আপোনাৰ ৰাশি কি? এই ৫ ৰাশিৰ লোকৰ অতি সহজেই উঠে খং…

কিছুমান মানুহ স্বভাৱত খিংখিঙীয়া হয়। সৰু সৰু কথাতে খং উঠে। জ্যোতিষ শাস্ত্ৰ অনুসৰি, কিছুমান ৰাশিৰ লোক আছে যাৰ সহজতে খং উঠে। গতিকে জানো আহক এই ৰাশি কেইটা কি কি।

আপোনাৰ ৰাশি কি? এই ৫ ৰাশিৰ লোকৰ অতি সহজেই উঠে খং...

খং

Published: 

23 Jul 2025 | 10:20 PM

বহু মানুহৰ অতি সহজতে খং উঠা দেখা যায়। জ্যোতিষ শাস্ত্ৰত আমাৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ থাকে। জ্যোতিষ শাস্ত্ৰ মতে, ১২ টা ৰাশিৰ সুকীয়া বৈশিষ্ট থাকে যাৰ বাবে প্ৰতিজন মানুহৰ মাজত পাৰ্থক্য থাকে। কিন্তু ৫ টা এনে ৰাশি আছে যিয়ে সোনকালে বিৰক্ত বা উত্তেজিত হৈ খং কৰে। এই ৰাশিকেইটা কি কি, ইয়াৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশি

মেষ ৰাশি মংগল ৰাশি। মংগল গ্ৰহ এটা অগ্নিময় গ্ৰহ। এনে ক্ষেত্ৰত এই ৰাশিৰ লোকৰ শক্তি আৰু উৎসাহ বেলেগ পৰ্যায়ৰ হয়। এনে ৰাশিৰ লোকে কামবোৰ দ্ৰুতগতিত হোৱা ভাল পায়। তেনেস্থলত এই ৰাশিৰ লোকসকলে কামবোৰ সোনকালে সমাপ্ত কৰিব বিচাৰে। এই ৰাশিৰ লোকে লেহেমীয়া কৰা বা লাহে লাহে আৰু জিৰণি লৈ কাম সম্পূৰ্ণ কৰা লোকৰ প্ৰতি বিৰক্ত হয়। মেষ ৰাশিৰ লোকে নিজৰ ইচ্ছামতে কাম কৰি ভাল পায়। ইচ্ছা অনুসৰি কাম নকৰিলে ক্ষোভিত হৈ পৰে।

বৃষ ৰাশি

বৃষ ৰাশিৰ মানুহ স্বভাৱতে জেদী। তেওঁলোকৰ ৰুটিন আৰু নিজৰ ধৰণটো বৰ ভাল লাগে। তেওঁলোকে কাৰো বাবে এই ৰুটিন সলনি নকৰে। যদি পৰিৱৰ্তন হয়, তেন্তে এই ৰাশিৰ লোকৰ খং উঠে। বৃষ ৰাশিৰ মানুহে নিজৰ সুবিধা অনুসৰি কামৰ পৰিকল্পনা কৰে।

মিথুন

মিথুন ৰাশিৰ লোকে নিজৰ কথা ক’বলৈ ভাল পায়। কিন্তু তেওঁলোকে যদি উপলব্ধি কৰে যে মানুহে তেওঁলোকৰ প্ৰতি গুৰুত্ব দিয়া নাই তেন্তে এই ৰাশিৰ লোকৰ খং উঠে। এই লোকসকলক কোনোবাই আওকান কৰা ভাল নাপায়।

কন্যা ৰাশি

কন্যা ৰাশিৰ লোকে সকলো কথাৰ সবিশেষৰ প্ৰতি গুৰুত্ব দিয়ে। সেইবাবেই এই ৰাশিৰ মানুহক নিখুঁততাবাদী বুলি কোৱা হয়। প্ৰতিটো কাম সঠিকভাৱে কৰি ভাল পায়। কামত সমস্যা আহিলে এই ৰাশিৰ লোকে ভাল নাপায়। সেইবাবেই এই ৰাশিৰ মানুহবোৰ বেয়া বা অসংগঠিত বস্তু দেখি খং কৰে।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশি হৈছে মংগল গ্ৰহৰ ৰাশি। মংগল গ্ৰহ এক অগ্নিময় গ্ৰহ। এনে অৱস্থাত এই ৰাশিৰ লোকে আবেগ আৰু শক্তিৰে ভৰপূৰ। এই ৰাশিৰ লোকে প্ৰতিটো কাম আবেগেৰে কৰিব বিচাৰে। কোনোবাই যদি ভুৱা বা অসৎ হয়, তেন্তে এই মানুহবোৰ খং উঠে।

 

(Disclaimer: ওপৰোক্ত লেখাটো ধৰ্মীয় বিশ্বাস তথা মান্যতাৰ ওপৰত নিৰ্ভৰ কৰি লিখা হৈছে। ইয়াৰ সত্যাসত্য TV9 অসমে বিচাৰ নকৰে।)

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ এখন গাঁও! য’ত নলয় হনুমানৰ নাম, আনকি পূজা কৰাও নিষিদ্ধ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...