়ৰ দেৱতা আৰু কৰ্মফল দাতা বুলি গণ্য কৰা গয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, শনি দেৱে আটাইতকৈ লেহেমীয়াকৈ গতি কৰে। প্ৰতি ডেৰ-২ বছৰৰ মূৰে মূৰে ৰাশি সলনি কৰে। ২৮ নৱেম্বৰত শনি মাৰ্গী বা সৰল হ’ব। ১৩ জুলাইত মীন ৰাশিত শনি বক্ৰি হৈছিল। এতিয়া শনি সৰলকৈ গতি কৰিব। শনি মকৰ আৰু কুম্ভ ৰাশিৰ অধিপতি বুলি কোৱা হয়। গতিকে যেতিয়া শনিৰ স্থিতিৰ পৰিৱৰ্তন হয় তেতিয়া ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰে।

কাইলৈ হ’বলগীয়া শনিৰ এই পৰিৱৰ্তনৰ প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব। বিশেষকৈ ৪ টা ৰাশিৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে সাৱধান হৈ থকা ভাল।

ধনু ৰাশিঃ এই ৰাশিৰ লোকে সমস্যাৰ সন্মুখীন হ’ব পাৰে। আৰ্থিক সমস্যা আহিব পাৰে। টকাৰ সমস্যাৰ বাবে কোনো কাম ৰৈ যাব পাৰে। কৰ্মস্থলীত খং নিয়ন্ত্ৰণ কৰা দৰকাৰ, বিপদ হোৱাৰ সম্ভাৱনা। নিজৰ গোপন কথা আনক শ্বেয়াৰ নকৰিব। কথা কওতে সাৱধান হ’ব। সুনাম নষ্ট হ’ব পাৰে। স্বাস্থ্যৰ সমস্যা আহিব পাৰে।

বৃশ্চিক ৰাশিঃ পিতৃ-মাতৃৰ সৈতে সমস্যা আহিব পাৰে। ওচৰ-চুবুৰীয়াৰ পৰা সাৱধান হোৱা দৰকাৰ। অপ্ৰয়োজনীয় কথা এৰাই চলক। বিবাদৰ পৰা আঁতৰি থাকক। যিকোনো ব্যৱসায়ত হাত দিয়াৰ আগতে সাৱধান হওক।

মিথুন ৰাশিঃ এই সময়চোৱাত টকা-পইচাৰ লেনদেন কৰাত সাৱধান হওক। সমস্যা আহিব পাৰে। খৰচ বৃদ্ধি পাব পাৰে। ঋণৰ বোজা বৃদ্ধি পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক।

কৰ্কট ৰাশিঃ ভাল বেয়াৰ সন্মুখীন হ’ব পাৰে। কঠোৰ পৰিশ্ৰমৰ পাছতো সফলতাত সমস্যা আহিব। কামৰ চাপ বৃদ্ধি পাব। পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। জীৱনত সংঘাত আহিব পাৰে।

 

 

(ওপৰৰ লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ নহয় ধনৰ অভাৱ, লাভ কৰিব মা লক্ষ্মীৰ কৃপা! মাত্ৰ ঘৰত ৰাখক এই বস্তু…

পাপী লোকৰ মৃত্যু ভোজ খালে কি হয়? জানক...
প্ৰস্ৰাৱৰ পৰা অধিক ফেন ওলাই নেকি? হ'ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক...
ঘৰৰ এই দিশত ৰাখক আইনা, ধন-সম্পত্তিৰে ভৰি পৰিব জীৱন!
উদং হ'ব পকেট! দৰিদ্ৰ হোৱা পূৰ্বে দেখা দিয়ে এই সংকেত...
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...