Sani Gochar 2026: লাভ কৰিব শনিৰ কৃপা! ২০২৬ বৰ্ষটি অত্যন্ত ভাল এই ৩ ৰাশিৰ লোকৰ বাবে…

Sani Gochar 2026: শনিগ্ৰহক জ্যোতিষ শাস্ত্ৰত ন্যায়ৰ দেৱতা আৰু কৰ্মফল দাতা বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি ২০২৬ বছৰটোত শনিৰ ভাল প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব। কিছুমান ৰাশিৰ জীৱনলৈ ভাল দিন আহিব।

Sani Gochar 2026: লাভ কৰিব শনিৰ কৃপা! ২০২৬ বৰ্ষটি অত্যন্ত ভাল এই ৩ ৰাশিৰ লোকৰ বাবে...

শনিৰ প্ৰভাৱ

Published: 

26 Nov 2025 13:11 PM

হিন্দু ধৰ্মত জ্যোতিষ শাস্ত্ৰৰ মহত্ব অধিক। জ্যোতিষ শাস্ত্ৰত শনিক কৰ্মফল দাতা আৰু ন্যায়প্ৰিয় দেৱতা বুলি গণ্য কৰা হয়। শনি এটা ৰাশিৰ পৰা আনটো ৰাশিলৈ প্ৰায় আঢ়ৈ বছৰ পাছত প্ৰৱেশ কৰে। ২০২৫ চনত শনিদৱে মীন ৰাশিত প্ৰৱেশ কৰিছিল আৰু ২০২৭ চনলৈ এই ৰাশিত থাকিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি, মীন ৰাশিত প্ৰৱেশ কৰাৰ ফলত শনি যি ৰাশিৰ জন্ম তাৰিখৰ পৰা ২, ৫ বা ৯  স্থানত থাকে সেই সকলৰ ওপৰত শনিৰ ৰূপৰ ভেটি গঠন হ’ব।

ইয়াৰ প্ৰভাৱ আহিবলগীয়া বছৰটোত পৰিব। বিশেষকৈ ইয়াৰ ভাল প্ৰভাৱ ২০২৬ চনত ৩ টা ৰাশিৰ ওপৰত ভাল পৰিব। এই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল।

কৰ্কট ৰাশিঃ শনিয়ে কৰ্কট ৰাশিৰ লোকৰ বাবে ভাল দিন লৈ আনিব। কেৰিয়াৰত স্থিৰতা লাভ কৰিব, চাকৰিত পদোন্নতিৰ যোগ আছে। ইয়াৰোপৰি ধনৰ লগত জড়িত সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে। পুৰণি বিবাদ ঠিক হোৱাৰ সম্ভাৱনা। পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। সম্পত্তিৰ লগত জড়িত কাম সম্পূৰ্ণ হ’ব পাৰে।

বৃশ্চিক ৰাশিঃ এই ৰাশিৰ বাবে এই বছৰটো সংঘৰ্ষময় হ’ব পাৰে। কিন্তু ঘৰ, সম্পত্তি আদি ক্ৰয় কৰাৰ সম্ভাৱনা আছে। পুৰণি সম্পৰ্ক ভাল হ’ব। পৰিয়ালৰ সৈতে ভাল। ছাত্ৰসকলে বিশেষকৈ সফলতা লাভ কৰিব পাৰে। আৰ্থিক দিশটো ভাল হ’ব পাৰে।

কুম্ভ ৰাশিঃ এই ৰাশিৰ কেৰিয়াৰ ভাল হ’ব। প্ৰতিষ্ঠা লাভ কৰিব। পৰিশ্ৰমে ফল লৈ আহিব। বিশিষ্ট লোকসকৰ সমৰ্থন লাভ কৰাৰ সম্ভাৱনা। চাকৰিত পদোন্নতি লাভৰ সম্ভাৱনা। দায়িত্ব বাঢ়িব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হব। মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ উন্নতি।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় বিশ্বাস তথা মান্যতাৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ সুৰাপান নকৰা লোকসকলৰ কিয় ফেটি লিভাৰ হয়? জানক ৫টা কাৰণ…

শীতকালত সম্ভাব্য কিডনী সংক্ৰমণ কেনেকৈ ৰোধ কৰিব ? ৪ টা টিপছ জানক
আপোনাৰো আছে নেকি উচ্চ ৰক্তচাপৰ সমস্যা? পুৱা গঢ়ি তোলক এনে অভ্যাস, পাব সকাহ
প্ৰতিদিনে ৰাতিপুৱা এমুঠি তিয়াই থোৱা বুট খালে কি কি উপকাৰ হয়? জানক...
শীতকালত মাইগ্ৰেইনৰ পৰা কেনেকৈ বাছি থাকিব ? ৭ টা টিপছ...
জুবিন গাৰ্গৰ গীতক লৈ বিধানসভাত বিতৰ্ক...
জুবিন গাৰ্গক হত্যা কৰা হৈছিল: মুখ্যমন্ত্ৰী
বিৰোধীক কটাক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ...
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ন্যায়াধীশ সূৰ্য কান্তৰ